গুৱাহাটীঃ এতিয়া তেওঁৰ চৌদিশে জয়জয়-ময়ময়! দিন যিমানেই গৈছে বিপৰীত পক্ষৰ সৈতে জয়ৰ ব্যৱধান সিমানে বাঢ়িছে। বহুতৰ মতে তেওঁ অসমৰ ৰাজনীতিত মহা পৰাক্ৰমী। বহুতৰ মতে তেওঁ সকলো পাইছে, নতুনকৈ পাবলৈ আৰু একো নাই। আন একাংশৰ মতে আকৌ যিখন চকী তেওঁৰ লক্ষ্য আছিল সেই চকীত বহাৰ সৌভাগ্য উদয় হ’বলৈ বৰ্তমানো বাকী আছে।

কোনো কোনোৰ মতে তেওঁ দেশৰ প্ৰতিভাৱান ৰাজনৈতিক নেতাসকলৰ অন্যতম। অসমৰ আটাইতকৈ দক্ষ মন্ত্ৰী বুলিও একপ্ৰকাৰ স্বীকৃতি লাভ কৰিছে তেওঁ। কোনো কোনোৰ মতে তেওঁ যোৱা ২০ বছৰ ধৰি অসমৰ দুই নম্বৰ মন্ত্ৰী হৈ আছে। বহুতে আকৌ প্ৰকৃতাৰ্থত তেওঁৱেই ইমানদিনে চৰকাৰ চলাই আহিছে বুলিও দাবী কৰে। তেওঁ যিয়েই নহওক অসমৰ ৰাজনীতিত সৰহসংখ্যক লোকেই তেওঁক সমীহ কৰে। 

দুই-এজন লোকে তেওঁক সাৰদাৰ বিস্কুট খোৱা দলবাগৰা নেতাও আখ্যা দিয়ে। তেওঁ সন্ত্ৰাসবাদী, আনকি হত্যাৰ অভিযোগত অভিযুক্ত বুলিও বহুতে দাবী কৰে। বহুতৰ বাবে তেওঁ দাদা, নতুন প্ৰজন্মৰ বাবে আকৌ মামা! তেওঁ আছে বাবেই অসমৰ বহু লোকে এই কৰ’না কালতো মাস্ক নিপিন্ধাকৈ থাকিবলৈ সাহস কৰাৰ কথাও ছ’চিয়েল মিডিয়াত ঘূৰি ফুৰিছে। বহুতৰ বাবে সাহস আৰু বহুতৰ বাবে ভয়-শংকা স্বৰূপ এই মানুহজন আন কোনো নহয়, তেওঁ হৈছে ড৹ হিমন্ত বিশ্ব শৰ্মা। 

একেৰাহে এটা সমষ্টিৰ পৰা ৪ বাৰকৈ বিপুল ভোটত জয়ী হৈ অহা অসমৰ মন্ত্ৰী-বিধায়কসকলৰ নাম ক’বলৈ ক’লে প্ৰথমেই মনলৈ অহা নেতাজনেই হৈছে ড৹ শৰ্মা। জালুকবাৰী সমষ্টি যেন সম্প্ৰতি তেওঁৰ নিজৰ ঘৰ! তেওঁ যিফালেই যায়, জালুকবাৰী সমষ্টিবাসীও সেইফালেই যায়।

সেয়ে যোৱা ২০ বছৰত প্ৰতি ৫ বছৰৰ মূৰে মূৰে তেওঁৰ ভোট আগতকৈ বাঢ়িয়েই আছে, বাঢ়িয়েই আছে। তেওঁৰ বিৰুদ্ধে যিসকলে নিৰ্বাচনত প্ৰতিদ্বন্দিতাত নামে সেইসকলে আচলতে সপোনতো জয়ী হোৱাৰ কথা ভাবিবলৈ ভয় কৰে! ইমানৰ পিছতো দেওবাৰে কৰ’না কালৰ মাজতে হঠাৎ পৰাজয়ৰ কথা মনত পৰিল প্ৰতাপী মন্ত্ৰীগৰাকীৰ।

হঠাৎ পৰাজয়লৈ কিয় মনত পৰিল হিমন্তৰ?

