ধিংঃ দেশ তথা ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিছে অসমৰ দৌৰৰ ৰাণী হিমা দাসে৷ সমগ্ৰ দেশৰে গৌৰৱ হৈ পৰিছে হিমা৷ বিশেষকৈ সুদীৰ্ঘ ৩০ বছৰৰ মূৰকত ৰাজ্যৰ এগৰাকী খেলুৱৱৈয়ে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এথলেটিকছত জিলিকি উঠিছে৷ এয়া অসমৰ বাবে গৌৰৱৰ বতৰা৷ নগাঁও জিলাৰ অতি পিছ পৰা ধিঙৰ কান্ধুলীমাৰী গাঁৱৰ ৰঞ্জিত দাস আৰু জোনালী দাসৰ কন্যা হিমা দাস৷ এটি দৰিদ্ৰ পৰিয়ালৰ সন্তান হিমা। 

সৰ্বদিশতে পিছ পৰা কান্ধুলীমাৰী গাঁৱত খেলৰ পৰিৱেশ নথকাৰ পাছতো হিমাই নিজ সংগ্ৰামৰ জৰিয়তে উজলি উঠি দেশ আৰু অসমীয়া জাতিক গৌৰাৱান্বিত কৰিছে৷ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অসমৰ গ্ৰাম্য এলেকাৰ এগৰাকী জীয়ৰীয়ে এটাৰ পিছত এটা সফলতা কঢ়িয়াই আনি সকলো সীমা অতিক্ৰম কৰিছে৷ ধিঙৰ কান্ধুলীমাৰীৰ দৰে পিছ পৰা ঠাইৰ হিমাৰ আকাশ চুবৰ মন৷ 

হয়তো আকাশ চুবৰ বাবে বেছি সময় আৰু বহু দূৰ নহয়৷ কিয়নো হিমা নিৰ্বাচিত হৈছে কমনৱেল্থ গেমচলৈ। ৪ এপ্ৰিলৰ পৰা অষ্ট্ৰেলিয়াত অনুষ্ঠিত হ’বলগীয়া কমনৱেল্থ গেমচত ভাৰতক প্ৰতিনিধিত্ব কৰিব হিমাই৷ আন্তঃৰাষ্ট্ৰীয় দৌৰবিদ হিমাই ৪০০ মিটাৰ দৌৰ প্ৰতিযোগিতাৰ বাব নিৰ্বাচিত হৈছে আৰু ভাৰতক প্ৰতিনিধিত্ব কৰিব হিমা দাসে। এই খবৰ লাভ কৰি অসমৰ ক্ৰীড়াপ্ৰেমী আনন্দিত হৈ পৰিছে৷

বিশেষকৈ নগাঁও জিলাৰ কান্ধুলীমাৰী গাঁৱৰ লোকসকল আনন্দত আত্মহাৰা হৈ পৰে৷ ইতিমধ্যে খেলুৱৈ হিমা দাসে কঢ়িয়াই আনিছে সাফল্যৰ কেইবাটাও বতৰা। নগাঁও জিলাৰ অন্তৰ্গত ধিঙৰ এখন সৰু গাওঁ ধিং কান্ধুলীমাৰী নিবাসী হিমা দাসে এথলেটিকছৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈ অহাত উৎফুল্লিত কান্ধুলীমাৰী অঞ্চল৷ 

#ৰাজ্যিক পৰ্যায়ত সফলতাঃ হিমাই পূৰ্বে জিলা আৰু ৰাজ্যিক পৰ্যায়ত অনুষ্ঠিত এথলেটিকছ প্ৰতিযোগিতাত বিশেষ সফলতা লাভ কৰাৰ পিছত খেল ইণ্ডিয়া, ৰাষ্ট্ৰীয় স্কুল গেমছ আৰু য়ুথ গেমছত ২০০ মিটাৰ দৌৰত দ্বিতীয় স্থান দখল কৰি ৰূপৰ পদক আৰু ১০০ মিটাৰ দৌৰত তৃতীয় স্থান লাভেৰে ব্ৰঞ্জৰ পদক আজুৰি আনিবলৈ সক্ষম হৈছিল৷

