ডিজিটেল ডেস্কঃ আপোনাৰ একান্ত বিশ্বাসী জিমেইলে কঢ়িয়াই আনিব পাৰে বিপদ৷ হেকাৰে জিমেইলেৰে হেক কৰি বিপদত পেলাব আপোনাক।

হেকাৰে ইউচাৰ্জসৰ কন্টেক্ত লিষ্টত থকা কন্টেক্তৰ পৰা গুগুল ড’কত জইন কৰিবলৈ পঠিয়াব এক ৰিকুৱেষ্ট৷ এই লিংকটো ক্লিক কৰিলেই হেক হ’ব ইউজাৰ্চৰ একাউন্ট৷ কেইদিনমান আগতেই সমগ্ৰ বিশ্বতে একেলগে সহাস্ৰাধিক লোকৰ হেক হৈছিল জিমেইল একাউন্ট৷

বিবিচিৰ আগত দিয়া এক সাক্ষাতকাৰত গুগুলে প্ৰকাশ কৰিছিল যে ১ঘন্টাৰ ভিতৰত হেক হৈছিল একাউন্টসমুহ৷ উল্লেখযোগ্য জিমেইলৰ লগতে বিভিন্ন ধৰণৰ চ’ছিয়েল মিডিয়াৰ একাউন্টসমুহৰ লগত সংযুক্ত হৈ থাকে৷