গোৰেশ্বৰঃ অবিভক্ত কামৰূপ জিলাৰ ঐতিহ্যমণ্ডিত গোৰেশ্বৰ অঞ্চলক ৰাজ্যৰ প্ৰতিখন চৰকাৰে বঞ্চিত কৰাৰ অভিযোগ উত্থাপন হৈ আহিছে৷ 

বিটিএডিৰ গোৰেশ্বৰ পৰিষদীয় সমষ্টিৰ তথা ৰঙিয়া বিধান সভা সমষ্টি আৰু মঙলদৈ লোকসভা সমষ্টিৰ গোৰেশ্বৰীয়া ৰাইজ বছৰ বছৰ ধৰি লাঞ্চিত-বঞ্চিত৷ এক ৰক্তাক্ত ইতিহাসৰ মাজেৰে পাৰ হৈ অহা গোৰেশ্বৰীয়া ৰাইজে কলা, সংস্কৃতি, বাণিজ্য, ক্ৰীড়াৰ ক্ষেত্ৰৰ লগতে বিভিন্ন দিশত সদায় অৱদান আগবঢ়াই আহিছে৷

কিন্তু ঐতিহাসিক গোৰেশ্বৰক কোনো দলৰ চৰকাৰ আৰু কোনো নেতাই গুৰুত্ব প্ৰদান কৰা দেখা নাযায়৷ নিৰ্বাচনৰ সময়ত কেৱল বৰ বৰ কথাৰে ফিতাহি মাৰে যদিও সেইবোৰ সময়ত ফোটোকাৰ ফেনত পৰিণত হয়৷ নিৰ্বাচনত জয়ী হৈ বিধায়ক, পৰিষদৰ কাৰ্যবাহী হোৱাৰ পিছত চাহ বাগান, দালান, বেংক বেলেঞ্চ, বিলাসী গাড়ী, মনোৰঞ্জনৰ বাবে নতুনত্ব আহে যদিও গোৰেশ্বৰৰ বাব একো নকৰাৰ অভিযোগ উত্থাপিত হৈ আহিছে৷

 নেতা সকলে কেৱল দুই এটা গ্ৰাম্য এলেকাৰ পথ নিৰ্মাণৰ বাবে আধাৰ শিলা স্থাপন কৰি ফটো তুলি ফেচবুকত আপলোড কৰি দায়িত্ব সামৰে৷ গোৰেশ্বব ৰাইজে এখন দলঙৰ অভাৱত তামুলপুৰলৈ তথা মহকুমাধিপতিৰ কাৰ্যালয়লৈ যাবলৈ প্ৰায় অতিৰিক্ত ১৫ কিঃ মিঃ ঘুৰি যাব লাগে৷

কিয়নো গোৰেশ্বৰ-তামুলপুৰ পথত নাই দলং৷ ইমানে নহয় আজিও ৰঙিয়া সমষ্টিৰ বৃহত্তৰ গোৰেশ্বৰ অঞ্চলটোত মানুহে হাহাকাৰ কৰিব লাগে এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে৷ বহু আঁচনি নিৰ্মাণ কৰা হ’ল যদিও আজিলাৈ পানী হলে যোগান ধৰিব নোৱাৰিলে৷ বিয়াগোম কেলেংকাৰী সংঘটিত কৰি গোৰেশ্বৰস্থিত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ শাখা কাৰ্যালয়টো এটা ৰাজনৈতিক দলৰ কাৰ্যালয়ত পৰিণত কৰাৰ অভিযোগ উত্থাপন হৈ আহিছে৷ 

