ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ গৃহ ৰাজ্য গুজৰাটৰ বিধান সভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজনীতিৰ গৰম বতাহ বলিবলৈ আৰম্ভ কৰিছে৷ জাতীয় সমীকৰণ তথা জনগোষ্ঠী সমূহক তুষ্টি কৰণৰ ৰাজনীতি ইতিমধ্যে আৰম্ভ হৈছে৷ নিৰ্বাচনৰ দিন ঘোষণা কৰা নাই যদিও কংগ্ৰেছে-বিজেপিয়ে ব্যাপক প্ৰচাৰ আৰম্ভ কৰিছে৷ তাৰ মাজতে ২১ অক্টোবৰত শনিবাৰে অ’বিচি নেতা অল্পেশ ঠাকুৰে দিল্লীলৈ আহি কংগ্ৰেছ নেতা ৰাহুল গান্ধীক সাক্ষাৎ কৰি কংগ্ৰেছ দলত যোগাদান কৰাৰ ঘোষণা কৰে৷

গুজৰাটৰ প্ৰভাৱশালী তথা জনপ্ৰিয় অ’বিচি নেতাই দিল্লীত আহি ৰাহুল গান্ধীক সাক্ষাৎ কৰাৰ পিছতে ব্যাপক চৰ্চা আৰম্ভ হয় গুজৰাটৰ ৰাজনীতিক লৈ৷ অ’বিচি সম্প্ৰদায়ৰ যুৱ নেতা অল্পেশ ঠাকুৰে কংগ্ৰেছত যোগ দিয়াৰ কথা ঘোষনা কৰে৷ অল্পেশে গুজৰাটৰ বনচকান্তা সমস্তিৰ পৰা পৰৱৰ্তী নিৰ্বাচনত অৱতীৰ্ণ হ’ব৷ কংগ্ৰেছ উপাধ্যক্ষ ৰাহুল গান্ধীৰ সৈতে মিলিত হোৱাৰ পিছত সংবাদ মাধ্যমৰ সৈতত হোৱা কথা বতৰাত অল্পেশ ঠাকুৰে ঘোষনা কৰে যে তেওঁ কংগ্ৰেছত যোগ কৰিব৷

গুজৰাট কংগ্ৰেছৰ নেতা ভৰত সিং সৌলাংকীয়ে ২৩ অক্টোবৰত গান্ধীনগৰত হ’বলগীয়া ৰাহুল গান্ধীৰ সমাবেশত অল্পেশ ঠাকুৰে কংগ্ৰেছত যোগ দিব৷ ইয়াৰ আগতে কংগ্ৰেছে নেতা হাৰ্দিক পেটেলক নিৰ্বাচন খেলাৰ মুকলি নিমন্ত্ৰণ আগবঢ়াই৷ গুজৰাট কংগ্ৰেছ কমিটিৰ অধ্যক্ষ ভৰত সৌলাাংকীয়ে হাৰ্দিক পেটেলক গুজৰাট বিধানসভা নিৰ্বাচনত খেলাৰ বাবে নিমন্ত্ৰণ দি কয় যে হাৰ্দিকে যদি নিৰ্বাচনত খেলিব বিচাৰে তেম্তে কংগ্ৰেছে পাৰ্টীয়ে তেওঁক আমন্ত্ৰণ জনাব৷

আনহাতে কংগ্ৰেছেৰ নিৰ্বাচনচন খেলাৰ নিমন্ত্ৰণত পাটীদাৰৰ নেতা হাৰ্দিক পেটেলে কয় যে সংবিধান অনুসৰি তেওঁ নিৰ্বাচনন খেলিব নোৱাৰে, আৰু তেওঁৰ কোনো প্ৰয়োজন নাই নিৰ্বাচন খেলাৰ৷ উল্লেখযোগ্য যে, কিছুদিন আগতে গুজৰাট চৰকাৰে হাৰ্দিক পেটেলৰ বিৰুদ্ধে জাতীয় পতাকা অপমান কৰাক লৈ গোচৰ প্ৰত্যাহাৰ কৰে৷ হাৰ্দিকৰ ওপৰত দুবছৰ পুৰ্বে ১৯ অক্টোবৰ ২০১৫ত জাতীয় পতাকা অপমান কৰাক লৈ গোচৰ ৰুজু হৈছিল৷