গুজৰাটঃ দেশবাসীৰ দৃষ্টি গুজৰাট নিৰ্বাচনৰ ভোট গণনাৰ দিশে৷ সোমাবাৰে পুৱাৰে পৰা গুজৰাটত ভোট গণনা আৰম্ভ হৈছে৷ কংগ্ৰেছ আৰু বিজেপিৰ সমানে সমানে আগবাঢ়ি থকাৰ সময়তে গুজৰাটৰ উপ-মুখ্যমন্ত্ৰী নীতিন পেটেল ২৫০০ ভোটত পিছ পৰি আছে৷

মহসেনা সমষ্টিৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হৈছিল৷ প্ৰথম অৱস্থাত মুখ্যমন্ত্ৰী বিজয় ৰূপানী পিছ পৰি আছিল যদিও চতুৰ্থ ৰাউণ্ডৰ পিছত মুখ্যমন্ত্ৰী ৰূপানী আগবাঢ়ি থকা পৰিলক্ষিত হৈছে৷ গুজৰাট কাৰ দখললৈ যাব এই কথাৰ চৰ্চা প্ৰায় ৬মাহ ধৰি অব্যাহত আছে৷

প্ৰধানমন্ত্ৰীৰ গৃহ ৰাজ্য কোনো দখল কৰিব তাকলৈ চৰ্চা অব্যাহত থকাৰ সময়তে সোমবাৰে ৰাজ্য খনৰ বিধান সভা নিৰ্বাচনৰ ভোট গণনা আৰম্ভ হৈছে৷ ১৮২টা আসনৰ বিধান সভা নিৰ্বাচনৰ কংগ্ৰেছে প্ৰথম অৱস্থাত আগবাঢ়ি আছিল যদিও চতুৰ্থ ৰাউণ্ডৰ পিছত বিজেপিয়ে ১০৭ সমষ্টিত আগবাঢ়িছে৷

কংগ্ৰেছ প্ৰথমাৱস্থাত সমানে সমানে আগবাঢ়িছিল যদিও শেহতীয়াকৈ পিছ পৰি ৰোৱা পৰিলক্ষিত হৈছে৷ পূৰ্ব অনুমান কৰা অনুযায়ী ভাল ফলাফল দেখুৱাবলৈ আগবাঢ়িছে৷