দিল্লীঃ শ্বহীদৰ কন্যাক কূখ্যাত ডনৰ সৈতে তুলনা কৰি আশ্চৰ্যৰ কেন্দ্ৰ হৈ পৰিছে দেশখনৰ শাসকীয় দলৰ এগৰাকী সাংসদ। এবিভিপিৰ বিৰুদ্ধে প্ৰতিবাদ কৰা গুৰমেহৰ কৌৰ নামৰ ছাত্ৰীগৰাকীক গেৰুৱা দলৰ সাংসদ প্ৰতাপ সিংহই ডন ডাউড ইব্ৰাহীমৰ সৈতে তুলনা কৰে ।  

এনেদৰেই গুৰমেহৰ কৌৰ নামৰ গৱেষক ছাত্ৰীগৰাকী সম্প্ৰতি কেন্দ্ৰবিন্দু হৈ পৰিছে ছ’চিয়েল মিডিয়া বিতৰ্কৰ।  দিল্লী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত ৰামযশ কলেজত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ আৰু বিজেপিৰ ছাত্ৰ সংগঠনৰ সদস্য জড়িত হৈ থকা হিংসাত্মক ঘটনাৰ প্ৰতিবাদ কৰি ছ’চিয়েল মিডিয়াত ছাত্ৰ সংগঠনকেইটাৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰা গুৰমেহৰক ছ’চিয়েল মিডিয়াতে ধৰ্ষণৰ ভাবুকি দিছিল ৰাহুল নামৰ যুৱক এজনে। সেই কথা সংবাদ মাধ্যমত প্ৰচাৰ হোৱাৰ লগে লগে বিভিন্ন পক্ষ সক্ৰিয় হৈ উঠে।

কৌৰক বিভিন্ন ধৰণৰ ভাবুকি প্ৰদানৰ অভিযোগ উত্থাপন হোৱাৰ মাজতে আজি কূখ্যাত ডন লগত তুলনা কৰাৰ পিছতেই আকৌ কেন্দ্ৰীয় মন্ত্ৰী কিৰণ ৰিজিজুয়েও নিজৰ মন্তব্য ব্যক্ত কৰে।কৌৰৰ মনত কোনোবাই বিদ্বেষৰ ভাৱ সুমুৱাই দিয়া বুলি টুইট কৰে ৰিজিজুয়ে। 

কাৰ্গিলৰ যুদ্ধত শ্বহীদ হোৱা কেপ্টেইন মনদীপ সিঙৰ কন্যা গুৰমেহৰ কৌৰক উপলুঙা কৰি ৰোষত পৰিছিল বীৰেন্দ্ৰৰ সেহৱাগ। সততে টুইটাৰত ব্যংগ কৰি চৰ্চাত থকা প্ৰাক্তন ক্ৰিকেটাৰ সেহবাগে এবিভিপিৰ বিৰুদ্ধে কৌৰৰ প্ৰচাৰ অভিযানক লৈ ব্যংগ কৰিবলৈ গৈ ছ'চিয়েল মিডিয়াত কটু সমালোচনাৰ সমুখীন হৈছিল সেহৱাগ। আকৌ বাটৰ কচু গাত ঘঁহি লোৱা দেখা গৈছে ৰণদীপ হুডাক। হুডাও সমালোচিত হৈছে তেওঁ সেহৱাগক কৰা সমৰ্থনৰ বাবে।