newsnextone|| মৰিয়নীঃ অসমৰ আগশাৰীৰ ভ্ৰাম্যমান থিয়েটাৰ হেঙুল থিয়েটাৰৰ ২০১৮ আৰু ২০১৯ বৰ্ষৰ শুভ আৰম্ভণি কৰা হয়  বৃহস্পতিবাৰে বিয়লি ভাগত মৰিয়নী বাপুজী ষ্টেডিয়ামত ।

শুভাৰম্ভণিৰ এই অনুষ্ঠান খনত উপস্থিত আছিল অসমৰ জনপ্ৰিয় সংগীত শিল্পী তৰালী শৰ্মাৰ লগতে বহুকেইগৰাকী ভ্ৰাম্যমান জগতৰ তাৰকা।ইয়াৰ লগতে অনুষ্ঠানক উপস্থিত আছিল মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী আৰু তিতাবৰৰ SDPO মৰিয়নী ৰাজহচক্ৰ বিষয়া মিৰজানা হুছেইন। 

অনুষ্ঠানৰ আৰম্ভণীতে প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ আত্মাৰ চিৰশান্তি কামনা কৰি ১ মিনিট সময় মৌন প্ৰাৰ্থনা কৰে উপস্থিত সমুহ লোকে৷

উল্লেখ্য যে, এইবাৰ হেঙুলে ৩৩তম বৰ্ষত ভৰি দিবলৈ সক্ষম হৈছে৷এই সুদীৰ্ঘ ৩৩ বছৰত বহুতো দুখ কষ্টৰ মাজেৰে আহি এই স্থানত উপস্থিত হবলৈ সক্ষম হোৱা হেঙুলে অসম ৰাইজক দিছে বহুতো সুমধুৰ স্মৃতি৷

এই বছৰৰ নাট্য বৰ্ষত আছে জমপ্ৰিয় অভিনেতা ৰাজকুমাৰ আৰু আভিনেত্ৰী পৰাঞ্জনাকে ধৰি বহু কেইগৰাকী উদীয়মান ন-পুৰনি শিল্পী৷এই বৰ্ষৰ হেঙুলৰ নাটক মীৰাবাই, বন্দুকৰ কবিতা আৰু মহাবীৰ, এই তিনিও খন নাটেই প্ৰেম, ৰোমাঞ্চ আৰু এক্সন থ্ৰিলাৰেৰে ভৰপূৰ বুলি জানিব পৰা গৈছে৷