গোৰেশ্বৰঃ বাগসা জিলাৰ গোৰেশ্বৰ সমষ্টিৰ কাৰ্যবাহী সদস্য মহেশ্বৰ বসুমতাৰীয়ে যোৱা ১৮ ফেব্ৰুৱাৰীত গোৰেশ্বৰ গড়কাপ্তানি বিভাগৰ পৰিদর্শন বঙলা প্ৰাংগণত আয়োজিত এক জনসভাত অসম আন্দোলনৰ শ্বহীদক অপমানসূচক মন্তব্য কৰাৰ ঘটনাক তীব্ৰ সমালোচনা কৰিছে গোৰেশ্বৰ আঞ্চলিক ছাত্ৰ সন্থাই ।

আজি গোৰেশ্বৰ আছুৰ সভাপতি সম্পাদক ক্ৰমে ডিম্পল কলিতা আৰু দেৱজিৎ ৰাজবংশীয়ে সংবাদ মাধ্যমলৈ প্রেৰণ কৰা এক বিবৃতি যোগে জনাইছে যে অসম আন্দোলনত দেশ মাতৃৰ অস্তিত্ব ৰক্ষাৰ লগতে দেশৰ হকে প্ৰাণ বলিদান দিয়া শ্বহীদক লৈ যি মন্তব্য কৰিছে সেয়া গৰিহণা যোগ্য ।

অসম আন্দোলনৰ শ্বহীদক হত্যাকাৰী বুলি অভিহিত কৰা কাৰ্য অপমানসূচক আখ্যা দি বিবৃতিটোত আৰু কোৱা হৈছে যে অসম আন্দোলনৰ সম্যক জ্ঞান নথকা জনপ্ৰতিনিধি জনে জনসভাত কেৱল ভোট বেংকৰ কথা চিন্তা কৰি তেনেদৰে অসম আন্দোলনক লৈ এনে মন্তব্য কৰিছে।

'দেশ মাতৃৰ হকে নিজৰ ত্যাগ স্বীকাৰ কৰা সকলৰ সৈতে যে হত্যাকাৰী শব্দৰ ৰিজনি অপমানসূচক। অসম আন্দোলনত নিজৰ ত্যাগ স্বীকাৰ কৰা সকলক হত্যাকাৰী সজাই তেখেতে জাতীয় আন্দোলনটোকে তুলুঙা কৰিছে।'- বিবৃতিটোত এইদৰে কয় গোৰেশ্বৰ আঞ্চলিক ছাত্ৰ সন্থাই। 

এই সম্পৰ্কত বিচিটি চীফ হাগ্ৰামা মহিলাৰীকো দাবী জনোৱা হৈছে যে গোৰেশ্বৰ সমষ্টিৰ ইএম গৰাকীক ভবিষ্যতে এনে মন্তব্য কৰাৰ পৰা যাতে বিৰত থাকিবলৈ কোৱা হয়। ই এম মহেশ্বৰ বসুমতাৰীক তেওঁৰ এনে আপত্তি আৰু অপমানসূচক মন্তব্যৰ বাবে ক্ষমা বিচাৰিবলৈ আহ্বান জনাইছে গোৰেশ্বৰ ছাত্ৰ সন্থাই।