himanta-twitter
himanta-twitter

গুৱাহাটীঃ সৰ্বানন্দ সোণোৱাল চৰকাৰে অসম বিধান সভাত সোমবাৰে তৃতীয় খন বাজেট উত্থাপন কৰিব৷ সোণোৱাল চৰকাৰৰ এই খন বাজেট গুৰুত্বপূৰ্ণ বুলি বিবেচিত হ’ব৷ কিয়নো ২০১৯ চনৰ লোকসভা নিৰ্বাচনত এই বাজেটে যথেষ্ট প্ৰভাৱ পেলাব৷ 

পুৱা ১০.৩০ বজাৰ পৰা অসম বিধান সভাত বিত্ত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ২০১৮-২০১৯ চনৰ বাজেট দাখিল কৰিব৷ এই খন বাজেট খনক ডিজিটেল বাজেট আখ্যা দিয়া হৈছে৷ বাজেট যাতে সাধাৰণ মানুহে চাব পাৰে তাৰ বাবে চৰকাৰে এপছ’ত বাজেট খন উপলদ্ধ কৰিব৷

বাজেট দাখিল কৰাৰ পূৰ্বে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সভা কক্ষত কেবিনেট বৈঠক অনুষ্ঠিত হয়৷ বৈঠকত মুখ্যমন্ত্ৰী সোণোৱাল আৰু সকলো মন্ত্ৰী উপস্থিত থাকে৷

আনহাতে হিমন্ত বিশ্ব শৰ্মাই পুৱাই টুইট কৰি মই অসম বিধান সভাত তৃতীয় খন বাজেট উত্থাপন কৰিবলৈ সাজু হৈছো বুলি কয়৷ এইখন বাজেট কিছু দীঘলীয়া হ'ব৷ অসমৰ উন্নয়ন আৰু প্ৰগতিৰ বাবে প্ৰচেষ্টা কৰা হ’ব বুলিও কয়৷