অসমীয়া নতুন বছৰে মহানগৰবাসীলৈ কঢ়িয়াই আনিব এক শুভ সংবাদ |বহাগৰ পহিলা দিনটোৰ পৰাই মহানগৰবাসীয়ে ২৪ ঘন্টা ধৰি লাভ কৰিব বিশুদ্ধ খোৱাপানী| গুৱাহাটী জলব'ৰ্ডৰ আৰু গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণৰ এগৰাকী শীৰ্ষ বিষয়াই জানিব দিয়া অনুসৰি প্ৰথম অৱস্থাত ৫ হাজাৰ পৰিয়ালে লাভ কৰিব এই সুবিধা|৩৯৪˙৫৩ কোটিৰে নিৰ্মাণ কৰা এই পানীযোগান আচঁনিটোৰ বাবে সমগ্ৰ মহানগৰীত প্ৰায় ৫০০ কিল'মিটাৰ দৈৰ্ঘ্যৰ পাইপ লাইন বহুৱাৰ কাম প্ৰায় সম্পূৰ্ণ হৈ উঠিছে|পানী যোগান প্ৰকল্পটোৱে প্ৰথমে মালিগাওঁ, আদাবাৰী, কামাখ্যা, ফটাশিল, আমবাৰী আদি অঞ্চল সামৰি ল'ব |তাৰোপৰি এই অঞ্চল কেইটাৰ প্ৰায় ৪ লাখ বাসিন্দাৰ কোনো অসুবিধা নোহোৱাকৈ বিশুদ্ধ খোৱা পানী যোগান ধৰাৰ উদ্দেশ্যে নিৰ্মীয়মান এই পানীযোগান প্ৰকল্পটোৰ বহন ক্ষমতা ১০৭ এম এল ডি|ইয়াৰোপৰি মধ্য গুৱাহাটীৰ প্ৰায়বোৰ অঞ্চলতে এই প্ৰকল্পৰ কাম চলি আছে|২৪ ফেব্ৰুৱাৰীৰ পূৰ্বে এই প্ৰকল্পটোৰ কাম সম্পূৰ্ণ কৰাৰ প্ৰচেষ্টা অব্যাহত আছে বুলি মুখ্য বিষয়াজনে জানিবলৈ দিছে|মহানগৰবাসীক ২৪ ঘন্টাই অতি কম মূল্যত পানীযোগান ধৰিবলৈ জি এম ডি য়ে সম্পূৰ্ণ চেষ্টা কৰিছে বুলিও জানিবলৈ দিছে বিষয়াগৰাকীয়ে|