কাজিৰঙাঃ বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণী বিশেষকৈ বানপানীৰ সময়ত আশ্ৰয় লৈ থাকিব পৰাকৈ ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত হাইলেন্ড নিৰ্মাণ কৰা-নকৰা সম্পৰ্কে আলোচনা কৰিবলৈ যোৱা ২৭ এপ্ৰিলত সাংসদ কামাখ্যা প্ৰসাদ তাছা কাজিৰঙাত উপস্থিত হয়৷ 

কাজিৰঙাৰ কহঁৰাত অৱস্থিত বন বিভাগৰ মহীমিৰি আলোচনা গৃহত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক পি শিৱকুমাৰ, বন সংমণ্ডল বিষয়া ৰমেশ গগৈ, সহকাৰী বন সংৰক্ষক ৰিতোপৱন বৰা, বনাঞ্চলিক বিষয়া চেলিম আহমেদে, নয়ন জ্যোতি গগৈ, অনাৰেৰি ৱাইল্ড লাইফ ৱাৰডেন্ট উত্তম শইকীয়া, কাজিৰঙাত কাম কৰি থকা আৰণ্যক, কৰবেট ফাউণ্ডেশ্যন, ৱাইল্ড লাইফ ট্ৰাষ্ট অফ ইণ্ডিয়া, ভূমিকে আদি কৰি কেইবাটাও বেচৰকাৰী স্বেচ্ছাসেৱী সংগঠনৰ প্ৰতিনিধি, কাজিৰঙাৰ সাংবাদিক আদিৰ উপস্থিতিত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত বন্যপ্ৰাণীৰ সুৰক্ষাৰ কাৰণে নিৰ্মাণ কৰিবলগীযা হাইলেন্ড, বাট-পথকে ধৰি আন সমস্যা সম্পৰ্কে আলোচনা কৰা হয়। 

সাংসদ তাচাই জানিবলৈ দিয়া মতে কেন্দ্ৰীয় বন আৰু পৰিবেশ মন্ত্ৰী প্ৰকাশ জাবৰেকাৰক বিশেষকৈ কাজিৰঙাৰ বন্যপ্ৰাণীৰ সুৰক্ষাৰ কথা চিন্তা কৰি উদ্যানত আৰু হাইলেন্ড নিৰ্মাণ আৰু বাৰিষাৰ সময়ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰীয়া যোৱা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত চলাচল কৰা বিশেষকৈ গধুৰ যান বাহনবোৰ বিকল্প পথেৰে চলাবলৈ আহ্বান জনাইছিল। 

প্ৰতিবছৰে বিশেষকৈ বানপানীৰ সময়ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণীবোৰে প্ৰাণ ৰক্ষাৰ তাড়নাত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰি দক্ষিণ দিশে থকা কাৰ্বি পাহাৰলৈ ঢাপলি মেলোতে তীব্ৰ বেগী গাড়ীৰ খুন্দাত বন্যপ্ৰাণীৰ মৃত্যু হয়। সেয়ে সাংসদ তাচাই আৰু জানিবলৈ দিয়া মতে উজনিৰ পৰা অহা গাড়ীবোৰ ডিব্ৰুগড়ৰ পৰা বগীবিল হৈ আৰু নামনিৰ পৰা যোৱা গাড়ীবোৰ কলিয়াবৰৰ পৰা তেজপুৰহৈ বিকল্প পথেৰে চলাবল কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক আহ্বান জনাইছে। 

কাজিৰঙাৰ জ্যেষ্ঠ সাংবাদিক তথা পৰিৱেশ কৰ্মী স্বপন নাথে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দক্ষিণ দিশে থকা কাৰ্বি পাহাৰ অৰ্থাৎ প্ৰাকৃতিক হাইলেন্ড সুৰক্ষিত কৰি কাৰ্বি ৰাইজক আৰ্থিকভাৱে বন বিভাগৰ তৰফৰ পৰা সাহায্য প্ৰদান কৰিবলৈ সাংসদ তাচাক আহ্বান জনায়। সাংসদজনে কথাটো অতি গুৰুত্বসহকাৰে লৈ পৰৱৰ্তী সময়ত চৰকাৰ তথা কাৰ্বি আংলং জিলা স্বায়ত্ত শাসিত পৰিষদৰ সৈতে আলোচনা কৰিব বুলি কথা দিয়ে। 

আনহাতে ৰাজ্যখনৰ আগশাৰীৰ বেচৰকাৰী স্বেচ্ছাসেৱী সংগঠনৰ প্ৰতিনিধি ডঃ বিভৱ কুমাৰ তালুকদাৰ, ডঃ ৰথীন বৰ্মন, ডঃ অনুপম শৰ্মা আৰু ৱাইল্ড লাইফ ৱাৰ্ডেন কৌশিক বৰুৱাই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত হাইলেন্ড নিৰ্মাণ কৰিব লগা-নলগা সম্পৰ্কে চৰকাৰক আহ্বান জনোৱা এখন স্মাৰক পত্ৰ সাংসদ কামাখ্যা প্ৰসাদ তাচাক অৰ্পণ কৰা হয়। 

উল্লেখ্য যে, ইতিমধ্যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্ত্তৃপক্ষই চৰকাৰক মূল ৰাষ্ট্ৰীয় উদ্যানৰ মাটিকালিৰ বাহিৰত বন্যপ্ৰাণীৰ সুৰক্ষাৰ কাৰণে ছটা হাইলেন্ড আৰু বনকৰ্মীয়ে বিশেষকৈ বাৰিষা কালত কৰ্তব্য কৰিব পৰাকৈ ওখ ৩২ কিলমিটাৰ দৈঘ্যৰ পথ নিৰ্মাণৰ প্ৰস্তাৱ আগবঢ়াইছিল আৰু এই প্ৰস্তাৱ চৰকাৰে গ্ৰহণ কৰিছে বুলি সঞ্চালক পি শিৱকুমাৰে জানিবলৈ দিয়ে।