গোলাঘাটঃ গোলাঘাটৰ হাবিয়ালৰ ভোটগ্ৰহন কেন্দ্ৰত আৰক্ষী আৰু ভোটাৰক দা আৰু লোৰ ৰডেৰে আক্ৰমণ কৰিবলৈ যোৱা ব্যক্তি এজনৰ গোলাঘাটৰ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত মৃত্যু হয়।

স্থানীয় তথ্য অনুসৰি ভোটাৰ ৰাইজ আৰু আৰক্ষীৰ সুৰক্ষাৰ বাবে আক্ৰমণকাৰী জ্ঞানেন্দ্ৰ ৰাজখোৱা নামৰ ব্যক্তি গৰাকীক আৰক্ষীয়ে ভৰিত গুলীয়াইছিল৷ উল্লেখযোগ্য যে লোৰ ৰডেৰে তিনি-চাৰিজন ভোট দিবলৈ যোৱা ব্যাক্তিক আক্ৰমন কৰাৰ পিচত আৰক্ষীয়ে আক্ৰমণকাৰী ৰাজখোৱাক আটক কৰিবলৈ চেষ্টা চলাওতেই ব্যক্তিজনে এখন দা ৰে আৰক্ষীক আক্ৰমণ কৰিবলৈ চেষ্টা কৰিছিল৷ তেতিয়া আৰক্ষীয়ে নিৰাপত্তাৰ বাবে আক্ৰমণকাৰী জ্ঞানেন্দ্ৰ ৰাজখোৱাৰ ভৰিত গুলি কৰে৷

পিচত আহত অৱস্থাত ব্যাক্তিগৰাকীক কুশল কোৱঁৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল আৰু তাতেই আহত ব্যক্তিজনৰ মৃত্যু হয়৷ ভৰিত গুলী লগা জ্ঞানেন্দ্ৰ ৰাজখোৱাৰ মৃত্যুৰ কাৰন প্ৰকৃততে এতিয়ালৈকে জানিব পৰা পোৱা নাই৷