খেৰণিঃ কৰ'না ভাইৰাছে সমগ্ৰ বিশ্বৰ লগতে ভাৰততো লৈছে ভয়াৱহ ৰূপ। ইয়াৰ সংক্ৰমণ প্ৰতিহত কৰিবলৈ সামাজিক দূৰত্ব বৰ্তাই ৰাখিবৰ বাবে সমগ্ৰ দেশতে অব্যাহত আছে লকডাউন। এনে সময়তে পশ্চিম কাৰ্বি আংলঙৰ খেৰণি থানাৰ অন্তৰ্গত খেৰণি গড়কাপ্তানী উপ-সংমণ্ডলৰ অধীনত থকা ডাকবাংলোত চাৰিদিন ধৰি আবদ্ধ হৈ আছে ৫১ জনকৈ শ্ৰমিক।

এই আটাইকেইজন শ্ৰমিক হৈছে ডিমা হাছাও জিলাত অৱস্থিত অসম কয়লা কুৱেৰীৰ। তেওঁলোকৰ ঘৰ হোজাই জিলাৰ ডবকা আৰু মুৰাঝাৰ অঞ্চলৰ থকা বুলি জানিবলৈ দিছে। যোৱা প্ৰায় এমাহ ধৰি কয়লা কুৱেৰীৰ সমীপতে থকা শিবিৰতে বিভিন্ন কষ্ট তথা সমস্যাৰ মাজেৰে দিন অতিবাহিত কৰিছিল তেওঁলোকে।

শেহতীয়াকৈ ধুমুহাই তেওঁলোকৰ অস্থায়ী শিবিৰটো উৰুৱাই নিয়াৰ বাবে উপায়হীন হৈ সেই স্থান ত্যাগ কৰি ঘৰলৈ বুলি এবাৰতে ৬১জনীয়া এটা দলে ওলাই আহিছে। চমু পথেৰে বুলি তেওঁলোকে হাবি-জংঘলৰ মাজেৰে আহি ২০ এপ্ৰিলত জিৰিকীন্দেং আহি পায়হি। লগে লগেই জিৰিকীন্দেঙত আৰক্ষীয়ে গাড়ীৰ ব্যৱস্থা কৰি খেৰণিলৈ প্ৰেৰণ কৰে।

পশ্চিম কাৰ্বি আংলং জিলাৰ আৰক্ষী প্ৰশাসনে গড়কাপ্তানী ডাকবাংলোত এনিশা ৰখাৰ পিছত অৰ্থাৎ যোৱা ২২ এপ্ৰিলত হোজাই আৰক্ষী প্ৰশাসনৰ ওচৰত শ্ৰমিকসকলক প্ৰেৰণ কৰে। কিন্তু হোজাই আৰক্ষী প্ৰশাসনে নিজ জিলাৰ বাসিন্দা হোৱা স্বত্তেও তেওঁলোকক গ্ৰহণ কৰাৰ পৰা বিৰত থাকে। ফলত: পশ্চিম কাৰ্বি আংলং জিলাৰ আৰক্ষীয়ে ৫১ জন শ্ৰমিকক ওভতাই আনিব লগাত পৰিছে। বৰ্তমান পশ্চিম কাৰ্বি আংলঙৰ আৰক্ষী প্ৰশাসনৰ তত্বাৱধানত খেৰণি গড়কাপ্তানী ডাকবাংলোতে তেওঁলোক আৱদ্ধ হৈ আছে।