কোকাৰাঝাৰঃ সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ সভাপতি হিতেশ্বৰ বৰ্মনে পদৰ পৰা পদত্যা কৰে৷ এক বিবৃতি যোগে এই কথা সদৰী কৰে কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ সভাপতি হিতেশ্বৰ বৰ্মনে৷ আক্ৰাছুৰ দুয়োটা গোটৰ একত্ৰিকৰণত বিফল হোৱাৰ বাবেই পদত্যাগ কৰা বুলি বৰ্মনে পদত্যাগ পত্ৰত উল্লেখ কৰে৷

পদত্যাগ পত্ৰত বৰ্মনে কয় ‘কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ, কোচ ৰাজবংশী ৰাইজৰ বহু আকাংক্ষিত একত্ৰিকৰণৰ বাবে বহু চেষ্টা কৰিও বিফল হ’লো৷ আমাৰ ৰাইজক বিচৰা ধৰণে মুকলিভাৱে যি প্ৰতিশ্ৰুতি দিছিলো সেইমতে সফল হ’ব নোৱাৰিলো৷

সেয়ে এই দায়িত্ব সফল কৰিব নোৱৰাৰ বাবে ৰাইজৰ ওচৰত ক্ষমা বিচাৰি মই আক্ৰাছুৰ সভাপতি পদৰ পৰা পদত্যাগ কৰিলো’ হিতেশ্বৰ বৰ্মনৰ পদত্যাগ পত্ৰক লৈ ২০ ডিচেম্বৰত বঙাইগাঁৱত জৰুৰী কাৰ্যনিৰ্বাহক সভাৰ আহ্বান কৰিছে আক্ৰাছুৱে। অহা ২২, ২৩ আৰু ২৪  ডিচেম্বৰত কোকৰাঝাৰৰ মইনাৰতলত আক্ৰাছুৰ একত্ৰিকৰণ সভা অনুষ্ঠিত হোৱাৰ কথা আছিল। তাৰ পূৰ্বেই এনেদৰে সংগঠনটোৰ পৰা পদত্যাগ কৰাত চাঞ্চল্যৰ সৃষ্টি কৰিছে৷