গুৱাহাটীঃ আৰক্ষীৰ পৰা হাত সাৰি যোৱাৰ সকলো বাট হেৰুৱাই অৱশেষত ৰাজনৈতিক প্ৰভাৱশালী ACS বিষয়া ৰেল ৰাজ্য মন্ত্ৰী ৰাজেন গোহাঁইৰ আত্মীয় সুনয়না আইদেৱে বিশেষ আদালতত আত্মসমৰ্পণ কৰে শুকুৰবাৰে৷ বিশেষ আদালতত আত্মসমৰ্পণ কৰাৰ পিছতে তেওক আৰক্ষীয়ে আদালত চৌহদত আটক কৰে৷ আনহাতে বিশেষ আদালতত আত্মসমৰ্পণ কৰে আন এগৰাকী ACS বিষয়া প্ৰাক্তন মন্ত্ৰী সুমিত্ৰা পাটিৰৰ আত্মীয় গীতালি দলেয়ে৷

গীতালি দলেকো আৰক্ষীয়ে আদালত চৌহদত আটক কৰে৷ যোৱা তিনিদিন ধৰি পলায়ণ কৰি আছিল ৫গৰাকী ACS-APS বিষয়াই৷ ইয়াৰে কমল দেৱনাথ, জ্যোতিৰ্ময় অধিকাৰীয়ে বৃহস্পতিবাৰে আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে৷ এতিয়াও বহু বিতৰ্কিত প্ৰাক্তন মন্ত্ৰী নীলমনিসেন ডেকাৰ পুত্ৰ ৰাজৰ্ষি ডেকা সহিতে কেইবাজনো ACS-APS বিষয়া আত্মগোপন কৰি আছে৷ সুনয়না আইদেউ আৰু গীতালী দলে সহিতে ২০ গৰাকী ACS-APS আৰক্ষীৰ জালত পৰিল৷

ACS-APSৰ পৰা নাম কটা যোৱা ৰাজপত্ৰিত বিষয়াই এতিয়া আৰক্ষী থানাৰ লক আপত দিন কটাব লগা হৈছে৷ লাখ লাখ টকা দি চাকৰি লোৱা ২০ গৰাকী ৰাজপত্ৰিত বিষয়াক ডিব্ৰুগড় আৰক্ষী আৰু অসম আৰক্ষীৰ বিশেষ শাখাই ইতিমধ্যে জালত পেলাবলৈ সক্ষম হৈছে যদিও ৰাজনৈতিক প্ৰভাৱশালী প্ৰাক্তন মন্ত্ৰী কংগ্ৰেছ নেতা নীলমনি সেন ডেকাৰ পুত্ৰ ৰাজৰ্ষিসেন ডেকাক এতিয়ালৈ আৰক্ষীয়ে জালত পেলাবলৈ সক্ষম হোৱা নাই৷

অভিযানৰ উমান পায় আত্মগোপন কৰা ধেমাজিৰ ৰাজহ চক্ৰ বিষয়া বৃহস্পতিবাৰে কমল দেৱনাথে খোদ কাহিলীপাৰালৈ আহি আত্মসমাৰ্পণ কৰে৷ যোৱা মঙলবাৰৰ নিশাৰ পৰা ডিব্ৰুগড় আৰক্ষী আৰু অসম আৰক্ষীৰ বিশেষ শাখাই অভিযান চলাই আগমনিৰ চক্ৰ বিষয়া হিমাংশু চৌধুৰী, হামৰেনৰ নিৰ্বাচনী বিষয়া দেৱজিত্‍ বৰা, লখিমপুৰৰ চক্ৰ বিষয়া অনিৰুদ্ধ ৰয়, এপিবিএনৰ উপ-কমাণ্ডেণ্ট ছাব্বিৰা ইমৰান-জয়ন্ত কুমাৰ নাথ, এপিএছ হৰ্ষজ্যোতি বৰা, যোৰহাটত আৰক্ষী বিষয়া হিচাপে কৰ্মৰত হেমন্ত শইকীয়া, কৰিমগঞ্জত এগৰাকী বিষয়া হিচাপে কাৰ্য নিৰ্বাহ কৰি থকা সুদীপ্তা ভট্টাচাৰ্য, ACS অমৰজিত্‍ দাস, দীপক খনিকৰ, পল্লৱী শৰ্মা, APS দিলীপ কলিতা, ৰাজু চাহা, APS যতীন্দ্ৰ কুমাৰ বৰুৱা, কুণাল দাস, দৈথুন বৰগয়াৰী, কমল দেৱনাথ, জ্যোতিৰ্ময় অধিকাৰী, সুনয়না আইদেউ, গীতালী দলে সহিতে ২০গৰাকী ACS-APSক আটক কৰিবলৈ সক্ষম হয় অসম আৰক্ষী৷

