গুৱাহাটীঃ "কুশল, ওৱালখনৰ ওচৰৰ জংঘলখিনি চাফা কৰি দিবি। ইহঁত কেইটাক কৈ চাফা কৰিবি। আমাৰ ফইজুল, হানিফহতো আছে সিহঁতক ক'লেও হ’ব। মই কোৱা বুলি কবি ফইজুল, হানিফহতে গোটেই ওৱালখনৰ কাষটো চাফা কৰি দিব৷ নহ'লে লাজ লগা কথা হ’ব৷ ইমান মানুহ আহিব পূজাখনত৷"-দীঘল দাড়িৰে মূৰত টুপি পিন্ধি থকা মানুহজনে কথাখিনি কৈ আঁতৰি গ’ল৷

তাৰ পিছত এখন হাতেৰে চাইকেল এখন ঠেলি আনি থকা আন এজন দাড়ি থকা লোকে কুশলক সকলো ঠিকে থাকে চলিছেনে বুলি সুধি খবৰ ল'লে। কাষতে কাম কৰি থকা আলী, ৰহমানহতে পেণ্ডেল সময়মতে উলিয়াব পাৰিব নে নাই বুলি ৰগৰ কৰি যিকোনো অসুবিধা হ’লে ক'বলৈ কৈ চাইকেল ঠেলি অহা লোকজনেও গুচি গ’ল৷

মুঠৰ ওপৰত ঠাইখিনিত ভীষণ ব্যস্ততা। তাৰ মাজতে, এজাক শিশু-চেমনীয়াই পূজা পূজা বুলি কৈ দৌৰা-দৌৰি কৰি আপোন পাহৰা হৈছে৷ আনন্দত মতলীয়া কণ কণ শিশুসকলৰ মনত পাৰ ভগা উছাহ৷ বহু কেইখন চকী পাৰি থোৱা আছে৷ চকী কেইখনত মানুহ বহি কাম-কাজ চোৱা চিতা কৰিছে৷ ইজনে-সিজনে ইটো-সিটো কাম কৰি মুক্ত মনে সহায়-সহযোগ কৰিছে৷ কিছু সময় পিছতে আহি পাইছে ফইজুল, হানিফহঁত। আহিয়েই এখন্তেকো নৰৈ কামত লাগি গৈছে। কাৰণ পূজালৈ মাজত মাথো দুটা দিনহে বাকী।

এই দৃশ্য আছিল এখন পূজাৰ৷ এয়া কোনো জকাইচুকৰ পূজাৰ নহয়৷ এই দৃশ্য আছিল শনিবাৰৰ গুৱাহাটী মহানগৰীৰ মাজ মজিয়াৰ এখন দুৰ্গা পূজাৰ মণ্ডপৰ দৃশ্য৷ মহানগৰীৰ বৃহত্তৰ হাতীগাঁও দুৰ্গা পূজাস্থলীৰ দৃশ্য আছিল এয়া৷ হতীগাঁও দুৰ্গা পূজাস্থলীত এতিয়া ব্যাপক তৎপৰতা৷ পেণ্ডেলৰ পৰা মৃন্ময় মুৰ্তিত অন্তিম পৰশ দিয়ালৈকে সকলোৱে যেন ব্যস্ত৷

বৃহত্তৰ হাতীগাঁও নামঘৰ দুৰ্গা পূজা উৎসৱ উদযাপন সমিতিৰ প্ৰণৱ কুমাৰ বৰুৱা সভাপতি আৰু কুশল ডেকা সম্পাদক৷ কুশল ডেকা প্ৰতিমুহূৰ্তত ব্যস্ত পূজা খনক লৈ৷ কুশল ডেকাক পূজাৰ খবৰ লোৱা উক্ত ব্যক্তি দুগৰাকী আছিল ইছলাম ধৰ্মী৷ কেৱল সেই দুজন লোকেই হাতীগাঁও দুৰ্গা পূজাৰ খবৰ লৈছেনে৷ তেনে নহয়, হাতীগাঁও হাইস্কুল চৌহদত অনুষ্ঠিত দুৰ্গা পূজাৰ প্ৰতিদিনে বহু লোকে খবৰ লৈছে৷ কেৱল খবৰ লোৱাই নহয় বিভিন্ন প্ৰকাৰে সহয় কৰি আহিছে৷