কাৰ্যালয়টোত প্ৰায়ে মদ-মঙহৰ পাৰ্টি কৰি অহাৰো অভিযোগ উত্থাপন হৈ আহিছে৷ পৰিষদৰ কাৰ্যবাহী আৰু বিধায়কে গোৰেশ্বৰৰ কৃষকৰ কাম নকৰাৰ অভিযোগ উত্থাপন হৈ আহিছে৷ ৰাস্তা-ঘাটৰ বৰ্ণনা কৰিব নোৱাৰি৷ সমাজ কল্যাণ বিভাগত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰো অভিযোগ উত্থাপন হৈ আহিছে৷ গোৰেশ্বৰ টাউন ঘোষণা কৰা গ’ল যদিও নিৰ্দিষ্ট কোনো আঁচনি লোৱা নহ’ল৷

টাউন খনৰ পোহৰাই তুলিবলৈ গোৰেশ্পৰ পৰিষদীয় সমষ্টিৰ সাধাৰণ সদস্য তথা বিটিচিৰ কাৰ্যবাহী মহেশ্বৰ বসুমতাৰীয়ে ষ্ট্ৰিট লাইটৰ ব্যৱস্থা কৰাৰ আশ্বাস প্ৰদান কৰি লাইট বহুওৱাবৰ বাবে আধাৰ শিলা স্থাপন কৰিছিল যদিও সেয়াও ফোটোকাৰ ফেন হৈ পৰিল৷ কেৱল আশ্বাস আৰু প্ৰতিশ্ৰুতিৰ ৰাজনীতি কৰি কেৱল ভোটৰ সময়ত ৰাইজৰ ওচৰ চাপে নেতাসকল৷ 

বিধান সভাত উত্থাপন হোৱা প্ৰতিখন বাজেটত ৰাজ্যৰ সমষ্টি সমূহৰ বাবে বিশেষ কোনো আঁচনি, অনুষ্ঠানৰ কথা ঘোষণআ কৰা হয় যদিও ৰঙিয়া তথা গোৰেশ্বৰৰ বাবে বিশেষ একো আজিলৈ দিয়া নহ’ল৷ গোৰেশ্বৰত এটি কৃষি বিভাগৰ খণ্ড কাৰ্যালয় আছে যদিও বছৰ বছৰ দুৱাৰ বন্ধ থাকে৷

বছৰত কেইটামান দিন দুৱাৰ খুলি দায়িত্ব সামৰে যদিও ধৰোতা কোনো নাই৷ কৃষকৰ বাবে অহা সাৰ-বীজ সমূহ কোন কৃষকে ভাগ পাই সেয়া এক সাথৰ হৈ ৰয়৷ শিশু-মহিলাৰ বাবে কোনো পদক্ষেপ লোৱা নহয়৷ 

বিএড কলেজ, মহিলা কলেজ স্থাপনৰ নামত বাৰে বাৰে ৰাজনেতাসকলে ৰামঠগন দি আহিছে গোৰেশ্বৰীয়া ৰাইজক৷ এসময়ৰ ৰাজ্যৰ অদ্বিতীয় শুক্লাই জলসিঞ্চন আঁচনিৰ পানীৰে কামৰূপ জিলা আৰু বাক্সা জিলাৰ হাজাৰ হাজাৰ কৃষকে খেতি কৰিছিল৷ কিন্তু ১৯৮৯ চন মানৰ পৰা মেৰামতিৰ অভাৱত শুক্লাই জলসিঞ্জন আঁচনি অচল হৈ পৰে৷

বিটিচি গঠনৰ পাছত পুনৰাই কোটি কোটি টকা খৰচ কৰি আঁচনিটোৰ কাম পুনৰ কৰা হয়৷ ১৫ বছৰীয়া তৰুণ গগৈৰ শাসন কালত কোটি কোটি টকা মুকলি কৰি দিয়াৰ লগতে বিটিএডি কৰ্তৃপক্ষয়ো কেইবাকোটি টকা মুকলি কৰি দিয়ে৷ গোৰেশ্বৰস্থিত শুক্লা জলসিঞ্চন সংমণ্ডলৰ অধীনত পুৰণি শুক্লা জলসিঞ্জন আঁচনি মেৰামতি কৰাৰ লগতে কাঠফুলাৰ দৰে নতুনকৈ সৰু বৰ কেইবাটাও আঁচনি নিৰ্মাণ কৰা হয়৷ কোটি কোটি টকাৰ এই আঁচনি সমূহৰ কৰবাত যদি দেৱাল খহি পৰিছে কৰবাত আকৌ হাবি বননিয়ে আগুৰি ধৰিছে৷ 

