কামপুৰ/হোজাই: এক বৰ্বৰ, পাশৱিক হত্যাকাণ্ড সংঘটিত হোৱাৰ বাতৰি পোৱা গৈছে হোজাই জিলাৰ যমুনামুখত৷ এগৰাকী শিক্ষয়িত্ৰী বিদ্যালয় ছুটী হোৱাৰ পিছত ঘৰলৈ গৈ থকা অৱস্থাতে আদ বাটতে কোনো অজ্ঞাত দুৰ্বৃত্তই দলৱদ্ধ ধৰ্ষণ কৰি হত্যা কৰি মৃতদেহ কপিলী নৈত উটুৱাই দিয়াৰ দৰে এক জঘন্য কাণ্ড সংঘটিত হৈছে৷

এই ঘটনাই হোজাই জিলাৰ যমুনামুখ অঞ্চলত চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ ঘটনাৰ বিৱৰণী মতে, যমুনামুখ আৰক্ষী থানাৰ অন্তৰ্গত চাংজুৰাই গাওঁ ইলাচি দেউৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী অৰ্ণমাই বৰা(৫৫)ৰ মৃতদেহ বুধবাৰে বিয়লি কপিলী নদীত উদ্ধাৰ হয়৷

কামপুৰ আৰক্ষী থানাৰ অন্তৰ্গত ধিং গাঁৱৰ বিমল বৰাৰ শিক্ষয়িত্ৰী পত্নী অৰ্ণমাই বৰাই আনদিনাৰ দৰে আজি বিয়লি অনুমান তিনি মান বজাত বিদ্যালয়ৰ পৰা ঘৰলৈ উভতি যোৱাৰ পথত যমুনামুখ কামপুৰ পথৰ উৰিয়াম নামৰ এক নিৰ্জন ঠাইত দু্ৰ্বৃত্তৰ দল এটাই অসৎ কাৰ্য চৰিতাৰ্থ কৰি শিক্ষয়িত্ৰী গৰাকীক হত্যা কৰে৷

তাৰ পিছতে প্ৰমাণ নাইকিয়া কৰাৰ বাবে শিক্ষয়িত্ৰী গৰাকীক কাষৰ কপিলী নৈত পেলাই দিয়ে৷ স্থানীয় ৰাইজে কপিলী নৈৰ বৰচুংঘাটত এটা মৃতদেহ দেখি আৰক্ষীক খবৰ দিয়ে৷ আৰক্ষী আৰু স্থানীয়ে ৰাইজে মৃতদেহটো উদ্ধাৰ কৰাৰ লগতে চিনাক্তও কৰে৷

মৃতদেহৰ বিভিন্ন স্থানত আঘাতৰ দাগ স্পষ্ট থকাৰ লগতে দুৰ্বৃত্তই শিক্ষয়িত্ৰী গৰাকীৰ ডিঙিত চাদেৰৰে ফাঁচী লগাই অতি নৃশংসভাৱে হত্যা কৰাৰ সন্দেহ কৰা হৈছে। আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাওঁ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে।

লগতে ঘটনা সন্দৰ্ভত এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে। এই ঘটনাই সমগ্ৰ অঞ্চলটোত এক চা়ঞ্চল্যকৰ পৰিৱেশ বিৰাজ কৰাৰ লগতে দুৰ্বৃত্তক কৰায়ত্ত কৰাৰ দাবী উত্থাপন কৰিছে স্থানীয় ৰাইজে।