ডিজিটেল ডেস্কঃ টপচেম এএছজেএ-ৰ উদ্যোগত হৰেন্দ্ৰ নাথ বৰুৱা সোঁৱৰণী ৰূপালী জয়ন্তী বৰ্ষৰ ফুটবল প্ৰতিযোগিতাৰ বৃহস্পতিবাৰে অনুষ্ঠিত প্ৰতিযোগিতাৰ চূড়ান্ত খেলত প্ৰাগ নিউজে ছয়গাঁও প্ৰেছ ক্লাবক ৩-১ গ’লৰ ব্যৱধানত পৰাস্ত কৰি বিজয়ীৰ খিতাপ দখল কৰে ৷

আনহাতে আন্তঃ সংবাদ মাধ্যম দবা  প্ৰতিযোগিতাত চেম্পিয়নৰ খিতাপ দৈনন্দিন বাৰ্তাৰ সৰোজ মেধিয়ে দখল কৰাৰ বিপৰীতে ৰাৰ্ণাচআপৰ খিতাপ অৰ্জন কৰে প্ৰাগ নিউজৰ দিগন্ত চহৰীয়াই ৷ মণিপুৰৰ বিমল চান্দ সিঙে তৃতীয় স্থান অধিকাৰ কৰে৷

নেহৰু ষ্টেডিয়ামৰ বাকৰিত অনুষ্ঠিত প্ৰতিযোগিতাসমূহৰ বঁটা বিতৰণী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা হৃষীকেশ গোস্বামীৰ লগতে গুৱাহাটী প্ৰেছ ক্লাবৰ সভাপতি সঞ্জীৱ কুমাৰ ফুকন,জ্যেষ্ঠ সাংবাদিক প্ৰণয় বৰদলৈ, পবিত্ৰ গগৈ,অসম ক্ৰীড়া সন্থাৰ সভাপতি সুবোধমল্ল বৰুৱা,ইউকো বেংকৰ তাহেৰ আহমেদ,এন আৰ অলৰ মধুচন্দ্ৰা অধিকাৰী, আন্তৰ্জাতিক ফুটবলাৰ দেৱাশীষ ৰয়, ক্ৰীড়া সঞ্চালক পবিত্ৰ ৰাম খাউণ্ড, ছাত্ৰ অৰু যুৱ কল্যাণ বিভাগৰ সদস্য সচিব লক্ষ্য কোঁৱৰ আৰু টপচেমৰ বিষয়া ড. অনিল কাপুৰ৷ এইবাৰৰ প্ৰতিযোগিতালৈ টপচেম, অইল ইণ্ডিয়া, এন.আৰ.এল, ইউকো বেংক, এছ বি আই আৰু অসম চৰকাৰে সহযোগিতা আগবঢ়াইছে৷