গুৱাহাটীঃ গুৱাহাটী মহানগৰীৰ মাজ মজিয়াত এগৰাকী কন্ঠ শিল্পীক হত্যা চেষ্টা চলোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ ৰাজ্যৰ ৰাজধানী মহানগৰীত আৰক্ষী-অৰ্ধসামৰিক বাহিনীৰ লোকে পহৰা দি থকাৰ সময়তে এতিয়া হত্যা, হিংসাৰ ঘটনা সংঘটিত হৈ অহাত চিন্তিত কৰি তুলিছে ৰাইজক৷

তাৰ মাজতে মহানগৰীৰ কাহিলীপাৰাৰ জোনাকপুৰত মঙলবাৰে নিশা ৪ জনীয়া দুৰ্বৃত্তৰ দলে চুৰিৰে আঘাত কৰে উদীয়মান কন্ঠশিল্পী ফৰিদ হুছেইনক৷ ফলত গুৰুতৰ বাৱে আহত হয় শিল্পীগৰাকী৷ ততাতৈয়াকৈ তেওক জি এন আৰ চিত ভৰ্তি কৰে৷ ঘটনা সন্দৰ্ভত ভগদত্তপুৰৰ পৰা এজন লোকক আটক কৰা বুলি জানিব পৰা গৈছে৷