গুৱাহাটীঃ ভাৰতত কৰ’নাৰ হটস্পট হৈ পৰা দিল্লীৰ নিজামুদ্দিনৰ তবলীগ জামাতৰ স্পষ্ট প্ৰভাৱ দেখা গৈছে অসমতো। অসমত এতিয়ালৈ কৰ’না পজিটিভ ধৰা পৰা মুঠ ২৬ জন লোকৰ ২৫ জনেই নিজামুদ্দিনৰ তবলীগ জামাতৰ সৈতে সম্পৰ্ক থকা। ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগে জনোৱা মতে তবলীগৰ পৰ অহা একাংশ লোকে প্ৰশাসনক সহযোগ আগবঢ়াইছে যদিও অধিকাংশ লোকে এতিয়াও সহযোগিতা আগবঢ়োৱা নাই।

এনে পৰিপ্ৰেক্ষিতত আজি স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অসমৰ তবলীগ জামাতৰ মুখ্য কাৰ্যালয় লাখটকীয়া মছজিদৰ নেতৃবৰ্গৰ সৈতে এক আলোচনাত মিলিত হয়। আলোচনাকালত মন্ত্ৰীগৰাকীয়ে নিজামুদ্দিনৰ পৰা অহা লোকসকলক কোৱাৰেণ্টাইন কৰাৰ ক্ষেত্ৰত লাখটকীয়া মছজিদৰ নেতৃবৰ্গক সহযোগিতা আগবঢ়াবলৈ অনুৰোধ জনায়।

ইয়াৰ পিছতে অসম ৰাজ্যিক জমিয়ত উলেমাই নিজামুদ্দিনৰ লগত জড়িত সকলো লোককে নিজৰ স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে ল’কডাউন মানি চলিবলৈ আহ্বান জনাইছে৷ অসম ৰাজ্যিক জমিয়ত উলেমাৰ সভাপতি হজৰত মৌলনা মোস্তাফাৰ নিৰ্দেশত মৌলানা কলিমুদ্দিনে দিল্লীৰ নিজামুদ্দিন মাৰ্কাজৰ পৰা উভতি আহি এতিয়াও প্ৰশাসনৰ কাষ নচপা লোকসকলক স্বইচ্ছাই স্বাস্থ্য পৰীক্ষা কৰিবলৈ আহ্বান জনায়।

মৌলানাগৰাকীয়ে কৰ’না ৰোধৰ বাবে অসম চৰকাৰৰ স্বাস্থ্য বিভাগে হাতত লোৱা পদক্ষেপকো ধন্যবাদ জনায়। 'আৰম্ভণিৰ পৰা এতিয়ালৈ অসম চৰকাৰ, ৰাজ্যৰ প্ৰশাসন আৰু স্বাস্থ্য বিভাগে অসমবাসীক মাৰাত্মক কৰ’না ভাইৰাছৰ পৰা ৰক্ষা কৰিবলৈ যি অহৰহ চেষ্টা অব্যাহত ৰাখিছে তাৰ বাবে আমি সকলোৱে বিভাগটোক আৰু চৰকাৰক কৃতজ্ঞতা জনাইছো। গতিকে আমি সকলোৱে নিজৰ লগতে সমাজখনক ৰক্ষা কৰিবলৈ চৰকাৰ-প্ৰশাসনক সহযোগিতা আগবঢ়োৱা উচিত।’-সকলোকে লকডাউন আৰু চৰকাৰী নিৰ্দেশনা মানি চলিবলৈ আহ্বান জনাই এইদৰে কয় মৌলানাগৰাকীয়ে।