ইছাৰকেম্প, মকুন্দপুৰ, বৰফুকনখাট আদি ঠাইত ন’ ন’ আঁচনি নিৰ্মাণ কৰা হৈছিল৷ কিন্তু কেইগৰাকীমান ঠিকাদাৰ, অভিযন্তা, বিষয়াৰ বাহিৰে কোনো কৃষকে লাভৱান হ’ব পৰা নাই৷ কোটি কোটি টকা খৰচ কৰি নিৰ্মাণ কৰা এই আঁচনিবোৰে আজিলৈকে পথাৰত পানী দিব পৰা নাই৷ একাংশ অভিযন্তা, বিষয়া, কৰ্মাচাৰী তথা ঠিকাদাৰ লাভৱান হল যদিও কৃষকে হ’লে আজিলৈ পথাৰত পানী নাপালে৷ খৰালি খৰাঙ অৱস্থাৰ বাবে কৃষকে খেতি কৰিব নোৱাৰে৷ 

সেয়েহে একমাত্র বৰষুণক ভৰষাৰে কৃষকে ধান খেতি কৰে যদিও মুৰে কপালে হাত দিব লগীয়া হয়। বৰফুলচ'কী, আউৰীয়াপাৰ, বৰকচুলা, টঙাবাৰী, চেঁচাপাৰ, ফহুৰাবাৰী, বেতনা, বৰফুকনখাত, হাজলপাৰা, ৰংমহল, ৰামপুৰ,ছিল্কীঝাৰ, ঔগুৰী, চামাবাৰী, বামুনগাওঁ, কলাকুছি, চাৰণপাৰা, কেন্দুগুৰি, কাঠেনী, গোসাঁইহাউলী, কাড়িপাৰা, কহিৰভোল, কাড়িপাৰা, মকুন্দপুৰ শিমলীবাৰী, সেপকুছি, গণকঝাৰ, মহাজনপাৰ, গাৰোগাওঁ, বৰডাঙ্গেৰীকুছি আদি গাঁও সমূহে সংকটত পৰে কৱল ৰাজ নেতাৰ বাবে৷ কিন্তু কাৰ্যবাহী আৰু বিধায়কে কৃষকৰ স্বাৰ্থত কাম নকিৰলেও ঠিকাদাৰৰ হৈ কাম নকৰাকৈ নাথাকে৷ 

কিয়নো নিৰ্বাচনৰ সময়ত প্ৰয়োজন হয় ঠিকাদাৰৰ টকাৰ৷ আনহাতে গোৰেশ্বৰীয়া ৰাইজৰ এত দীৰ্ঘদিনিয়া দাবী পূৰণ নকৰাৰ অভঙিযোগ উত্থাপন হৈ আহিছে ৰাজনেতাৰ বিৰুদ্ধে৷ বাক্সা জিলাৰ গোৰেশ্বৰ চহৰৰ মাজ মজিয়াৰে পাৰ হৈ যোৱা পাৰ হৈ যোৱা ৰঙিয়া-মুৰ্ককচেলেং ব্ৰডগজ ৰে’লপথৰ ওপৰত গোৰেশ্বৰত উৰণীয়া সেতু নিৰ্মাণৰ বাবে আধাৰশিলা স্থাপনৰ দিন-বাৰ ঠিক কৰি বিপিএফ দলে প্ৰচাৰ চলোৱাই নহয়, বহু লোকক আমন্ত্ৰণো জনাইছিল