#যোগ্যতা অৰ্জনঃ ১৫.৯৭ ছেকেণ্ডত ৪০০ মিটাৰ দৌৰত যোগ্যতা অৰ্জন কৰিছিল হিমাই৷

#বিশ্ব স্কুল এথলেটিকছ চেম্পিয়নশ্বিপঃ বিশ্ব স্কুল এথলেটিকছ চেম্পিয়নশ্বিপত ২০০ মিটাৰত ভাৰতক প্ৰতিনিধিত্ব কৰি ৫ম স্থান দখল কৰিছিল হিমা দাসে৷

#২০১৭ চনৰ জুলাইত ১৮ অনুৰ্ধ এথলেটিকছঃ কেনিয়াৰ নাইৰোবিত ২০১৭ চনত ১২ জুলাইৰ পৰা অনুষ্ঠিত হোৱা বিশ্ব ১৮ অনুৰ্ধ এথলেটিকছ প্ৰতিযোগিতাত নিজৰ শ্ৰেষ্ঠতম প্ৰদৰ্শনেৰে প্ৰশংসা বুটলিবলৈ সক্ষম হৈছিল। সেই সময়ত ভাৰতীয় দলত স্থান লাভ কৰিছিল হিমাই৷ জুনিয়ৰ পৰ্যায়ৰ এই বিশ্ব স্তৰৰ প্ৰতিযোগীতাত দুশ মিটাৰ দৌৰত (প্ৰথম ৰাউণ্ডত) ২৪.৩৯ চেকেণ্ড সময় লৈ বিশ্বৰ ভিতৰতে ৫নং ৰেংকিঙত নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল।

#২০১৭ চনৰ মে’ত পুনৰ যোগ্যতা অৰ্জনঃ হিমা দাসে বিশ্ব এথলেটিকছ প্ৰতিযোগিতালৈ যোৱাৰ যোগ্যতা অৰ্জন কৰে৷ ২০-২৩ মে’লৈ থাইলেণ্ডত অনুষ্ঠিত হোৱা দ্বিতীয় এছিয়ান য়ুথ এথলেটিকছ প্ৰতিযোগিতাত ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰিছিল হিমা দাসে৷ ২০০ মিটাৰ দৌৰত ২৫.০৫ ছেকেণ্ড সময়েৰে সপ্তম স্থান দখল কৰিবলৈ সক্ষম হয়৷ হিমা দাসে সেই সময়সীমাৰ ১০ ছেকেণ্ড পূৰ্বেই দৌৰ সম্পূৰ্ণ কৰিবলৈ সমৰ্থ হয়৷ 

#২০১৭ চনৰ জানুৱাৰীতঃ দৰিদ্ৰ পৰিয়ালৰ প্ৰতিভাবান খেলুৱৈ হিমা দাসে যোৱা জানুৱাৰীত গুজৰাটৰ বদোদৰাত অনুস্থিত ৬২ সংখ্যক ৰাষ্ট্ৰীয় স্কুল গেমছ এথলেটিকছত ১৭ অনুৰ্ধ ছোৱালী শাখাৰ দুশ মিটাৰ দৌৰত ৰূপৰ আৰু এশ মিটাৰ দৌৰত ব্ৰঞ্জৰ পদক অজনৰ অসমলৈ গৌৰৱ কঢ়িয়াই আনিছিল।

#২০১৭ চনৰ এপ্ৰিলতঃ  ২০১৭ চনৰ ২১-২৩ এপ্ৰিলত হায়দৰাবাদত অনুষ্ঠিত ৰাষ্ট্ৰীয় য়ুথ চেম্পিয়নশ্বিপত ১২.৬৫ ছেকেণ্ডেৰে এশ মিটাৰ দৌৰত ব্ৰঞ্জৰ পদক আৰু ২৫.৮৫ ছেকেণ্ডেৰে দুশ মিটাৰ দৌৰত ৰূপৰ পদক অৰ্জন কৰিছিল। ২০১৭ চনৰ মে’ মাহত বেংককত অনুষ্ঠিত ১৮ অনুৰ্ধ এছিয়ান য়ুথ এথলেটিকছ চেম্পিয়নশ্বিপতো ভাগ লৈছিল হিমাই। 

#সম্বৰ্ধনাঃ ২০১৭ চনৰ ২০ জুলাইত নগাঁৱৰ ৰাইজে সম্বৰ্ধনা যাচিছিল হিমা দাসক৷ সংক্ষেপতে এই খিনি বৰ্ণনা দিয়া হৈছে৷ ইয়াৰ লগতে আন কেইবাটাও সফলতা লাভ কৰিছে হিমাই৷