আৰক্ষীৰ অভিযানৰ উমান লাভ কৰি ৰাজনৈতিক প্ৰভাৱশলী ৰাজৰ্ষি ডেকাই পলায়ণ কৰে৷ আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে যদিও এতিয়ালৈ গ্ৰেপ্তাৰ কৰিব পৰা নাই ডেকাক৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ চৰকাৰে সাহসী পদক্ষেপ গ্ৰহণ কৰি এই সকল বিষয়াক গ্ৰেপ্তাৰ কৰে যদিও ৰাজৰ্ষিক গ্ৰেপ্তাৰ কৰিব নোৱাৰা বিষয়টোৱে চৰ্চা হ’বলৈ ধৰিছে৷ ২০গৰাকী ACS-APSক ধৰা পৰিল যদিও ৰাজৰ্ষি ক’ত হেৰাল তাক লৈ প্ৰশ্ন উত্থাপন হৈছে৷ প্ৰাক্তন কংগ্ৰেছৰ মন্ত্ৰী নিলমনি সেন ডেকাৰ পুত্ৰ তথা সীমান্ত শাখাৰ ডিএছপি ৰাজৰ্ষি সেন ডেকা অভিযানৰ উমান লাভ কৰি আত্মগোপন কৰিছিল যদিও পিছত কমল দেৱনাথ, জ্যোৰ্তিময় অধিকাৰী, গীতালী দলে, সুনয়না আইদেৱে আত্মসমাৰ্পণ কৰে৷

ৰাজ্য কপোৱা অসম লোকসেৱা আয়োগৰ চাকৰি কেলেংকাৰি নতুন মোৰ লোৱাত তথা অসম চৰকাৰৰ এনে পদক্ষেপক শলাগ লয় ৰাজ্যবাসীয়ে৷ মঙলবাৰৰ নিশাৰে পৰা সমগ্ৰ অসমত অসম আৰক্ষীৰ বিশেষ শাখা আৰু ডিব্ৰুগড় আৰক্ষীয়ে অভিযান চলাৱোৰ পিছতে ধুমুহাৰ সৃষ্টি হৈছিল ৰাজ্যত৷ ৰাজ্যৰ কেইবাখনো জিলাত বিভিন্ন বিভাগত কাৰ্যনিৰ্বাহ কৰি থকা ১৭গৰাকী ACS-APSক গ্ৰেপ্তাৰ কৰাৰ ঘটনাই ৰাজ্যত চাঞ্চল্য অব্যাহত আছে৷ জানিব পৰা মতে, অসম আৰক্ষীৰ বিশেষ শাখাৰ এটি দলে এই অভিযানৰ নেতৃত্ব লয়৷

অসম লোকসেৱা আয়োগৰ বহু বিতৰ্কিত তথা চাকৰি কেলেংকাৰীৰ নায়ক ৰাকেশ পালৰ সময়ত জালিয়াতিৰে চাকৰি লোৱাৰ অভিযোগ উত্থাপন হৈছিল এই সকল বিষয়াৰ বিৰুদ্ধে৷ অসম লোকসেৱা আয়োগত দুৰ্নীতিৰ অভিযোগত অধ্যক্ষ ৰাকেশ পাল আৰু সদস্যদ্বয় ড০ ছামেদুৰ ৰহমান, বসন্ত দলে অভিযুক্ত হৈ ৰঙাঘৰৰ আলহী হ’ব লগা হয়। তেওঁলোকৰ বিৰুদ্ধে আছে পৰ্বতসম দুৰ্নীতিৰে লাখ লাখ টকা লৈ চাকৰি দিয়াৰ মুকলি অভিযোগ। জেলৰ ভাত খোৱা ৰাকেশ পাল আৰু সদস্যদ্বয় ড০ ছামেদুৰ ৰহমান, বসন্ত দলে হতে লাখ লাখ টকা লৈ আয়োগে অনুষ্ঠিত কৰা পৰীক্ষাৰ কেলেংকাৰী সংঘটিত কৰিছিল৷

তাৰ পিছতে বিজেপি চৰকাৰে সক্ৰিয় হৈ পৰিছিল এই কেলেংকাৰীৰ বিৰুদ্ধে৷ উত্তৰ বহীৰ তদন্ত কৰাৰ লগতে উত্তৰ বহী ফৰেনছিক পৰীক্ষা কৰে তদন্তকাৰী সংস্থাই৷ ডিব্ৰুগড় জিলা আৰক্ষী আৰু অসম আৰক্ষীৰ বিশেষ শাখাই অসম লোকসেৱা আয়োগৰ পৰীক্ষাৰ বহীৰ হস্তাক্ষৰৰ ফৰেনছিক প্ৰতিবেদন লাভ কৰাৰ পিছতে সক্ৰিয় হৈ পৰে৷ তাৰ মাজতে ২৫গৰাকী ACS-APS-এ এনেদেৰ পৰীক্ষা উত্তীৰ্ণ হোৱাৰ তথ্য লাভ কৰে আৰক্ষীয়ে৷ মঙলবাৰে নিশা সমগ্ৰ অসমত ডিব্ৰুগড় আৰক্ষী আৰু বিশেষ শাখাৰ এটি দলে ACS-APS বিষয়াক আটক কৰি গুৱাহাটীৰ কাহিলীপাৰাৰ এছবিৰ কাৰ্যালয়লৈ আনে৷ বুধবাৰে তেওলোকক আদালতত হাজিৰ কৰোৱাত আদালতে তেওলোকক ১৪ দিনৰ আৰক্ষীৰ জিম্মাত দিয়ে৷ শেহতীয়া ভাবো ২৫ জনকৈ ACS-APS বিষয়াৰ বিৰুদ্ধে জালিয়াতিৰে পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ একপ্ৰকাৰ প্ৰমাণ হয়৷