পূজাস্থলীত চকীত বহি ইটো-সিটো কাম কৰি সহায় কৰা লোকৰ মাজতো আছিল ইছলামধৰ্মী লোক৷ কেৱল ইমানেই নহয় পূজাস্থলীত দৌৰা-দৌৰি কৰি ৰং-ধেমালি কৰি থকা কণ কণ শিশুসকলৰ মাজতো ইছলামধৰ্মী শিশু আছিল৷ সিহঁতৰ মনতো পূজাক লৈ দেখা গৈছে স্ফূৰ্তি আৰু অপাৰ আনন্দ।

আনহাতে পেণ্ডেলৰ কাম কৰি আছে কেবাজনো ইছলামধৰ্মী যুৱকে৷ সম্পাদক কুশল ডেকাই জানিবলৈ দিয়া মতে, পূজাখনত বহু ইছলামধৰ্মী লোকে ভোগ দান কৰি আহিছে। কেৱল ভোগেই নহয় বিভিন্ন সামগ্ৰীও দান কৰি আহিছে ইছলামধৰ্মীসকলে৷

অহা ২৬-৩০ চেপ্তেম্বৰলৈ ৫ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ’বলগীয়া হাতীগাঁও দুৰ্গাপূজাত সঞ্জীৱ নাৰায়ণ, অভয় হাজৰিকা আদিৰ লগতে অন্যতম পৃষ্ঠপোষক হিচাপে আছে বিধায়ক ৰেকিবুদ্দিন আহমেদ, অধিবক্তা নেকিবুৰ জামান৷ হীৰেন গগৈ, অভিনেতা যতীন বৰা, উৎপলা ফুকন আদিৰ লগতে ছিদ্দিকুৰ ৰহমান, প্ৰাক্তন ছাত্ৰ নেতা নুৰুল হ’ক (ৰিন্টু), আব্দুৰ জাহিৰ (মুন্না), আমানুদ্দিন বড়া আদি ইছলামধৰ্মী লোকসকলেও উপদেষ্টা হিচাপে থাকি পূজাৰ আয়োজনত পাৰ্যমানে সহায়-সহযোগিতা আগবঢ়াই আহিছে।

ধৰ্মক লৈ সম্প্ৰতি ৰাজ্যখনৰ ভিন্ন প্ৰান্তত অসহিষ্ণুতাই গা কৰি উঠাৰ সময়তে মহানগৰীৰ হাতীগাঁও অঞ্চলত শাৰদোৎসৱৰ সময়ত প্ৰতি বছৰে এনেদৰে স্থানীয় ৰাইজে ধৰ্মীয় ভেদাভেদ পৰিহাৰ কৰি সাতামপুৰুষীয়া ঐক্য সংহতিৰ পৰিচয় দি আহিছে। 'আমি প্ৰতি বছৰে এনেকৈয়ে শান্তি-সম্প্ৰীতিৰে পূজাৰ আয়োজন কৰি আহিছো। এইবাৰো ব্যতিক্ৰম নহয়। শিক্ষা আৰু জ্ঞানৰ পোহৰৰে উদ্ভাষিত প্ৰতিজন লোকেই এয়াই বিচাৰে। আশা কৰিছো শাৰদীয় দুৰ্গোৎসৱে আমাৰ মনৰ পৰা হিংসা-বিদ্বেষ আদি আঁতৰাই সমাজখন নিকা কৰি তুলিব।'- newwnextone.comৰ জৰিয়তে সমূহ অসমবাসীক শাৰদীয় শুভেচ্ছা জনাই এইদৰে কয় পূজা সমিতিৰ সম্পাদক কুশল ডেকাই।