ডিজিটেল ডেস্কঃ বিহাৰৰ ২ বিধান সভা সমষ্টি আৰু ১টা লোক সভা সমষ্টিত অনুষ্ঠিত হোৱা উপ-নিৰ্বাচনত জাহানাবাদ বিধান সভা সমষ্টিত আৰজেডিৰ সুদয় যাদৱ আৰু আৰৰিয়া লোক সভা সমষ্টিত আৰজেডিৰ চৰফৰাজ আলম বিজয়ী হয়। ভবুৱা বিধান সভা সমষ্টিত বিজেপিৰ প্ৰৰ্থী ৰিংকী ৰাণী পাণ্ডে বিজয়ী হয়৷

লালু প্ৰসাদ যাদৱৰ দল আৰজেডিয়ে আৰৰিয়া লোক সভা সমষ্টি আৰু ভবুৱা সমষ্টি দখল কৰিবলৈ সক্ষম হয়। আৰৰিয়া লোক সভা সমষ্টিত আৰজেডিৰ প্ৰাৰ্থী চৰফৰাজ আলম ৫৭,৩৫৮টা ভোটৰ ব্যৱধানত বিজয়ী হয়। ফলাফল ঘোষণাৰ পিছৰে পৰা বিজেপি আৰু লালু প্ৰসাদৰ দলৰ মাজত টুইট যুদ্ধ আৰম্ভ হয়৷ লালু প্ৰসাদ যাদৱৰ পুত্ৰ তথা হিহাৰ বিধান সভাৰ বিৰোধী দলপতি তেজস্বী যাদৱৰ বিৰুদ্ধে তীব্ৰ আক্ৰমণ আৰম্ভ কৰে৷

তেজস্বী যাদৱক আক্ৰমণ কৰিবলৈ গৈ কেন্দ্ৰীয় মন্ত্ৰী গিৰিৰাজ সিঙে আহি থকা দিনত বিহাৰৰ আৰৰিয়া জিলা সন্ত্ৰাসবাদীৰ ঘাটি হ’ব বুলি কৈ কেৱল বিহাৰৰ বাবেই নহয় সমগ্ৰ দেশৰ বাবে এয়া বিপজ্জনক বুলি কয়৷

ৰাজনৈতিক আকাংক্ষা পূৰণ কৰাৰ বাবে আৰজিডিয়ে কট্টৰবাদৰ নতুন সংস্কৃতি জন্ম দিয়া বুলি কয়৷ নেপাল আৰু বেংগলৰ সৈতে সংপৃক্ত হৈ থকা আৰৰিয়া জিলা বিহাৰৰ বাবেই নহয় দেশৰ বাবে ভয়াবহ বুলি কৈ সন্ত্ৰাসবাদীৰ ঘাটি হ’ব বুলি কয় মন্ত্ৰীগৰাকীয়ে৷

বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তেজস্বী যাদৱে টুইট কৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় ‘‘গিৰিৰাজ সিঙৰ দৰে নেতাৰ মন্তব্যত গডছেৰ সমৰ্থক নীতিশ কুমাৰে এন্ধাৰত নহয় মুকলিকৈ মিঠাই বিতৰণ কৰে৷ তেজস্বীৰ প্ৰতি বেয়া ভাব আছিল কিয়নো গিৰিৰাজ পুৰনি বন্ধ আছিল৷

কেন্দ্ৰীয় মন্ত্ৰী গিৰিৰাজ সিঙে এই মন্তব্য প্ৰকাশ কৰাৰ পিছতেই ক্ষোভিত হৈ পৰে লালুৰ পত্নী ৰাবৰী দেৱী৷ গিৰিৰাজ সিঙক মন্ত্ৰীত্বৰ পৰা বৰ্খাস্ত কৰাৰ দাবী জনায়৷ 
প্ৰক্তন মুখ্যমন্ত্ৰী জিতেন ৰাম মাঝিয়ে গিৰিৰাজ সিঙে সম্প্ৰীতি বিনষ্ট কৰিব বিচৰা বুলি কয়৷ তেওঁৰ এয়াই চিন্তা৷ ভুল মন্তব্য কৰিছে গিৰিৰাজে৷ জেডিইউৰ নেতা নীৰজ কুমাৰে কয়, সন্ত্ৰাসবাদ আৰু নক্সালবাদক ৰাজনৈতিক চশমাৰে নাচাও৷