ডিজিটেল ডেস্কঃ এতিয়াৰ পৰা সকলো ফিচাৰ ফোনত জিপিএছ বাধ্যতামুলক কৰিবলৈ নিৰ্দেশ দিছে দেশৰ টেলিকম বিভাগে৷ গ্ৰাহক বিশেষকৈ মহিলাসকলৰ সুৰক্ষাৰ বিষয়ৰ ওপৰত গুৰুত্ব আৰোপ কৰি সকলো ফিচাৰ ফোন নিৰ্মাণ কৰা প্ৰতিষ্ঠানলৈ এই নিৰ্দেশ বিভাগটোৰ৷ 

এই নিৰ্দেশনাৰ পিছতে এই ফোনসমুহৰ মূল্য ৫০% পৰ্যন্ত বৃদ্ধি পাব পাৰে বুলি উল্লেখ উক্ত ধৰণৰ ফোন নিৰ্মান কৰা প্ৰতিষ্ঠানসমুহে৷ ২০১৮ ৰ ১ জানুৱাৰীৰ পৰা ফিচাৰ ফোনসমুহত জিপিএছ সন্নিবিষ্ট কৰাটো বাধ্যতামুলক হ’ব৷ 

মুলত দেশত বাঢ়ি অহা অপৰাধৰ ঘটনাসমুহ ৰোধ কৰিবলৈ এই পদক্ষেপ টেলিকম বিভাগৰ৷ গ্লোবেল পজিছনিং চিষ্টেম (জিপিএছ)ৰ সহায়ত ইউজাৰ্চৰ লোকেছনৰ বিষয়ে গম পাব পাৰে৷ 

কোনো ইউজাৰ বিপদত পৰিলে জিপিএছৰ সহায়ত ইউজাৰৰ স্থানাংক উলিয়াই সহায় কৰিব পৰা যায়।  সেই বাবে এই পদক্ষেপ লৈছে টেলিকম বিভাগে৷