বাণিজ্য প্ৰতিবেদনঃ বন্ধ হ’ব নেকি গুগল পে? শুকুৰবাৰে টুইটাৰত 'গুগল পে’ বিষয়ক তিনিটাকৈ হেছটেগে ট্ৰেণ্ডিং কৰাৰ পিছতে বহুতে ক’বলৈ আৰম্ভ কৰিছে যে ৰিজাৰ্ভ বেংক অব ইণ্ডিয়াই ভাৰতত 'গুগল পে’ নিষিদ্ধ কৰিছে। একাংশ লোকে গুগল পেই ভাৰতীয় আইন ভংগ কৰা বাবে আৰবিআইয়ে এনে সিদ্ধান্ত গ্ৰহণ কৰা বুলিও দাবী কৰা দেখা গৈছে।

বহুতে দাবী কৰাৰ দৰেকৈ সঁচাকৈয়ে গুগল পেৰ জৰিয়তে লেনদেন ভাৰতত বন্ধ হৈ পৰিছে নেকি? কিয় একাংশ লোকে এনে দাবী কৰিছে? টুইটাৰত কি কাৰণত গুগল পেৰ হেছটেগ ট্ৰেণ্ডিঙত আহিছে? সবিশেষ জানিবলৈ হ’লে কেইমিনিটমান খৰছ কৰি তলত থকা সবিশেষ পঢ়িব লাগিব।

উৰহীৰ ওৰ কি?

সংবাদ সংস্থা পিটিআইৰ উধৃতিৰে যোৱা ২০ জুনত একাধিক সংবাদ প্ৰতিষ্ঠানে গুগল পে বিষয়ক এটি বাতৰি সম্প্ৰচাৰ কৰিছিল। উক্ত বাতৰিটোত দিল্লী উচ্চ ন্যায়ালয়ে গুগল পে পেমেণ্ট ছিষ্টেম অপাৰেটৰ নহয় বুলি উল্লেখ কৰা কথাটো প্ৰকাশ পাইছিল। ২৬ জুন অৰ্থাৎ শুকুৰবাৰে হেছটেগ চলোৱা লোকসকলে টুইটাৰত উক্ত বাতৰিটোৰেই লিংক শ্বেয়াৰ কৰা দেখা গৈছে।

কিন্তু টুইটাৰত লোকসকলে যিধৰণে বাতৰিটো শ্বেয়াৰ কৰিছে তাৰ অৰ্থ পিছে সেইধৰণৰ নহয়। পিটিআইৰ বাতৰিটোত উল্লেখ আছিল যে ৰিজাৰ্ভ বেংকে দিল্লী উচ্চ ন্যায়ালয়ক গুগল পে এটা থাৰ্ড পাৰ্টী এপ প্ৰভাইডাৰ বুলি উল্লেখ কৰি এপবিধে কোনো পেমেণ্ট ছিষ্টেমক সঞ্চালন নকৰাৰ কথা জনাইছিল।

দিল্লী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি এন পেটেল আৰু ন্যায়াধীশ প্ৰতীক জালানৰ বিচাৰপীঠৰ আগত ৰিজাৰ্ভ বেংকে আৰু জনাইছিল যে গুগল পে নামৰ এপবিধে ২০০৭ চনৰ Payment and Settlement System Act ৰ কোনো বিধি উলংঘন কৰা নাই। গুগল পে নেশ্যনেল পেমেণ্টছ কৰ্প’ৰেশ্যন অব ইণ্ডিয়া (এনপিচিআই)ৰ স্বীকৃত লেনদেন পদ্ধতি পৰিচালনাৰ তালিকাত নথকাৰ কথাও আদালতক অৱগত কৰিছিল ৰিজাৰ্ভ বেংক কৰ্তৃপক্ষই।

কিয় আদালতৰ মজিয়া পালে গুগল পে?

বিত্তীয় বিশেষজ্ঞ অভিজিত মিশ্ৰই কিছুদিন পূৰ্বে দিল্লী উচ্চ ন্যায়ালয়ত দাখিল কৰা এক ৰাজহুৱা স্বাৰ্থজনিত আবেদনত অভিযোগ কৰিছিল যে গুগলৰ অনলাইন লেনদেন কৰিব পৰা এপ গুগল পে বা চমুকৈ জিপেই আৰবিআইৰ অনুমোদন অবিহনে ইউজাৰসকলক লেনদেনৰ সুবিধা প্ৰদান কৰি আহিছে। মিশ্ৰৰ উক্ত আবেদনৰ ভিত্তিত আদালতত উক্ত বিষয়সমূহ জনাইছিল ৰিজাৰ্ভ বেংকে।

পিআইএলত মিশ্ৰই গুগল পেই ২০০৭ চনৰ Payment and Settlement System Act উলংঘা কৰা বুলিও দাবী কৰিছে। ৰিজাৰ্ভ বেংকৰ তৰফৰ পৰা মতামত জনাৰ পিছত আন তৃতীয় পক্ষৰ এপক প্ৰভাৱিত কৰিব পাৰে বুলি সদৰী কৰি বিচাৰপীঠখনে বিষয়টোক লৈ আৰু শুনানিৰ প্ৰয়োজন আছে বুলি উল্লেখ কৰে। এই বিষয়টোক লৈ অহা ২২ জুলাইত পৰৱৰ্তী শুনানি গ্ৰহণ কৰা হ’ব বুলিও জনাই আদালতে।

এনেকৈয়ে ওলাল গুগল পে বন্ধ হোৱাৰ বাতৰি!

