গুৱাহাটীঃ ৰাজ্যৰ সামগ্ৰিক উন্নয়নৰ দাবীলৈ ভাৰতীয় কমিউনিষ্ট পাৰ্টীৰ অসম ৰাজ্য পৰিষদৰ পোন্ধৰ দফীয়া 'দাবী চনদ' প্ৰেৰণ দেশৰ প্ৰধানমন্ত্ৰীলৈ। 

গুৱাহাটীৰ মহানগৰ জিলা উপায়ুক্তৰ জৰিয়তে প্ৰেৰণ কৰাৰ এই দাবী চনদত আছে মূল্যবৃদ্ধি ৰোধ কৰা, খাদ্য সুৰক্ষাৰ নিশ্চিত কৰা, নাৰী নিৰ্যাতন ৰোধ কৰা, আলফা সমস্যা চৰ্তহীনভাৱে আলোচনা আৰু সমাধান কৰা, নিবনুৱা সমস্যা সমাধান কৰা আদি বিভিন্ন দাবী।

ভাৰতীয় কমিউনিষ্ট পাৰ্টীৰ অসম ৰাজ্য পৰিষদৰ সদস্য সকলে সোমবাৰে দিনৰ ১১.৩০ বজাত গুৱাহাটী ক্লাবৰপৰা উপায়ুক্ত কাৰ্যলয়লৈকে সমদল উলিয়াই উপায়ুক্তক দাবী চনদ প্ৰদান কৰে।

উল্লেখ্য যে, এই দাবী চনদ প্ৰদান কাৰ্যসূচীত অংশগ্ৰহণ কৰে প্ৰায় দুই শতাধিক সদস্যই। এই "দাবী চনদ" প্ৰদান কাৰ্যসূচীত অংশগ্ৰহণ কৰে চি পি আই অসম ৰাজ্য পৰিষদৰ সম্পাদক মুনিন মহন্ত প্ৰমুখ্যে ভালে সংখ্যক নেতৃস্থানীয় ব্যক্তি।