দিন সদায় একে নাছিল। এদিন তেওঁৰো পৰাজয় হৈছিল। জালুকবাৰীবাসীৰ বাবে তেতিয়া তেওঁ আছিল তেনেই নতুন মুখ। সকলোৱে ভাবিছিল, 'সৰু ল’ৰা, ই কৰিবনো কি?’ বিশ্বাসত ল’বলৈ ভয় কৰিছিল। তাতেই আকৌ তেওঁ যিটো দলৰ হৈ নিৰ্বাচনত নামিছিল সেইটো দলক সেই সময়ত অসমবাসীয়ে ঘৃণাৰ দৃষ্টিৰে চাইছিল।

উক্ত নিৰ্বাচন আছিল সংসদীয় ৰাজনীতিত তেওঁৰ বাবে প্ৰথম নিৰ্বাচন। চন ১৯৯৬। তেওঁৰ বয়স আছিল মাত্ৰ ২৭ বছৰ। প্ৰতিদ্বন্দী আছিল শক্তিশালী ভৃগু কুমাৰ ফুকন। অৱশেষত ফলাফল ওলাল। ফলাফলত ১৭ হাজাৰৰো অধিক ভোটত পৰাস্ত হয় কংগ্ৰেছ প্ৰাৰ্থী বৰ্তমানৰ মহাপ্ৰতাপী মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা। উক্ত নিৰ্বাচনত হিমন্তই লাভ কৰে মাত্ৰ ২৯,৩১৮ টা ভোট। বিপৰীতে বিজয়ী প্ৰাৰ্থী অগপৰ ভৃগু কুমাৰ ফুকনে লাভ কৰে ৪৬,৪৪৬ টা ভোট।

প্ৰথমটো নিৰ্বাচনতে পৰাস্ত হৈ স্বাভাৱিকতেই হতাশ হৈ পৰিছিল ৰাজনীতিৰ পথাৰত ভৰি থবলৈ মন মেলা যুৱক হিমন্তই। অসমত পুনৰ চৰকাৰ গঠন কৰিছিল অগপে। দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হৈছিল সোণৰ অসম গঢ়াৰ সপোন দেখুওৱা প্ৰফুল্ল কুমাৰ মহন্তই। অসমৰ কংগ্ৰেছ চৰকাৰৰ লগতে কেন্দ্ৰতো সেইবাৰ পতন ঘটিছিল পিভি নৰসিংহ ৰাও নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰৰ।

পৰাজয়ত আশাহত হৈ তেওঁ উৰা মাৰিছিল দিল্লীলৈ। তাতেই তেওঁ সাক্ষাৎ কৰিছিল নৰসিংহ ৰাওক। একাধিক অভিজ্ঞতাৰে পুষ্ট প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে তেতিয়া হতাশ মন্ত্ৰী হিমন্তক মনোবল অটুত ৰাখি পৰৱৰ্তী নিৰ্বাচনৰ বাবে সাজু হ’বলৈ পৰামৰ্শ আগবঢ়াইছিল। যোৱা দেওবাৰ অৰ্থাৎ ২৮ জুন আছিল প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ ৯৯ সংখ্যক জন্মজয়ন্তী। এই দিনটোতে বৰ্তমান কংগ্ৰেছ ত্যাগ কৰি বিজেপিত থাকিলেও কংগ্ৰেছী প্ৰধানমন্ত্ৰীগৰাকীয়ে দিয়া সেই সাহসৰ কথা ছ’চিয়েল মিডিয়াযোগে ৰাজহুৱা কৰে জীৱনৰ প্ৰথম নিৰ্বাচনত পৰাজয়ৰ মুখ দেখা হিমন্তই।

'১৯৯৬ চনত যেতিয়া মই মোৰ জীৱনৰ প্ৰথমটো বিধানসভা নিৰ্বাচনত পৰাস্ত হৈছিলো তেতিয়া মই পিভি নৰসিংহ ৰাওক দেখা কৰিবলৈ গৈছিলো। তেওঁ মোক কৈছিল যে পৰাজয় বৰণ কৰা প্ৰাৰ্থীয়ে জয়ৰ বাবে সমষ্টিবাসীৰ সৈতে আগতকৈও অধিক সম্পৰ্ক গঢ়ি তোলা উচিত। মই তেওঁৰ কথা আখৰে আখৰে পালন কৰিছিলো আৰু ইয়াৰ পিছৰখিনি এতিয়া ইতিহাস। দিন যিমানেই গৈছে মোৰ জয়ৰ ব্যৱধানো বাঢ়ি গৈছে। জন্মজয়ন্তীত মহান নেতাগৰাকীলৈ সশ্ৰদ্ধ প্ৰণাম।’-২৮ জুনৰ জন্মজয়ন্তীত ভাৰতত অৰ্থনীতিৰ পৰা আৰম্ভ কৰি ভিন্ন ক্ষেত্ৰলৈ আমূল পৰিৱৰ্তন অনা প্ৰয়াত প্ৰধানমন্ত্ৰীগৰাকীক এইদৰে স্মৰণ কৰে বৰ্তমানৰ বিজেপি নেতা তথা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।