ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ গৃহ ৰাজ্যত এতিয়া এতিয়া তিনি যুৱকৰ নাম ব্যাপক চৰ্চাত৷ অল্পেশ ঠাকুৰ, হাৰ্দিক পেটেল আৰু জিগনেছ মাৱানীৰ নাম ব্যাপক চৰ্চাত৷ গুজৰাট বিধান সভা নিৰ্বাচনত বিজেপিৰ বিৰুদ্ধে থিয় দিছে তিনি যুৱকে৷ ইতিমধ্যে অ’বিচি নেতা অল্পেশ ঠাকুৰে কংগ্ৰেছত যোগদান কৰিছে৷ হাৰ্দিক পেটেল আৰু জিগনেছ মাৱানী একপ্ৰকাৰ কংগ্ৰেছৰ পক্ষত থিয় দিছে৷

পেটেলৰ সংৰক্ষণ দাবীত প্ৰতিবাদ কৰি জনপ্ৰিয় হোৱা হাৰ্দিক পেটেলে নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে কংগ্ৰেছক সংৰক্ষণ সন্দৰ্ভত চূড়ান্ত সময়সীমা বান্ধি দিলে৷ কগ্ৰেছত যোগদানৰ কৰিব বুলি প্ৰচাৰ চলি থকাৰ মাজতে হাৰ্দিকে পেটেল সম্প্ৰদায়ৰ সংৰক্ষণৰ সন্দৰ্ভত ৩ নৱেম্বৰৰ ভিতৰত স্থিতি স্পষ্ট কৰিবলৈ সময়সীমা বান্ধি দিয়ে কংগ্ৰেছক৷

হাৰ্দিকে টুইট কৰি ‘৩ নৱেম্বৰ আগে আগে কংগ্ৰেছে কিদৰে পাটিদাৰ সকলক সংবিধানিক ভাবে সংৰক্ষনৰ ব্যৱস্থা কৰিব সেয়া উল্লেখ কৰক, নহলে অমিত শ্বাহৰ দৰে ঘটনা হ’ব চুৰাটত৷’ উল্লেখযোগ্য যে, বৰ্তমানলৈ হাৰ্দিক পেটেলে কোনো এটা বিশেষ দলত যোগ নিদিলেও কিছুদিন পুৰ্বে পাটিদাৰৰ অন্যতম নেতা অল্পেশ ঠাকুৰে কগ্ৰেছত যোগ দিছে৷

গুজৰাট বিধানসভা নিৰ্বাচনক ২০১৯ত হ’বলগীয়া লোকসভা নিৰ্বাচনৰ চেমি ফাইনেল হিচাপে ধৰা হৈছে৷ যাৰ বাবে বাৰৰ গুজৰাট নিৰ্বাচন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু বিজেপিৰ অধ্যক্ষ অমিত শ্বাহৰ বাবে সন্মানৰ বিষয় হৈ পৰিছে৷ সদ্যহতে হাৰ্দিক পেটেলে গুজৰাটত কংগ্ৰেছে বিজেপিৰ ৰাজনৈতিক সমিকৰণক বহুলাংশে প্ৰভাৱ পেলাব বুলি চৰ্চা হৈছে৷