ডিজিটেল ডেস্কঃ দুখনকৈ ৰাজ্যৰ বিধান সভাৰ নিৰ্বাচনৰ গৰম বতাহে গৰম কৰিছে সমগ্ৰ দেশ। গুজৰাট আৰু হিমাচল প্ৰদেশৰ বিধানসভা নিৰ্বাচনলৈ মাজত মাথো কেইটামান দিন৷ সমগ্ৰ ভাৰতবৰ্ষত চৰ্চিত গুজৰাট নিৰ্বাচনলৈহে৷ কিন্তু বৰ্তমানে বিশেষ চৰ্চা লাভ কৰিছে হিমাচল প্ৰদেশৰ বিধান সভা নিৰ্বাচনে৷

চৰ্চালৈ আহিছে এনে এগৰাকী ব্যক্তিৰ নাম যিগৰাকী লোকে চৌদি আৰবৰ পৰা আহিছে নিৰ্বাচন খেলিবলৈ৷ তেওঁ হৈছে আৰবৰ ডয়মণ্ডৰ লগতে কেইবাটাও ফেক্টৰীৰ মালিক কোটিপতি প্ৰকাশ ৰাণা৷ হিমাচল প্ৰদেশৰ মণ্ডি জিলাৰ জোগিন্দ নগৰৰ বিধানসভা সমষ্টিৰ নিৰ্দলীয় পাৰ্থী হিচাপে নিৰ্বাচন খেলিব প্ৰকাশ ৰাণাই৷ তেওঁ সদাই নিজৰ গাওঁ খনলৈ আহোতে হেলিকপ্টাৰেৰে আহে, ইয়াৰ কাৰণে তেওঁ নিজৰ ধৰৰ সন্মুখত হেলিপেডো নিৰ্মাণ কৰি লৈছে৷

আৰবত বেহা বেপাৰ কৰা প্ৰকাশে উপাৰ্জনৰ সাতৰ পৰা দহ শতাংশ নিজৰ এলেকাত জনতাৰ সহায়ৰ বাবে ব্যৱহাৰ কৰে৷ তেওঁ গাওঁলৈ আহোতে দিল্লীৰ পৰা হেলিকপ্টাৰেৰে অহা যোৱা কৰে৷