ডিজিটেল ডেস্কঃ জিএছটিক লৈ যেন দোমোজা শেষ হোৱা নাই সাধাৰণ লোকৰ৷ ১ জুলাইত সমগ্ৰ দেশত এই কৰ প্ৰৱৰ্তিত হোৱাৰ পিছত এতিয়া বিসংগতিৰ শেষ নাইকিয়া হৈছে ব্যৱসায়ী-সাধাৰণ লোকৰ৷ 

মূলতঃ সামগ্ৰীৰ দৰ দামক লৈ এতিয়াও আঁতৰা নাই শংকা৷ এই শংকা আঁতৰাবলৈ কেন্দ্ৰীয় চৰকাৰে মুকলি কৰিলে এক নতুন এপ্লিকেশ্যন৷ জিএছটি ৰেট ফাইণ্ডাৰ নামৰ উক্ত এপত সকলো সামগ্ৰী আৰু সেৱাৰ জিএছটিৰ পিছৰ কৰৰ বিষয়ে উল্লেখ কৰা হৈছে৷

বিত্ত মন্ত্ৰী অৰুণ জেটলিয়ে আজি এই এপটো উদ্বোধন কৰে৷  বৰ্তমান এই এপটো এনড্ৰইড ফোনসমূহত উপলব্ধ৷ গুগল প্লে ষ্টৰলৈ গৈ বিচাৰিলেই পোৱা যাব এই এপটো। অতি শীঘ্ৰে এপল ফোনৰ বাবেও এই এপ উপলব্ধ কৰাৰ ব্যৱস্থা কৰা হ'ব।