কোকৰাঝাৰঃ কৰ'না ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধ কৰাৰ উদ্দেশ্যৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আহ্বান জনোৱা ২১ দিনীয়া লকডাউনক আদৰণি জনাইছে হাগ্ৰামা মহিলাৰীয়ে। প্ৰধানমন্ত্ৰীৰ আহ্বানক সম্পূৰ্ণৰূপে পালন কৰি কৰ'না ভাইৰাছৰ পৰা মুক্ত হ'বলৈ জনসাধাৰণৰ প্ৰতি আহ্বান জনাই বিটিচি অঞ্চলৰ শ্ৰমজীৱি ৰাইজৰ অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি ৫লাখ ৫০ হাজাৰ পৰিয়ালক বিনামূলীয়া ৰেচন দিয়া হব বুলি আজি সংবাদমেলযোগে ঘোষণা কৰিছে হাগ্ৰামা মহিলাৰীয়ে।

আজি কোকৰাঝাৰ গৌৰাং ভেলী হোটেলত অনুষ্ঠিত হোৱা এক সংবাদমেলত বিটিচি প্ৰধান হাগ্ৰমা মহিলাৰীয়ে কয় যে বিটিচি অঞ্চলত বসবাস কৰা ৯ লাখ ৬৪ হাজাৰ তিনিশৰো অধিক পৰিয়ালৰ ভিতৰত ৫লাখ ৫০ হাজাৰ পৰিয়ালক প্ৰথম পৰ্যায়ত বিনামূলীয়া ৰেচন দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। শ্ৰমজীৱি লোকসকলৰ অসুবিধাৰ  প্ৰতি লক্ষ্য ৰাখি লকডাউনৰ ২১ দিনীয়া সময়ছোৱাত বিটিচিৰ ৫লাখ ৫০ হাজাৰ পৰিয়ালক ২৫ কিলোগ্ৰাম কৈ চাউল, দুই কিলোগ্ৰামকৈ দাইল, আধা লিটাৰকৈ মিঠাতেল আৰু নিমখ দিয়াৰ ব্যৱস্থা বিটিচি চৰকাৰৰ পৰা কৰা হৈছে বুলি ঘোষণা কৰে বিটিচি প্ৰধানগৰাকীয়ে।

ঘৰে ঘৰে গৈ দুখীয়া ৰাইজক দিব চাউল-দাইল

বিটিচি অঞ্চলত দিন হাজিৰা কৰি খোৱা অসংখ্য লোক থকালৈ চাই সেইসকল লোকৰ অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি কাইলৈৰ পৰাই চৰকাৰৰ উদ্যোগত ঘৰে ঘৰে বিনামূলীয়া ৰেচনৰ ব্যৱস্থা কৰা হব বুলি সংবাদমেলত সদৰী কৰিছে মহিলাৰীয়ে। ৰেচনৰ বাবে নিদিষ্ট ঠাইত সমাগমৰ প্ৰয়োজন নাই বৰং চৰকাৰীভাৱে ঘৰে ঘৰে ৰেচনৰ যোগান ধৰা হব বুলি মন্তব্য কৰি হাগ্ৰামা মহিলাৰীয়ে  ১০ লাখ মাস্ক আৰু চেনিটাইজাৰো বিটিচিবাসী ৰাইজৰ ওচৰত বিনামূলীয়াকৈ বিতৰণ কৰা হব বুলি সদৰী কৰে।

'ৰেচন কাৰ্ড নাথাকিলেও পাব আৰু থকাসকলেও পাব। এইটো ঘৰে ঘৰে পাব সবেই। ঘৰে ঘৰে দিয়াৰ বাবে আমি ভলণ্টিয়াৰৰ ব্যৱস্থা কৰিছো। মুঠৰ ওপৰত কতো গেডাৰিং হব নালাগে। আমি গাঁৱে গাঁৱে এৰিয়া লৈ এইটো বিতৰণৰ ব্যৱস্থা কৰিছো। আমি মাস্ক আৰু ছেনিটাইজাৰো দিয়াৰ ব্যৱস্থা কৰিছো। যেনে-তেনে আমি কৰ'না ভাইৰাছৰ পৰা ছেফ হ'ব লাগিব।'-বিটিএডিবাসীক টেনশ্যন নকৰিবলৈ আহ্বান জনাই হাগ্ৰামাই কয়।

এই সময়ত কৰ'না ভাইৰাছৰ পৰা মুক্ত হোৱাটোৱেই সকলোৰে প্ৰধান লক্ষ্য হোৱা উচিত বুলিও মন্তব্য কৰে বিটিচি প্ৰধানগৰাকীয়ে। মাৰাত্মক ভাইৰাছবিধৰ পৰা নিজৰ লগতে সমগ্ৰ সমাজ তথা দেশখনকে মুক্ত কৰি ৰাখিবলৈ বিটিচিবাসী ৰাইজেও প্ৰধানমন্ত্ৰীৰ আহ্বান আখৰে আখৰে মানি চলিব বুলিও আশা প্ৰকাশ কৰে হাগ্ৰামা মহিলাৰীয়ে।