ডিজিটেল ডেস্কঃ গৰম গৰম চিংৰা দেশৰ সৰহভাগ লোকৰে অন্যতম প্ৰিয় খাদ্য। সোৱাদযুক্ত এইবিধ আহাৰৰ বাবেই বিখ্যাত অসমৰো বিভিন্ন ঠাইৰ হোটেল।

তদুপৰি চলন্ত ৰেলতো প্ৰায়ে দেখা যায় গৰমা গৰম চামোচাৰ যাত্ৰীৰ হেতা-ওপৰা। মুঠতে পেটত আলু ভৰাই থোৱা চিংৰাৰ মহিমাৰ অন্ত নাই।

ৰসগোল্লাৰ ৰসত তিয়াই চিংৰা খোৱাৰ প্ৰতিযোগিতাত নমা লোকৰ সংখ্যাও কম নহয়। বাজী ধৰি চিংৰা উদৰস্থ কৰা লোকক প্ৰায়ে দেখা যায় বিভিন্ন হোটেলত।

পিছে যিমানেই চিংৰাপ্ৰিয় নহওক কিয়, কোনেও খাই শেষ কৰিব নোৱাৰিব ইংলেণ্ডৰ এটা মছজিদৰ কাৰিকৰে তৈয়াৰ কৰা এটা চিংৰা। লণ্ডনৰ মছজিদটোৰ ৰান্ধনীয়ে তৈয়াৰ কৰা চামোচাটোৰ ওজন ১৫৩.১ কিলোগ্ৰাম।

এইটোৱেই হৈছে পৃথিৱীত এতিয়ালৈকে তৈয়াৰ কৰা সবাটোকৈ ডাঙৰ চিংৰা। আকৃতি আৰু ওজনৰ বাবে চিংৰাটোৰ বিষয়ে গিনিজ বুকত তথ্য সন্নিৱিষ্ট কৰা হব।