ডিজিটেল ডেস্কঃ ভাৰতীয় ক্ৰিকেট দলৰ অন্যতম যুৱ খেলুৱৈ হাৰ্দিক পাণ্ডিয়াই অৱশেষত বিবৃতি জাৰি কৰি কলে মই কাকো অপমান কৰা নাই৷ যিটো একাউন্টৰ পৰা টুইট কৰিছিল সেইটো ভুৱা একাউন্ট আৰু তেওৰ ফটো তাত ব্যৱহাৰ কৰি টুইট কৰি হৈছিল বুলি কয়৷ 

আদালতৰ নিৰ্দেশৰ পিছতেই পাণ্ডিয়াই টুইটাৰ যোগে তেওঁৰ আম্বেদকাৰৰ প্ৰতি আদৰ আৰু সন্মান আছে বুলি কয়৷ তেও কয় ‘‘মই কোনো এনে ধৰণৰ মন্তব্য কৰা নাই যাৰ দ্বাৰা কোনো সম্প্ৰদায় অপমানবোধ কৰিব লগা হয়৷ কাৰোবাৰ আৱেগত আঘাত পাওক৷’’ 

দেশৰ সংবিধান নিৰ্মাতা বি আৰ আম্বেদকাৰ সন্দৰ্ভত বিতৰ্কিত মন্তব্য প্ৰকাশ কৰাত খেলুৱৈগৰাকীৰ বিৰুদ্ধে এখন আদালতে তদন্ত কৰাৰ নিৰ্দেশ দিয়ে৷ হাৰ্দিকৰ মতে, টুইটটো ভুৱা একাউন্টৰ পৰা কৰা হৈছিল৷ য’ত তেওৰ নাম আৰু ফটো ব্যৱহাৰ কৰা হৈছিল৷

এই টুইটো বিগত বৰ্ষৰ ডিচেম্বৰ মাহত কৰিছিল হাৰ্দিক পাণ্ডিয়া নামৰ এটি টুইটাৰ একাউন্টৰ পৰা৷ টুইটটোত ভাৰতৰ সংবিধান নিৰ্মাতা, দলিত নেতা, ভীমৰাও আম্বেডকাৰক অপমান কৰি টুইট কৰে৷ পিছত একাউন্টটো মচি পেলোৱা হয়৷

এই টুইটাৰ একাউন্টৰ বিৰুদ্ধে এগৰাকী অধিবক্তাই জোধপুৰৰ লুণী আদালতত গোচৰ ৰুজু কৰিব বিচাৰিছিল যদিও আৰক্ষীয়ে এজাহাৰ গ্ৰহণ কৰা নাছিল৷ আৰক্ষীয়ে অগ্ৰাহ্য কৰাত আদালতত আৱেদন দাখিল কৰাত আদালতে এছচি-এছটি আইনৰ অধিনত গোচৰ ৰুজু কৰাৰ নিৰ্দেশ দিয়ে৷