ডিজিটেল ডেস্কঃ টপচেম এএছজেএ-ৰ উদ্যোগত বুধবাৰে অনুষ্ঠিত উত্তৰ-পূব ক্ৰীড়া সমাৰোহৰ বদৰুদ্দিন আহমেদ সোঁৱৰণী টেবুল টেনিছ প্ৰতিযোগিতাৰ দলগত শাখাত জি-প্লাছ দলে দূৰদৰ্শন কেন্দ্ৰ, গুৱাহাটীক ২-১ গেমৰ ব্যৱধানত পৰাস্ত কৰি খিতাপ অৰ্জন কৰাৰ বিপৰীতে মহিলাৰ একক শাখাত দ্বিতীয় বাৰৰ বাবে মণিপুৰৰ এছ. চুনীতা দেৱীয়ে বিজয়ীৰ সন্মান লাভ কৰিবলৈ সক্ষম হয়৷ 

দেৱীয়ে সতীৰ্থ জয়ালক্ষ্মীক ২-০ ব্যৱধানত হৰুৱাই বিজয়ীৰ খিতাপ দখল কৰে৷ পুৰুষৰ শাখাত চেম্পিয়ন হয় মণিপুৰৰ টি, নিৰ্মল ৷ ২-০ গেমত নিৰ্মলে মণিপুৰৰে লেনিন্দ্ৰ সিঙক পৰাভূত কৰে৷

হৰেন্দ্ৰ নাথ বৰুৱা সোঁৱৰণী প্ৰতিযোগীতাৰ ছেমিফাইনেল বৃহস্পতিবাৰে  

ইফালে হৰেন্দ্ৰ নাথ বৰুৱা সোঁৱৰণী ৰূপালী জয়ন্তী বৰ্ষৰ ফুটবল প্ৰতিযোগিতাৰ বৃহস্পতিবাৰে অনুষ্ঠিত হ’বলগীয়া প্ৰতিযোগিতাৰ ছেমি ফাইনেলত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব ছয়গাঁও প্ৰেছ ক্লাব বনাম দূৰদৰ্শন কেন্দ্ৰৰ বিপৰীতে প্ৰাগ চেনেল বনাম ইলেক্ট্ৰনিক মিডিয়াই৷ 

প্ৰতিযোগিতা সমূহৰ বঁটা বিতৰণী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা হৃষীকেশ গোস্বামীৰ লগতে ক্ৰীড়া সঞ্চালক পবিত্ৰ ৰাম খাউণ্ড, ছাত্ৰ অৰু যুৱ কল্যাণ বিভাগৰ সদস্য সচিব লক্ষ্য কোঁৱৰ আৰু টপচেমৰ বিষয়া ড. অনিল কাপুৰ৷ এইবাৰৰ প্ৰতিযোগিতালৈ টপচেম, অইল ইণ্ডিয়া, এন.আৰ.এল, ইউকো বেংক, এছ বি আই আৰু অসম চৰকাৰে সহযোগিতা আগবঢ়াইছে৷