গুৱাহাটীঃ দেশত GSTৰ প্ৰচলন হোৱাৰ পিছতে ব্যাপক সমস্যাত পৰিছিল হাজাৰ হাজাৰ লোক। ২০১৭ বৰ্ষৰ ১ জুলাইত আৰম্ভ কৰা GST-এ হাৰাশাস্তি কৰা বুলি দেশত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈ আহিছিল। বহু পলমকৈ হলেও বিজেপি চৰকাৰে ব্যৱসায়ী তথা সাধাৰণ লোকক সকাহ দিবৰ বাবে চিন্তা-চিৰ্চা কৰিবলৈ বাধ্য হয়।

তৰা মাজতে শুকুৰবাৰে বিজেপিয়ে ভাল খবৰ দিলে দেশবাসীক৷ GST আৰম্ভ হোৱাৰ পিছৰ পৰাই কেন্দ্ৰীয় চৰকাৰে প্ৰতি মাহে বৈঠক অনুষ্ঠিত কৰি আহিছিল৷ ২৩ সংখ্যক বৈঠকৰ পৰা হে আহিল আশাৰ ৰেঙনি৷ দেশৰ জনসাধাৰণৰ বহু ক্ষোভৰ অন্তত সুখবৰ দিলে অসমৰ ৰাজধানী গুৱাহাটীৰ পৰা।

মহানগৰীত অনুষ্ঠিত হয়  GST পৰিষদৰ বহু চৰ্চিত বৈঠক। বৃহস্পতিবাৰৰ পৰা অনুষ্ঠিত বৈঠক শুকুৰবাৰে বিত্তমন্ত্ৰী অৰুণ জেটলী উপস্থতি থাকে। শুকুৰবাৰে অৰুণ জেটলীৰ অধ্যক্ষতাত অনুষ্ঠিত হয় GST পৰিষদৰ বৈঠক। বৈঠকত দেশৰ ২৪ খন ৰাজ্যৰ বিত্তমন্ত্ৰী উপস্থিত থাকে।

বৰ্তমানে মুঠ ২২৭ বিধ সামগ্ৰীৰ ওপৰত থকা GST কমাই মাত্ৰ ৫০ বিধ সামগ্ৰীৰ ওপৰত হে বাহাল ৰাখে এই কৰ৷দেশৰ কেইবাখনো ৰাজ্যৰ বহু বিষয়া তথা ৰাজ্য চৰকাৰৰ বহু বিষয়াৰ উপস্থিতিত এই দুদিনীয়া অনুষ্ঠিত বৈঠকৰ শুকুৰবাৰে দ্বিতীয়খন অৰ্থাত মুল বৈঠক আছিল৷ দ্বিতীয় দিনৰ মহত্বপুৰ্ণ বৈঠক খনতেই বহু প্ৰত্যাশিত সিদ্ধান্ত গ্ৰহণ কৰে বহু প্ৰত্যাশিত এই বৈঠক খনত৷ 

 ২২৭ সামগ্ৰীৰ পৰা একেকোবে কমোৱা হয় ১৭৭ বিধ সামগ্ৰীৰ পৰা এই কৰ৷ নিত্য প্ৰয়োজনীয় বহু সামগ্ৰীৰ পৰা  GST উঠাই দিয়া হয়৷ আনহাতে অন্য কিছু সামগ্ৰীৰ পৰা ২৮% কৰ উঠাই ১৮% হে ৰাখে৷ যেনে, ডিঅড্ৰেণ্ড, পুৰুষৰ চেভিং ক্ৰিম, টুথপেষ্ট, চকলেট, চেম্পু, কাপোৰ ধোৱা পাউদাৰ, গ্ৰেনাইট, প্ৰসাধন সামগ্ৰী  আদি৷  পুৰ্বানুমাণ কৰা হৈছে যে, এই GST উঠাই দিয়াৰ ফলত চকাৰৰ ২০,০০০ কোটি টকাৰ লোকচান হ’ব পাৰে৷  

মহানগৰীৰ পঞ্চতাৰকা হোটেল ৰেডিছন ব্লুত অনুষ্ঠিত হোৱা GST পৰিষদৰ বৈঠকৰ বৃহস্পতিবাৰে পুৱাই আৰম্ভণিৰ দিনাই অথন্তৰ লাগে৷ কিয়নো এই বৈঠকৰ তীব্ৰ বিৰোধিতা কৰে কংগ্ৰেছে৷

কংগ্ৰেছৰ একাংশ নেতা-কৰ্মীয়ে পুৱাই ৰেডিছন ব্লু-হোটেলৰ সন্মুখত উপস্থিত হৈ GST পৰিষদৰ বৈঠকৰ বিৰুদ্ধাচৰণ কৰে। প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ, প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা, বিৰোধি দলপতি দেবব্ৰত শইকীয়া সহ কংগ্ৰেছৰ কেইবাগৰাকী নেতা উপস্থিত থাকে প্ৰতিবাদত।আৰক্ষীয়ে আটাইকেইগৰাকী নেতাক বশিষ্ঠ থানালৈ নিয়ে আৰক্ষীয়ে।

বহু কংগ্ৰেছ কৰ্মীয়ে প্ৰতিবাদ কৰাৰ সময়তে আৰক্ষীয়ে কংগ্ৰেছ কৰ্মীসকলক আঁতৰাই নিবলৈ সক্ষম হয়৷ GST-এ দেশৰ ব্যৱসায়, উদ্যোগ, চাকৰি ধ্বংস কৰা বুলি অভিযোগ উত্থাপন কৰে কংগ্ৰেছ কৰ্মীসকলে৷