গোৱালপাৰাঃ কৰ’না ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰিবলৈ অব্যাহত থকা ৰাষ্ট্ৰজোৰা লকডাউনত যাতে কোনো লোকে ভোকত থাকিব নালাগে তাৰ বাবে ৰেচন কাৰ্ড নথকা অথচ এই সময়ছোৱাত বিপদাপন্ন হৈ পৰা লোকসকলকো খাদ্য সামগ্ৰী বিতৰণৰ কথা ঘোষণা কৰিছিল কেন্দ্ৰ চৰকাৰে। এই অনুযায়ী অসমৰ গোৱালপাৰা জিলাতো ৰেচড কাৰ্ড নথকা লোকসকলৰ মাজত বিতৰণ কৰা হৈছে বিনামূলীয়া চাউল।

এই বিনামূলীয়া চাউল বিতৰণত গোৱালপাৰা চহৰৰ বিভিন্ন ৱাৰ্ডত অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হোৱাৰ বাতৰি পোৱা গৈছে। অভিযোগ উত্থাপিত হৈছে একাংশ ৱাৰ্ড কমিছনাৰৰ বিৰুদ্ধে। 

অভিযোগকাৰী একাংশ লোকৰ মতে ৰেচন কাৰ্ড নথকা পৰিয়ালৰ বাবে ৫ কিলোগ্ৰামকৈ চাউল চৰকাৰে বিতৰণ কৰিবলৈ কৈছে যদিও ইয়াৰ সৈতে জড়িতসকলে ভালদৰে ওজন নকৰাকৈয়ে সেয়া বিতৰণ কৰিছে। ৱাৰ্ড কমিছনাৰসকলে মুনাফা লাভৰ স্বাৰ্থত বহু হিতাধিকাৰীক অনুমান কৰিয়েই চাউল বিতৰণ কৰা বুলিও বিভিন্ন ৱাৰ্ডৰ লোকসকলে আলোচনা কৰা দেখা গৈছে। 

ইয়াৰ মাজতে মঙলবাৰে ৰেচন কাৰ্ড নথকা দুখীয়া পৰিয়ালৰ মাজত ৫ কিলোগ্ৰামকৈ চাউল সঠিকভাৱে তুলাচনীৰে জুখি জুখি বিতৰণ কৰা আৰু নিজেই উপস্থিত থাকি বিতৰণৰ তদাৰক কৰা পৰিলক্ষিত হয় গোৱালপাৰা পৌৰসভাৰ ১৬ নং ৱাৰ্ডৰ ৱাৰ্ড কমিছনাৰ গায়ত্ৰী নাথক। ৱাৰ্ড কমিছনাৰগৰাকীয়ে এনেদৰে তুলাচনীৰে জুখি চাউল বিতৰণ কৰাত অভিযোগৰ মাজতে হিতাধিকাৰীসকলে কিছু সন্তুষ্টি ব্যক্ত কৰিছে।

উল্লেখ্য যে, কেইদিনমান আগতে চাউল বিতৰণক লৈ গায়ত্ৰী নাথৰ বিৰুদ্ধে জিলা প্ৰশাসনৰ ওচৰত অভিযোগ দাখিল কৰা বুলি জানিব পৰা গৈছে। NNOৰ তৰফৰ পৰা ৱাৰ্ড কমিছনাৰগৰাকীৰ সৈতে যোগাযোগ কৰাত তেওঁ কয়, 'এই অভিযোগ ভিত্তীহীন। ইয়াৰ কোনো সত্যতা নাই। এচামে ৰাজনৈতিক মুনাফা লাভৰ বাবে আমাৰ বিৰুদ্ধে কু-চক্ৰান্ত ৰচিছে।’