নতুন দিল্লীঃ চন্দ্ৰত আমেৰিকাৰ মিছন এপল’ৰ ৫০ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে গুগলে বনাইছে আকৰ্ষণীয় ভিডিঅ’ Doodle। 

এই ডুডলত গুগলে এজন মহাকাশচাৰীক চন্দ্ৰত অৱতৰণ কৰা দেখুৱাইছে। ইয়াৰ লগতে এই ডুডলত এটা প্লে’ বুটাম দিয়া হৈছে, য’ত ক্লিক কৰিলে মিছন এপল’ৰ সমগ্ৰ ঘটনাক্ৰম জানিব পৰা গৈছে৷

১৯৬৯ চনৰ ১৬ জুলাইত চন্দ্ৰলৈ বুলি আমেৰিকাই মুকলি কৰিছিল এপল’ ১১। এপল’ ১১ মিছনৰ পৰিকল্পনা আছিল দুজন লোকক চন্দ্ৰলৈ পঠাই পুনৰ পৃথিৱীলৈ সুৰক্ষিতভাৱে উভতাই অনা৷

১৯৬৯ চনৰ ১৬ জুলাইৰ পুৱা ৮.৩২ বজাত চন্দ্ৰলৈ যাত্ৰা কৰিছিল এই মহাকাশ যান।

এই মহাকাশ যানখনত আছিল মিছন কমাণ্ডাৰ নীল আৰ্মষ্ট্ৰং, কমাণ্ড মডিউল পাইলট মাইকেল কলিন্স আৰু লুনাৰ মডিউল পাইলট এডৱিন ই এলড্ৰিন জুনিয়ৰ।

আমেৰিকান সময় অনুসৰি ১৯৬৯ চনৰ ২০ জুলাইৰ দুপৰীয়া ৩.১৭ বজাত চন্দ্ৰত অৱতৰণ কৰিছিল মানৱযুক্ত মহাকাশ যানখন। 

এয়া এপল’ ১১ চন্দ্ৰপৃষ্ঠত প্ৰথমটো মিছন আছিল। চন্দ্ৰৰ নমুনা সংগ্ৰহৰ উপৰি এপল’ ১১ৰ দলটোৱে চন্দ্ৰপৃষ্ঠত চলাইছিল কেইবাটাও পৰীক্ষা–নিৰীক্ষা।