গুৱাহাটীঃ গুৱাহাটীৰ লাখটকীয়াস্থিত চৌধুৰী কমপ্লেক্সৰ দ্বিতীয় মহলাত সোমবাৰে সোন-ৰূপৰ গহনাৰ বিশুদ্ধতা ৰূপায়ন কৰা এটা হলমাৰ্ক কেন্দ্ৰ মুকলি কৰা হয়। 'গুৱাহাটী হলমাৰ্ক চেণ্টাৰ' নামৰ এই কেন্দ্ৰটো জনপ্ৰিয় কণ্ঠশিল্পী কৃষ্ণমণি নাথ আৰু সাংবাদিক দেৱজিত ভূঞাই বন্তি প্ৰজ্জ্বলন আৰু ফিটা কাটি মুকলি কৰে।

ভাষণত কৃষ্ণমণি নাথে কয়, "এই কেন্দ্ৰই গ্ৰাহকক সোণৰ বিশুদ্ধতা নিৰূপণৰ ক্ষেত্ৰত সহায় কৰিব। গ্ৰাহকে সোণৰ বিশুদ্ধতা নিৰূপণ কৰি মনৰ পছন্দৰ গহনা ক্ৰয় কৰিব পাৰিব। আশা কৰিছোঁ এই চেণ্টাৰটোৱে কেৱল গুৱাহাটীৰেই নহয় বৰঞ্চ সমগ্র অসম তথা উত্তৰ পূৰ্বাঞ্চলত সোণৰ বিশুদ্ধতা নিৰূপনৰ ক্ষেত্ৰত বিশেষ ভূমিকা ল'ব।"

সাংবাদিক দেৱজিত ভূঞাই কয়, "আমি বিভিন্ন সময়ত ভেজাল সোণ কিনি গ্ৰাহকক ঠগ খোৱা দেখিবলৈ-শুনিবলৈ পাওঁ। এইটো অসমৰ তৃতীয়টো হলমাৰ্ক কেন্দ্ৰ। আশা কৰোঁ এতিয়াৰপৰা অসমৰ ৰাইজে আৰু নকল সোণ সঠিকভাৱে নি্ণয় কৰিব পাৰিব আৰু এই ক্ষেত্ৰত আৰু ঠগ খাব লগা নহ'ব। মাত্র ২৭ ছেকেণ্ডৰ ভিতৰত গ্ৰাহকে পৰীক্ষা কৰিব পাৰিব সোণৰ বিশুদ্ধতা। গ্ৰাহক ইয়াৰ দ্বাৰা যথেষ্ঠ উপকৃত হ'ব।" 

মুকলি অনুষ্ঠানত কেন্দ্ৰটোৰ স্বত্বাধিকাৰী দীপক সাহা, সদৌ অসম স্বৰ্ণ শিল্পী এছ’চিয়েচনৰ সম্পাদক জয়নাল আবেদী উপস্থিত থাকে।