ডিজিটেল ডেস্কঃ গুজৰাট বিধানসভাৰ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে কংগ্ৰেছ-বিজেপিৰ মাজত আৰম্ভ হৈছে টুইট যুদ্ধৰ সমানে সমানে বাকযুদ্ধ৷ সোমবাৰে গুজৰাটৰ প্ৰভাৱশালী অ’বিচি নেতা অল্পেশ ঠাকুৰ কংগ্ৰেছত যোগাদান কৰে৷ ২১ অক্টোবৰত গুজৰাটৰ প্ৰভাৱশালী তথা জনপ্ৰিয় অ’বিচি নেতাগৰাকীয়ে দিল্লীত আহি ৰাহুল গান্ধীক সাক্ষাৎ কৰাৰ পিছতে ব্যাপক চৰ্চা আৰম্ভ হয় গুজৰাটৰ ৰাজনীতিক লৈ৷

অ’বিচি সম্প্ৰদায়ৰ নেতা অল্পেশ ঠাকুৰে কংগ্ৰেছত সোমবাৰে কংগ্ৰেছত যোগ দিয়ে কংগ্ৰেছৰ এখন বৃহৎ সভাত৷ সভাত কংগ্ৰেছৰ উপ-সভাপতি ৰাহুল গান্ধী উপস্থিত থাকে৷ ৰাহুল গান্ধী ভাষণ প্ৰদান কৰি শাসকীয় বিজেপিক তীব্ৰ সমালোচনা কৰে৷ ৰাহুল গান্ধীয়ে নোট বন্দী আৰু জিএছটিক সমালোচনা কৰিবলৈ গৈ GSTক গব্বৰ সিং টেস্ক বুলি কয়৷ নৰেন্দ্ৰ মোডীয়ে সকলো জুমলা কৰিলে বুলি কয়৷ বিজেপিৰ উন্নয়ণৰ শ্ল’গানক উভতি ধৰি ৰাহুল গান্ধীয়ে  GSTক গব্বৰ সিং টেস্ক বুলি কটুক্তি কৰে৷