গোলাঘাটঃ সদ্য়সমাপ্ত পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত ঘৃণিতভাৱে ৰাজনৈতিক বোকা ছটিওৱা দুই মিত্ৰ দল অসম গণ পৰিষদ আৰু বি জে পিৰ মাজৰ মিত্ৰতা ভংগ হোৱাৰ দিশত আগ বাঢ়িছে।  

সোমবাৰে অ গ পৰ সভাপতি অতুল বৰাই গোলাঘাটত এক সংবাদমেলত প্ৰকাশ কৰে যে দলটোৰ প্ৰতিবাদ স্বত্ত্বেও বি জে পিয়ে নাগৰিকত্ব সংশোধনী বিধেয়ক সংসদত উত্থাপন কৰিলে আৰু ইয়াক গৃহীত কৰাৰ চেষ্টা কৰি আছে। সেয়ে অ গ পই বি জে পিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহলৈ দলৰ স্থিতি স্পষ্ট কৰি এক পত্ৰ প্ৰেৰণ কৰিছে। 

উল্লেখ্য় যে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে অসমত প্ৰৱল বিৰোধিতা হৈ থকাৰ সময়ত দলটোৱে বি জে পিৰ লগত মিত্ৰতা ভংগ কৰি চৰকাৰৰপৰা ওলাই আহিব লাগে বুলি দলৰ ভিতৰৰ লগতে বাহিৰৰপৰাও নেতৃত্বই হেঁচা পাই আহিছিল। ইয়াৰ পাছতে দলে নিজৰ স্থিতি পুনৰ মিত্ৰ দলৰ নেতৃত্বলৈ প্ৰেৰণ কৰাৰ সিদ্ধান্ত লয়।

এই বিধেয়ক গৃহীত হ'লে কোনো কাৰণতে মিত্ৰতাত নাথাকে বুলি অ গ পই জনাই দিছে বি জে পিক।