কোকৰাঝাৰঃ বিপিএফৰ চৰকাৰৰ কাৰ্যকাল অম্ত পৰাৰ পিছত বিটিচিত ৰাজ্যপাল শাসন প্ৰৱৰ্তন হোৱাৰ লগে লগে আজি বিটিচি সচিবালয়ত প্ৰৱেশ কৰে বিটিচিৰ নৱনিযুক্ত মুখ্য সচিব সিদ্ধাৰ্থ সিং আৰু প্ৰশাসক ৰাজেশ প্ৰসাদ। বিটিচি সচিবালয়ৰ প্ৰেক্ষাগৃহত প্ৰতিটো বিভাগৰ মূৰব্বী বিষয়াৰ সৈতে বৈঠকত অংশগ্ৰহণ কৰি বিটিচিৰ নৱনিযুক্ত মুখ্য সচিব সিদ্ধাৰ্থ সিং আৰু প্ৰশাসক ৰাজেশ প্ৰসাদে বিভাগীয় কাম-কাজৰ বুজ লয়। 

এই ক্ষেত্ৰত সকলোৰে সহযোগিতা কামনা কৰি মুখ্য সচিব সিদ্ধাৰ্থ সিঙে নিৰ্বাচন আচৰণবিধিত যি কাম-কাজ কৰাত বাধা আৰোপ কৰা আছে সেইবোৰ বাদ দি আন কামসমুহ তথা কেন্দ্ৰীয় আঁচনিসমুহ সুচাৰুভাৱে ৰূপায়ণ কৰাত জোৰ দিয়ে। প্ৰতিটো বিভাগৰ আঁচনি ৰূপায়ণৰ অগ্ৰগতিৰ খতিয়ান সংশ্লিষ্ট বিভাগীয় মূৰব্বীৰ পৰা পৃথক পৃথকভাৱে লোৱা হ’ব আৰু দুৰ্নীতিৰ তথ্য লাভ কৰিলেই বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি সঁকিয়নি প্ৰদান কৰে বিটিচিৰ নৱনিযুক্ত মুখ্য সচিব সিদ্ধাৰ্থ সিঙে। 

তদুপৰি যিসকল কৰ্মচাৰীয়ে বিটিচি সচিবালয়ত কাম কৰি আছে তথা আন চৰকাৰী কৰ্মচাৰীসকলৰ কামত যদিহে ভুল পোৱা যায় তেনে কৰ্মচাৰীক ৰেহাই দিয়া নহ’ব বুলি সকিয়নী প্ৰদান কৰি তেনে কৰ্মচাৰী যাব লাগিব বুলি মন্তব্য কৰিছে মুখ্যসচিবে। ইয়াৰোপৰি আজিৰ পৰ্যালোচনা বৈঠকত সকলো বিভাগৰ মূৰব্বী বিষয়াৰ সতে পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰি জনসাধাৰণৰ হিতাৰ্থে পৰিকল্লনা গ্ৰহণ কৰিবলৈ আহ্বান জনাাইছে নৱনিযুক্ত মুখ্য সচিব সিদ্ধাৰ্থ সিঙে। 

ইপিনে বিটিএডি এলেকা অদ্যপি গ্ৰীণ জ’ন হৈ থকাত সন্তুষ্টি প্ৰকাশ কৰি কৃষকসকলে যাতে কোনোধৰণৰ অসুবিধাৰ সন্মুখীন নহয় তাৰ প্ৰতি বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও সদৰী কৰিছে বিটিচিৰ নৱনিযুক্ত মুখ্য সচিব সিদ্ধাৰ্থ সিঙে। অনাগত দিনটো বিটিএডি অঞ্চলক গ্ৰীণ জ’ন কৰি ৰাখিবলৈ সকলোকে সজাগ আৰু সতৰ্ক হৈ থাকিবলৈকো আহ্বান জনায় মুখ্য সচিবগৰাকীয়ে।

উল্লেখ্য যে বিটিচিত ৰাজ্যপাল শাসন প্ৰৱৰ্তন হোৱাৰ পিছতে বিপিএফৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে ইতিমধ্যে নিজ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি নিজকে এতিয়াও আনঅফিচিয়েলি চীফ বুলি ঘোষণা কৰিছিল আৰু ৰাজ্যপাল শাসনৰ বিৰুদ্ধে ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ হুংকাৰ প্ৰদান কৰিছিল। ইতিমধ্যে বিটিচিত ৰাজ্যপালৰ শাসনৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ত এক ৰাজহুৱা স্বাৰ্থজনিত আবেদন দাখিল কৰা হৈছে আৰু অহা সোমবাৰে শুনানি অনুষ্ঠিত হ’ব বুলি জানিব পৰা গৈছে। এনে এক পৰিৱেশৰ মাজতে বিটিচিৰ নৱনিযুক্ত মুখ্য সচিব সিদ্ধাৰ্থ সিঙে দুৰ্নীতিৰ বিৰুদ্ধে সকিয়নী প্ৰদান কৰা ঘটনাই বিটিচিত এতিয়া হাহাকাৰময় পৰিৱেশৰ সৃষ্টি কৰিছে।