৷ প্ৰায় ১৮ মাহ পূৰ্বে সাংসদ বিশ্বজিৎ দৈমাৰী, বিটিচিৰ মুখ্য কাৰ্যবাহী হাগ্ৰামা মহিলাৰী, বিটিচিৰ কাৰ্যবাহী গণেশ কছাৰী আৰু মহেশ্বৰ বসুমতাৰীয়ে উৰণীয়া সেতু নিৰ্মাণৰ কথা ঘোষণা কৰাৰ লগে লগে গোৰেশ্বৰৰ বিপিএফ নেতা-কৰ্মীয়ে গোৰেশ্বৰত ৰে’লপথৰ ওপৰত উৰণীয়া সেতু নিৰ্মাণ হ’ব বুলি ব্যাপক প্ৰচাৰ চলায় যদিও সম্প্ৰতি উৰণীয়া সেতুৰ নিৰ্মাণ প্ৰসংগটো ক্ৰমাৎ ধূসৰ হৈ পৰিছে।

 যোৱাটো বিধানসভা নিৰ্বাচনৰ সময়তো বিপিএফৰ নেতা-মন্ত্ৰীসকলে সভাই-সমিতিয়ে ভোটাৰ ৰাইজক আকৰ্ষিত কৰিবলৈ ৰে’লপথৰ ওপৰত টংলা, গোৰেশ্বৰ আৰু গোসাঁইগাঁৱত তিনিখন উৰণীয়া সেতু নিৰ্মাণৰ কথা ঘোষণা কৰিছিল যদিও বিষয়টো এতিয়ালৈ কোনো ধৰণে আগবঢ়া নাই বুলি জানিব পৰা গৈছে।

গোৰেশ্বৰ-গুৱাহাটী মুখ্য পথটোত উৰণীয়া সেতুৰ আধাৰশিলা পৰ্যন্ত বিটিচিপ্ৰধান হাগ্ৰামা মহিলাৰীৰ দ্বাৰা উদ্বোধন কৰাবলৈ যোৱা জানুৱাৰীত দিন-বাৰ ঠিক হৈছিল যদিও উক্ত আধাৰশিলা অনুষ্ঠান কৰা দেখা নগ’ল। 

আনহাতে সকলো দল-সংগঠনক লৈ ২০১৭ বৰ্ষৰ ফেব্রুৱাৰীত উৰণীয়া সেতুৰ নিৰ্মাণ আৰু প্ৰয়োজনীয়তাক লৈ গোৰেশ্বৰত সভাও অনুষ্ঠিত হৈ গৈছিল। ইয়াৰ পিছতো আগবঢ়া নাই উক্ত প্ৰসংগ।

ইপিনে তীব্ৰ যান-জঁটৰ বাবে বহু সময় ৰৈ থাকিবলগীয়া হোৱাত গোৰেশ্বৰ ৰে’ল গেটটোত ছাত্ৰ-ছাত্ৰী, ৰোগী, চাকৰিয়ালে সমস্যাত পৰে৷ ৰে’লৰ সংখ্যা বৃদ্ধি পোৱাত প্ৰায়ে ৰে’ল গেটটো বন্ধ হৈ থকাত অন্য বাহন আৰু নাগৰিকৰ সমস্যা ক্ৰমে বাঢ়িবলৈ লৈছে। ছাত্ৰ-ছাত্ৰী আৰু মহিলাৰ লগতে বৃদ্ধ পথচাৰীসকল এই ক্ষেত্ৰত সন্মুখীন হৈছে ভীষণ সমস্যাৰ।

ৰাইজৰ লগতে গোৰেশ্বৰ অঞ্চলৰ উন্নয়নৰ বাবে শীঘ্ৰে উৰণীয়া সেতুৰ নিৰ্মাণৰ কাম আৰম্ভ কৰিবলৈ বিটিচি চৰকাৰক দাবী জনাইছে গোৰেশ্বৰৰ কেইবাটাও ছাত্ৰ সংগঠনৰ লগতে অৰাজনৈতিক দল-সংগঠনে। অানহাতে বিভাগীয় লগতে কাৰিকৰী কোনো কথাৰ সমাধান নোহোৱাকৈ কিহৰ বাবে নিৰ্বাচনৰ সময়ত ৰাইজক উৰণীয়া সেতু নিৰ্মাণৰ কিয় আভুৱা-ভাঁৰা হ’ল বুলি প্ৰশ্ন উত্থাপন হৈছে৷ 