দিল্লী উচ্চ ন্যায়ালয়ৰ শুনানিৰ বাতৰি প্ৰকাশ পোৱাৰ পিছতে ছ’চিয়েল মিডিয়াত একাংশ লোকে বিষয়টোৰ গভীৰতালৈ নগৈ গুগল পে ৰিজাৰ্ভ বেংকে বন্ধ কৰা বুলি প্ৰচাৰ কৰিবলৈ আৰম্ভ কৰে। এনেকৈয়ে শুকুৰবাৰে গুগল পে বন্ধ হোৱাৰ খবৰে ট্ৰেণ্ড কৰিবলৈ লয়। ইয়াৰ পিছতে বিষয়টোক গুৰুত্বসহকাৰে লৈ গুগলৰ তৰফৰ পৰা প্ৰদান কৰা হয় স্পষ্টীকৰণ।

স্পষ্টীকৰণত ভাৰতৰ দায়িত্বত থকা গুগলৰ এগৰাকী শীৰ্ষ বিষয়াই কয়, 'ছ’চিয়েল মিডিয়াত একাংশ লোকে ৰিজাৰ্ভ বেংক অব ইণ্ডিয়াৰ বক্তব্যক ভুলকৈ উত্থাপন কৰি গুগল পেৰ বিৰুদ্ধে অপপ্ৰচাৰ চলোৱাতো আমাৰ দৃষ্টিগোচৰ হৈছে। গুগল পেই ভাৰতীয় আইন উলংঘা কৰা বুলি যি কথা শ্বেয়াৰ হৈছে সেয়া ভুল খবৰ। এনপিচিআইৰ ৱেবছাইট ভিজিট কৰিলেই প্ৰকৃত সত্য কি সেয়া জানিব পাৰিব।’

গুগলৰ বিষয়াজনে আৰু কৈছে, 'আৰবিআইয়ে আদালতৰ আগত গুগল পে এক থাৰ্ড পাৰ্টি এপ আৰু এপবিধে কোনোধৰণৰ পেমেণ্ট ছিষ্টেম সঞ্চালনা নকৰে বুলিহে জনাইছে। আৰবিআইয়ে গুগল পেই ২০০৭ চনৰ Payment and Settlement System Act ৰ কোনো বিধি উলংঘন কৰা নাই বুলিও আদালতত কৈছে। গতিকে এনেধৰণৰ উৰাবাতৰিত ভোল নাযাবলৈ আমি ইউজাৰসকলক আহ্বান জনাইছো।’

ইউজাৰক উদ্দেশ্যি গুগলৰ টুইট

পিটিআইত দিল্লী উচ্চ ন্যায়ালয়ৰ শুনানিৰ বাতৰিটো প্ৰকাশ পোৱাৰ পিছতে টুইটৰ জৰিয়তে ২৪ জুনত বিষয়টো স্পষ্ট কৰি দিছিল গুগলে। এটা টুইটত গুগলে কৈছে, 'Google পেৰ জৰিয়তে কৰা সকলো লেনদেন RBI আৰু NPCIৰ নীতি-নিয়মৰ দ্বাৰা নিৰ্ধাৰিত প্ৰক্ৰিয়াৰ জৰিয়তে সম্পূৰ্ণৰূপে সুৰক্ষিত। ইউজাৰসকলে গুগল পে কাষ্টমাৰ কেয়াৰৰ জৰিয়তে যিকোনো সহায়তাৰ বাবে সপ্তাহৰ সাতটা দিনতে ২৪ ঘণ্টাই যোগাযোগ কৰিব পাৰে।’

আন এটা টুইটত গুগলে বিষয়টো আৰু সহজকৈ বৰ্ণনা কৰা দেখা গৈছে। 'গুগল পেই সম্পূৰ্ণৰূপে ভাৰতীয় আইন মানি চলি কাম-কাজ সম্পন্ন কৰি আহিছে। আমি কেৱল পাৰ্টনাৰ বেংকৰ হৈ টেকন’লজি ছাৰ্ভিচ প্ৰভাইডাৰ হিচাপেহে কাম কৰি আহিছো যাতে UPIৰ মাধ্যমেৰে সহজতে লেনদেন কৰিব পৰা যায়। ভাৰতত UPI এপসমূহক 'থাৰ্ড পাৰ্টী এপ’ হিচাপে শ্ৰেণীৱদ্ধ কৰা হৈছে। এই এপসমূহ Payment Systems Operators হোৱাৰ প্ৰয়োজন নাই।’

আজি অৰ্থাৎ ২৬ জুনত গুগল পে টুইটাৰত ট্ৰেণ্ডিং হ’বলৈ ধৰাত পুনৰ উক্ত টুইটকেইটাক ৰি টুইট কৰি গুগলে ইউজাৰসকলক সকাহ দিবলৈ চেষ্টা চলোৱা দেখা গৈছে। গুগলৰ মতে গুগল পে সম্পূৰ্ণৰূপে সুৰক্ষিত। হোৱাটছএপত অহা ফৰৱাৰ্ড মেছেজ বা ফেচবুক-টুইটাৰত প্ৰচাৰ হোৱা উৰাবাতৰিত ভোল নাযাবলৈকো গুগলে ইউজাৰসকলক আহ্বান জনাইছে।