ডিজিটেল ডেস্কঃ মেদ বহুলতা বিভিন্ন দেশৰ একাংশ নাগৰিকৰ বাবে সমস্যা হিচাপে দেখা দিছে৷ বিশ্বৰ বিভিন্ন দেশৰ একাংশ লোক মেদবহুলতাৰ স্বীকাৰ হোৱাৰ ফলত বিভিন্ন চিকিৎসা কৰি মেদ কমাবলৈ সক্ষম নহয়৷ কিন্তু নিউয়ৰ্কৰ এখন জিম শেহতীয়াকৈ চৰ্চালৈ আহিছে৷

নিউয়ৰ্কৰ জিম খনত মেদবহুল লোকক উলংগ কৰি শৰীৰচৰ্চা কৰিবলৈ আৰম্ভ কৰাত এই খবৰ সংবাদ মাধ্যমত চৰ্চালৈ আহে৷ হানছেন ফিটনেছ নামৰ জিম খনৰ সৈতে জড়িত ৰিহানা আৰু চান্দ্ৰাই জনোৱা মতে জিম খনত ২১ দিনত পুৰুষ আৰু মহিলাই ৱৰ্কআউট কৰিব পাৰিব৷ ৱাৰ্ক আউট উলংগ হৈ কৰিব লাগিব৷ ইতিমধ্যে ৫ জানুৱাৰীৰ পৰা জিমত ক্লাছ আৰম্ভ হৈছে৷

যিসকলে লজ্জাবোধ কৰে তেওলোকৰ বাবে সুকীয়া ব্যৱস্থা কৰিছে জিম খনে৷ এই জিম খনত মানুহৰ প্ৰতিটো অংগৰ ৱাৰ্ক আউট কৰা হ’ব বুলি কয়৷ নিজক নগ্ন অৱস্থাত দেখা পালে ভাল লাগিব৷ নগ্ন হৈ জিম কৰিলে অক্সিজেন সৰবৰাহ হয়৷ সূৰ্যৰ ৰশ্মিৰ পৰা ডি ভিটামিন পোৱা যায়৷ তাৰ পিছতে শৰীৰৰ্চা আৰু মেদবহুলতা কমিব বুলি যুক্তি দিয়ে জিম খনে৷