গুনোৎসৱক আত্ম-প্ৰচাৰৰ আহিলা হিচাপে ব্যৱহাৰ কৰি টি আৰ পি গোটালে বিধায়িকা অাঙুৰলতাই ।
গুণোৎসৱৰ দিনাহে বিভিন্ন স্কুললৈ গৈ পাঠদান-পৰিদৰ্শণৰ সময় ওলাল প্ৰচাৰ হাবিয়াসী বিধায়িকাৰ

newsnextoneনগাঁওঃ যি সময়ত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল, শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ লগতে বিভিন্ন মন্ত্ৰী-বিধায়কে শিক্ষা বিভাগৰ নীতি মতে পৰিচয় পত্ৰ আঁৰি লৈ এই বৰ্ষৰ গুণোৎসৱত আজি ভিন ভিন বিদ্যালয়ত বহি: নিৰীক্ষকৰ দায়িত্ব পালন কৰিলে সেই একে সময়তে বটদ্ৰৱা বিধানসভা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকাই বিদ্যালয় পৰিদৰ্শকৰ ৰূপত অৱতীৰ্ণ হোৱা বিষয়টোৱে নগাঁও-মৰিগাঁও জিলাত ব়্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷

প্ৰাপ্ত তথ্য মতে, বিগত বৰ্ষৰ দৰে এইবাৰো অসম সৰ্বশিক্ষা মিচনে আয়োজন কৰা গুণোৎসৱত বিদ্যালয়সমূহৰ গুণগত মান নিৰূপন কৰিবলৈ বিভিন্ন অধ্যাপক, প্ৰৱক্তা, বিষয়-শিক্ষক, বিষয়াসকলক বহি: নিৰীক্ষক হিচাপে নিয়োগ কৰিছে ৷ ইয়াৰোপৰি ৰাজ্যখনৰ মুখ্যমন্ত্ৰীগৰাকীৰ লগতে বিভিন্ন মন্ত্ৰী-বিধায়ক সকলেও একোখনকৈ নিদিষ্ট বিদ্যালয়ত বহি: নিৰীক্ষকৰ দায়িত্ব গ্ৰহন কৰি ছাত্ৰ-ছাত্ৰীৰ লগতে বিদ্যালয়ৰ গুণগত মান নিৰূপণ কৰিছে ৷ গুণোৎসৱ অনুষ্ঠিত হোৱা অসমৰ বিভিন্ন বিদ্যালয়ত আন আন বহি: নিৰীক্ষকৰ দৰেই মুখ্যমন্ত্ৰীকে আদি কৰি দায়িত্বপ্ৰাপ্ত সকলো মন্ত্ৰী-বিধায়কে গুণোৎসৱৰ পৰিচয় পত্ৰ পৰিধান কৰি নিজ নিজ দায়িত্ব নিষ্ঠাৰে পালন কৰা পৰিলক্ষিত হৈছে ৷ 

কিন্তু তাৎপৰ্যপূৰ্ণভাৱে বটদ্ৰৱা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকাৰ ক্ষেত্ৰত আজি সম্পূৰ্ণ এক বিপৰীত দৃশ্যহে পৰিলক্ষিত হয় ৷ বিধায়িকাগৰাকী গুণোৎসৱৰ বহি: নিৰীক্ষকৰ পৰিবৰ্তে আজি অৱতীৰ্ণ হয় বিদ্যালয় পৰিদৰ্শকৰ ৰূপত ৷ তেওঁ কোনো এখন নিদিষ্ট বিদ্যালয়ত বহি: নিৰীক্ষকৰ দায়িত্ব পালন কৰাৰ বিপৰীতে মৰিগাঁও জিলাৰ নিজ সমষ্টিৰ কেইবাখনো বিদ্যালয় পৰিদৰ্শন কৰি অভাৱ অভিযোগ বুজ লোৱাৰ লগতে অতি শীঘ্ৰে সেইবোৰ দুৰ কৰা হব বুলি আশ্বাসহে প্ৰদান কৰিলে ৷

এতিয়া কথা হ'ল বিগত দুটা বছৰে নিজ সমষ্টিৰ এইসমূহ বিদ্যালয়লৈ গৈ ছাত্ৰ-ছাত্ৰীক পাঠদান অথবা বিদ্যালয়ৰ অভাৱ অভিযোগৰ বুজ লবলৈ সময় নোপোৱা বিধায়িকাগৰাকীয়ে আজি গুণোৎসৱৰ দিনা এটা শৃংঙ্খলাবদ্ধতাৰ মাজত বহি: নিৰীক্ষকে বিদ্যালয়সমূহৰ মূল্যায়ন কৰি থকা অৱস্থাতহে কিয় শিক্ষয়িত্ৰী অথবা বিদ্যালয় পৰিদৰ্শকৰ ৰূপত অৱতীৰ্ণ হবলৈ সময় পালে? শিক্ষাৰ লগত জড়িত একাংশ সচেতন লোকৰ মতে প্ৰচাৰ হাবিয়াসী বটদ্ৰৱাৰ বিধায়িকা আঙুৰলতাই পৰিকল্পিতভাৱে অতি গুৰুত্বপূৰ্ণ এই গুণোৎসৱটোক নিজৰ প্ৰচাৰৰ এক আহিলা হিচাপে ব্যৱহাৰ্থে আজি এনেদৰে বিভিন্ন বিদ্যালয়ত উপস্থিত হৈ এখন সুন্দৰ নাটক মঞ্চস্থ কৰে আৰু সিখন নাটকে ইতিমধ্যেই প্ৰচাৰ মাধ্যমত ব্যাপক টি আৰ পি লাভ কৰিবলৈ সক্ষম হ'ল ৷

প্ৰেৰক, জয়ন্ত মুদৈ ৷