Printer-friendly version

গুৱাহাটীঃ কেতিয়াবা যদি পেট্ৰলৰ নাটনি, আন কেতিয়াবা আকৌ ঔষধৰ নাটনি৷ এতিয়া যেন নাটনিৰ হে অভাৱ নাই দেশত৷

এনে কৃত্ৰিম নাটনিৰ বাবে বানৰ কবলত পৰি হাহাকাৰ কৰি থকা ৰাজ্যখনলৈ অাহিব পাৰে অান এক ভয়ানক পৰিস্থিতি। এই ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে জীৱনদায়ীনি ঔষধৰ বাবে৷

উল্লেখ্য যে জি এছ টিৰ ফলত সমগ্ৰ দেশৰ লগতে প্ৰভাৱিত হৈছে অসমো। বিমোৰত পৰিছে অসম ৰাজ্যিক ঔষধ ব্যৱসায়ী সন্থা।

ছফটৱেৰ উন্নীতকৰণ নোহোৱাৰ বাবে জি এছ টি পঞ্জীয়নৰ ক্ষেত্ৰত সৃষ্টি হৈছে বেমেজালি। যাৰ ফলত ৰাজ্যলৈ পৰ্য্যাপ্ত পৰিমাণৰ ঔষধ অানিব পৰা নাই ব্যৱসায়ীয়ে৷

তালৈ চাই বানে জুৰুলা কৰাৰ সময়তে ৰাজ্যত ঔষধ নাটনিৰ অাংশকা প্ৰকাশ কৰিছে অসম ৰাজ্যিক ঔষধ ব্যৱসায়ী সন্থাই। শনিবাৰে গুৱাহাটী প্ৰেছ ক্লাবত এক সংবাদমেল আয়োজন কৰি সন্থাৰ সভাপতি প্ৰফুল্ল শৰ্মাই এই আশংকা প্ৰকাশ কৰে।

অনতি পলমে চৰকাৰে এই বিষয়ত গুৰুত্ব প্ৰদান নকৰিলে ঔষধৰ নাটনিয়ে পৰিস্থিতি ভয়াৱহ কৰি তুলিব  পাৰে বুলিও সংবাদমেলত শংকা প্ৰকাশ কৰে ঔষধ ব্যৱসায়ী সন্থাই।