অগপৰ জ্যেষ্ঠ নেতা প্ৰাক্তন মন্ত্ৰী থানেশ্বৰ বড়োৱে মন্ত্ৰী হৈ থকাৰ সময়ত ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় আৰু গোৰেশ্বৰ ৩০ খন বিছনাযুক্ত গ্ৰাম্য চিকিৎসালয় নিৰ্মাণ কৰি তদানীন্তন অগপ চৰকাৰৰ মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ দ্বাৰা উদ্ধোধন কৰাইছিল৷

অগপৰ কাৰ্যকালত অবিভক্ত কামৰূপ জিলাৰ গোৰেশ্বৰত নিৰ্মাণ কৰিছিল ত্ৰিশ খন বিছনাযুক্ত গ্ৰাম্য চিকিৎসালয় খন৷ গোৰেশ্বৰ চহৰৰ মাজ মজিয়াত তথা বাছ আস্থান-গোৰেশ্বৰ মহাবিদ্যালয়ৰ সমীপত নিৰ্মাণ কৰা চিকিৎসালয় খনত প্ৰায় ২০টা বছৰ ভাৰতীয় সেনাই বাহৰ পাতি আছিল৷ চিকিৎসক-নাৰ্চ, সা-সৰঞ্জাম নথকাৰ ফলত চূণ-তেল সানি থোৱা গৃহ সমূহত প্ৰায় ২০টা বছৰ সেনাই বাহৰ পাতি থকাত চিকিৎসা সেৱাত ব্যাহত হৈ আছিল৷

সুন্দৰ আৱাস গৃহ, বিদ্যুৎৰ সুবিধা, পানীৰ সুবিধা থকাৰ পিছতো কংগ্ৰেছ চৰকাৰে অগপৰ কাৰ্যকালত নিৰ্মাণ কৰা চিকিৎসালয় খনক গুৰুত্ব প্ৰদান নকৰিলে৷ কংগ্ৰেছে কেৱল অগপৰ কাৰ্যাকালত নিৰ্মাণ কৰা চিকিৎসালয় বাবেই এবাৰলৈও ঘুৰি নাচালে চিকিৎসালয় খন৷

প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই মুকলি কৰা চিকিৎসালয় খনত বহু বছৰ ধৰি মাথো এগৰাকী চিকিৎসক আৰু তিনিগৰাকী নাৰ্ছ আছিল৷ সেনাই বাহৰ পাতি থকাৰ বাবে বহু লোকে চিকিৎসালয়লৈ আহিবলৈ সংকোচ অনুভৱ কৰিছিল৷ 

মানে নহয় দিনৰ বাৰ বজাৰ পিছত চিকিৎসালয় খন বন্ধ হৈ পৰিছিল৷ ৰাইজে চিকিৎসালয় ১০০ খন বিছনা যুক্ত কৰি চিকিৎসক নাৰ্চ নিযুক্তি কৰি দিনে-নিশাই চিকিৎসা সেৱা আগবঢ়োৱাৰ ব্যৱস্থা কৰাৰ দাবী জনাই আহিছে যদিও ৰাইৰ দাবীক গুৰুত্ব প্ৰদান কৰা দেখা নাযায়৷ গোৰেশ্বৰৰ ৰাইজে সাধাৰণ ৰোগত হলেই চিকিৎসকৰ অভাৱত গুৱাহাটীলৈ দৌৰ দিব লগা হয়৷ দৰিদ্ৰ ৰোগীৰ পৰিয়ালে চিকিৎসা সেৱা নোপোৱাৰ অভিযোগ উত্থাপন হৈ আহিছে৷