Error message

Deprecated function: Unparenthesized `a ? b : c ? d : e` is deprecated. Use either `(a ? b : c) ? d : e` or `a ? b : (c ? d : e)` in require_once() (line 17 of /home/nno/web/newsnextone.com/public_html/sites/all/modules/moneysuite/ms_core/ms_core.module).

ডিজিটেল ড়েক্সঃ  এতিয়া শীতৰ প্ৰকোপ৷ টাৱাং,হিমাচল প্ৰদেশ আদি পাহাৰীয়া পৰ্য্যাটনৰ ঠাইবোৰ পৰ্য্যাটকেৰে ভৰি পৰিছে৷ ইতিমধ্যে এই ঠাইবোৰত বৰফ পৰিবলৈ আৰম্ভ কৰিছে৷ ফলত এই ঠাইবোৰৰ প্ৰতি পৰ্য্যাটকৰ আকৰ্ষণ আৰু বাঢ়িছে৷ আমি এই বাতৰি লিখি থকা সময়লৈকে হয়তো আৰু হাজাৰ হাজাৰ মানুহে ভাৰাকৰা গাড়ী,বাছ আনকি বহুতে নিজৰ নিজৰ গাড়ী-মটৰ লৈও এনে ঠাইবোৰলৈ শীতৰ আনন্দ উপভোগ কৰিবলৈ যাত্ৰা কৰিছে৷ কিন্তু এনে বৰফেৰে আবৰি ৰখা ঠাইবোৰ দেখিবলৈ যিমান ধুনীয়া হয় সিমানেই গাড়ী-মটৰ চালোৱাৰ বাবে ভয়াবহ হৈ উঠে৷ আমি আপোনালোকক দেখূওৱা এই ভিডিঅটো হিমাচল প্ৰদেশৰ৷ ভিডিঅটোত দেখামতে যদিও কোনো লোক হতাহত হোৱা নাই তথাপিও বৰফেৰে ঢাকি ৰখা পথত গাড়ী চলোৱা যে কিমান ভয়াবহ হ’ব পাৰে সেইটো এই ভিডিঅটো মনদি চালেই গম পোৱা যায়৷

গতিকে শীতৰ আনন্দ উপভোগ কৰিবলৈ বৰফেৰে আৱৰি থকা ঠাইবোৰলৈ যাত্ৰা কৰা সকল সাবধান হোৱা উচিত৷ ভাল সুৰক্ষা ব্যৱস্থা থকা আধুনিক বাহন তথা উপযুক্ত অভিজ্ঞতা সম্পন্ন চালকক লৈহে এনেকুৱা ঠাইবোৰলৈ যাত্ৰা কৰা উচিত৷ নিজৰ বাহনৰ গৰাকীসকলেও এই ক্ষেত্ৰত সাৱধান হোৱা উচিত৷ অভিজ্ঞতা নাথাকিলে আপোনালোকেও অত্যাধিক আত্মবিশ্বাসী হৈ নিজৰ লগতে পৰিয়াল তথা বন্ধু-বান্ধৱৰ জীৱন বিপন্ন নকৰিব৷