গুৱাহাটীঃ কলিকতাৰ এনআৰএছ মেডিকেল কলেজ হাস্পিতালৰ কনিষ্ঠ চিকিৎসকক নিগ্ৰহৰ ঘটনাৰ প্ৰতিবাদত আজি স্তবদ্ধ হ’ল দেশৰ চিকিৎসা সেৱা। অখিল ভাৰতীয় চিকিৎসা সেৱা সন্থাৰ আহ্বানত আজি সমগ্ৰ দেশৰ লগতে অসমতো পালন কৰা হৈছে প্ৰতিবাদী কাৰ্যসূচী। 

গুৱাহাটীৰ মেডিকেল কলেজ হাস্পতালতো কনিষ্ঠ চিকিৎসক সন্থাই আজি পুৱা ৮ বজাৰ পৰা দিনৰ ২ বজালৈকে গ্ৰহণ কৰে প্ৰতিবাদী কাৰ্যসূচী।উক্ত প্ৰতিবাদী কাৰ্যসূচীত কনিষ্ঠ চিকিৎসক সকলৰ উপৰিও অংশগ্ৰহণ কৰে মেডিকেল কলেজ খনৰ শিক্ষক সন্থাইয়ো। উল্লেখযোগ্য যে আজি ৰাতিপুৱাৰ পৰা গ্ৰহণ কৰা এই প্ৰতিবাদী কাৰ্যসূচীৰ ফলত আজি মেডিকেল কলেজ হাস্পতালখনত বন্ধ হৈ পৰে অ'পিডি সেৱা।ইয়াৰ উপৰিও চিকিৎসক সকলৰ প্ৰতিবাদৰ ফলত কেৱল মাত্ৰ জৰুৰীকালীন সেৱা বাহিৰে বন্ধ থাকে বহিঃবিভাগৰ সকলো সেৱা। আজি এই প্ৰতিবাদী কাৰ্যসূচীত মেডিকেল কলেজখনৰ প্ৰায় তিনিশৰো অধিক চিকিৎসকে অংশগ্ৰহণ কৰে। তাৰ ভিতৰত জ্যেষ্ঠ চিকিৎসক সংস্থা আৰু চিকিৎসা বিজ্ঞানৰ ছাত্ৰ-ছাত্ৰী সকলেও অংশগ্ৰহণ কৰে।

আনহাতে মেডিকেল কলেজ খনৰ শিক্ষক সন্থাৰ সভানেত্ৰী আৰতি ডেকাই জানিবলৈ দিয়া অনুসৰি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিলেও যাতে চিকিৎসাধীন হৈ থকা ৰোগী আৰু জৰুৰীকালীন ৰোগী সকলৰ যাতে কোনো অসুবিধা নহয় তাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰাৰ বুলি। লগতে তেওঁ দাবী জনায় চিকিৎসক সকলৰ সুৰক্ষাৰ বাবে এখন আইন প্ৰণয়ন কৰিব লাগে। আৰু সেই আইন সমগ্ৰ দেশজুৰি কাৰ্যকৰি কৰিব লাগে।