মাৰ্ঘৰিটাঃ অসমৰ ৰাইজে বহু উৎসৱৰ নাম শুনিছে৷ উৎসৱ কিয় মহোৎসৱৰো নাম শুনিছে৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৰাইজে লগ লাগি ৰাস মহোৎসৱ, আৰিয়া উৎসৱ আদি পালন কৰে৷ ৰাজ্য চৰকাৰে নমামি ব্ৰহ্মপুত্ৰ মহোৎসৱ, বৰাক উৎসৱ, শিৱ উৎসৱ আদি পালন কৰিছে৷ চৰকাৰে ৰাজকোষৰ কোটি কোটি টকা খৰছ কৰি এনে উৎসৱ পালন কৰিলেও ৰাইজৰ এনে উৎসৱৰ জৰিয়তে লাভ হৈছে কি? 

এনে উৎসৱ পালন কৰি একো লাভ হোৱা নাই সেই কথা সকলো লোকেই অকপটে স্বীকাৰ কৰিব৷ ৰাজ্য চৰকাৰে নিৰ্বাচনৰ পূৰ্বে দিয়া প্ৰতিশ্ৰুতি পালন নকৰি মহোৎসৱ, বিনিয়োগকাৰীক অসমলৈ মাতি আনি আদৰাৰ নামত কোটি কোটি টকা খৰছ কৰা আদি কাম কৰাতহে গুৰুত্ব প্ৰদান কৰি আহিছে৷ চৰকাৰে গ্ৰাম্য অঞ্চলৰ উন্নয়নৰ বাবে কোনো পদক্ষেপ লোৱা দেখা নাযায়৷ 

বিশুদ্ধ খোৱাপানী যোগান, ৰাস্তা-ঘাট নিৰ্মাণ-মেৰামতি, দৰিদ্ৰ-কৃষক-শ্ৰমিকক চাউল, ভূমি পট্টা আদি প্ৰদানত ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপন হৈছে৷ যাৰ ফলত ৰাইজে এতিয়া চৰকাৰে পালন কৰাৰ দৰে মহোৎসৱ পালন কৰিবলৈ ওলাই আহিছে৷ চৰকাৰক শিক্ষা দিবলৈ এইবাৰ ৰাজ পথত ৰাইজে প্ৰতিকী হাল বোৱা-মাছ ধৰা উৎসৱ পালন কৰে৷ পথৰ গাতত জমা হোৱা পানী আৰু বোকাত মাছ মাৰি, হাল বাই প্ৰতিবাদ সাব্যস্ত কৰে৷ প্ৰতিবাদৰ নাম দিয়ে ‘হাল বোৱা-মাছ ধৰা উৎসৱ’৷ 

তিনিচুকীয়া জিলাৰ ৩৮নং ৰাষ্ট্ৰীয় ঘাইপথ যোৱা দুবছৰ ধৰি মেৰামতি নকৰাত বিধ্বস্ত হৈ পৰে৷ জিলা খনৰ মাজেৰে যোৱা ৩৮নং ৰাষ্ট্ৰীয় ঘাইপথৰ পাৱৈ-জাগুন অংশ সম্পূৰ্ণৰুপে বিধস্ত হৈ পৰিছে৷ উজনিৰ অতি ব্যস্ত তথা কয়লানগৰী মাৰ্ঘেৰিটা সংযোগী পথটো বিধস্ত হৈ পৰাত ৰাইজ চৰকাৰৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰে৷

ৰাইজে পথটো মেৰামতিৰ দাবী জনাই আহিছে যদিও চৰকাৰে হুৰুত্ব প্ৰদান নকৰাত শনিবাৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ মাৰ্ঘেৰিটা আঞ্চলিক সমিতি পথত হাল বাই, মাছ ধৰি প্ৰতিবাদ সাব্যস্ত কৰে৷ একাংশ মহিলাই পথৰ গাতত জমা হোৱা পানীত মাছ ধৰাৰ লগতে জ্যেষ্ঠ নাগৰিকে বলধৰে হাল বাই প্ৰতিবাদ কৰে৷

স্থানীয় দল-সংগঠনে কেইবাবাৰো স্মাৰকপত্ৰ প্ৰদান কৰি পথটো মেৰামতি কৰাৰ দাবী জনাইছিল যদিও আজি পৰ্যন্ত বিজেপি চৰকাৰে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি কয় ৰাইজে৷ বিজেপি চৰকাৰে জনতাৰ মূল সমস্যাসমূহ সমাধান কৰাৰ পৰিৱৰ্তে জনতাক উৎসৱ পাৰ্বণ অনুষ্ঠিত কৰি ব্যস্ত ৰাখিব বিচাৰে বুলি কয় একাংশ লোকে৷ 

সেইবাবে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ মাৰ্ঘেৰিটা আঞ্চলিক সমিতিয়ে মাৰ্ঘেৰিটাবাসী ৰাইজৰ সহযোগত বিধস্ত ৰাষ্ট্ৰীয় ঘাইপথত ‘হাল বোৱা আৰু মাছ ধৰা উৎসৱ’ পালন কৰে৷ মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰি ৩৮নং ৰাষ্ট্ৰীয় ঘাইপথ মেৰামতি নকৰিলে বহাগ বিহুৰ পিছতেই পথছোৱাত "ভূই ৰোৱা উৎসৱ" উদযাপন কৰিব বুলি হুংকাৰ দিয়ে৷