ডিজিটেল ডেস্কঃ দেশৰ টেলিকম জগতত লাগিল হাহাকাৰ৷ কোটি কোটি গ্ৰাহকৰ বাবে অশনি সংকেত৷ ৰিলায়েন্স জিঅ’ৰ ৱেৱচাইট হেকৰ বাতৰিয়ে এতিয়া গ্ৰাহকসকলৰ মাজত সৃষ্টি কৰিছে হাহাকাৰৰ ৷

দেওবাৰে আবেলি বহু গ্ৰাহকে টুইটাৰত প্ৰকাশ কৰিছিল যে magicpk.com ত দেখা পাইছে তেওঁলোকৰ ব্যাক্তিগত তথ্য৷ অৱশ্যে সমগ্ৰ বিষয়টো সন্দৰ্ভত জিঅ’ই আৰম্ভ কৰিছে তদন্ত৷

উল্লেখযোগ্য যে জিঅ’ৰ সৈতে সংযোজিত হ’ব লাগিলে প্ৰয়োজন হয় আধাৰ নম্বৰৰ৷ আধাৰ নম্বৰৰ সৈতে নাগৰিকসকলৰ বায়োমেট্ৰিক আৰু ডেমোগ্ৰাফিক তথ্য সংযোজিত হৈ থাকে৷

এই তথ্য যদি সত্য হয় তেন্তে প্ৰায় ৩কোটি গ্ৰাহকৰ সুৰক্ষা বিঘ্নিত হোৱাৰ প্ৰবল সম্ভাৱনীয়তাই গা কৰি উঠিছে৷ আনহাতে জিঅ’ কতৃপক্ষই magicapick.inৰ বিৰুদ্ধে ল’ এনফ'ৰ্সমেন্টৰ কাষ চাপিছে।