গুৱাহাটীঃ বিদ্যালয়ত ঘৃণনীয় কাণ্ড৷ যি কাণ্ড সংঘটিত কৰিছে এগৰাকী শিক্ষকে৷ যি কাণ্ড সভ্য সমাজৰ বাবে কাম্য নহয়৷ তেনেই কাণ্ড সংঘটিত কৰিছে হোজাই জিলাৰ লংকা প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত বামুনগাঁও মধ্য ইংৰাজী মাদ্ৰাছা বিদ্যালয়ৰ প্ৰধান শিক্ষক চেলিম উদ্দিনে৷ শ্ৰেণী কোঠাত স্কুলৰ ৰান্ধনীৰ সৈতে অনৈতিক কাৰ্যত লিপ্ত হোৱাৰ ভিডিঅ’ ইতিমধ্যে ভাইৰেল হৈ পৰিছে ছচিয়েল মিডিয়াত৷ 

সাধাৰণতে এনেবাৰ বাতৰি প্ৰকাশ কৰাৰ পৰা বিৰত থাকে newsnextone.com৷ অনিচ্ছা স্বতেও প্ৰকাশ কৰিব লগা হয় এনে বাতৰি৷ কিয়নো অসমৰ অভিভাৱকসকলে অধিক সজাগ আৰু সচেতন হোৱাৰ স্বাৰ্থত হে এই বাতৰি প্ৰকাশ কৰা হৈছে৷ 

আপোনাৰ সন্তানটো পঢ়া বিদ্যালয় খনৰ শৈক্ষিক পৰিৱেশ, আদৱ-কায়দা কেনেকুৱা এই কথাৰ লগতে শিক্ষানুষ্ঠানৰ সৈতে জৰিত আন আন লোকসকলৰ (একাংশ)  প্ৰতিও যাতে সজাগ-সচেতন হয় তাৰ বাবে বাতৰি প্ৰকাশ কৰা হৈছে৷ 

অভিভাৱকসকল সজাগ-সচেতন হ’বৰ হ’ল সেই কথাক সাৰোগত কৰি হে এই বাতৰি প্ৰকাশ কৰা হৈছে৷ কিয়নো বিদ্যালয়খনৰ যিসকল লোকক (একাংশ) আমি কেতিয়াও সন্দেহৰ চকুৰে নাচাও, সন্দেহ কৰিবলৈ ভয় কৰো তেনে লোকৰ বিৰুদ্ধেও এতিয়া ঘৃণনীয় কাণ্ড সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈছে৷

এগৰাকী শিক্ষকে এনে কাণ্ড এখন স্কুলৰ ভিতৰত সংঘটিত কৰিব বুলি কোনেও ভাবিব নোৱাৰে৷ বিশ্বাস কৰিবলৈ টান পোৱা এই দৃশ্যক সঁচা বুলি স্বীকাৰ কৰি লব লগা হৈছে সভ্য সমাজে৷ পবিত্ৰ বৃত্তিৰ সৈতে জড়িত শিক্ষকে এনে কাণ্ড সংঘটিত কৰিব বুলি সততে বিশ্বাস কৰিবলৈ টান লাগে৷ কিন্তু ছবিয়ে সঁচা কথা কয়৷ যেতিয়া সকলো কেমেৰাত বন্দী হয় তেতিয়া সকলো জল জল পট পট হৈ পৰে৷ লংকাৰ প্ৰধান শিক্ষকৰ কৰ্মকাণ্ডই এতিয়া চকু কপালত তুলিছে সকলোৰে৷ 

বিদ্যালয় খনৰ ৰান্ধনীৰ সৈতে অবৈধ সম্পৰ্ক গঢ়ে শিক্ষকজনে৷ অবৈধ স্থাপনৰ ভিডিঅ বৰ্তমান চছিয়েল মিডিয়ত ভাইৰেল হৈ পৰিছে৷ সৰ্বত্ৰে সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ৷ লংকা প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত বামুনগাও মধ্য ইংৰাজী মাদ্ৰাছা বিদ্যালয় প্ৰধান শিক্ষক চেলিম উদ্দিনৰ স্কুলত আছে ৯৫ জন ছাত্ৰ-ছাত্ৰী৷ তেনে এখন বিদ্যালয়ৰ প্ৰধান শিক্ষক চেলিম উদ্দিনে শিক্ষাদানৰ পৰিৱৰ্তে অধৈধ সম্পৰ্ক গঢ়ে স্কুল খনৰ মধ্যাহ্ন ভোজনৰ ৰান্ধনীৰ সৈতে৷ 

দীৰ্ঘ দিনৰপৰাই বিদ্যালয়ৰ কোঠাত অবৈধ সম্পৰ্ক গঢ়াৰ অভিযোগ উত্থাপন হৈ আহিছিল শিক্ষকজনৰ বিৰুদ্ধে৷ স্থানীয় ৰাইজ প্ৰধান শিক্ষক চেলিম উদ্দিনে বিদ্যালয়লৈ আহি বিদ্যালয়ৰ শিক্ষকসকলৰ জিৰনী কোঠা নাইবা বিদ্যালয়ৰ শ্ৰেণী কোঠাত ছাত্ৰ-ছাত্ৰীক শিক্ষা দান কৰাৰ বিপৰীতে দিনৰ দিনটো ৰান্ধনীকোঠাত হে পাৰ কৰিছিল৷

ৰান্ধনীগৰাকীৰ সৈতে অবৈধ সম্পৰ্কৰ কথা স্থানীয় ৰাইজ অৱগত হয় আৰু সমগ্ৰ অনৈতিক কাৰ্যৰ ভিডিঅ' সকলোৰে মোবাইলত ভাইৰেল হৈ পৰে৷ এই খবৰ ৰাজহুৱা  হোৱাত প্ৰধান শিক্ষক চেলিম উদ্দিনে আত্ম গোপন কৰে৷ বহু দিনৰ পৰাই বিদ্যালয়ত অনুপস্থিত প্ৰধান শিক্ষকগৰাকী৷ লংকা প্ৰাথমিক শিক্ষা খণ্ডৰ বিষয়াকো জনোৱা নাই চেলিমে বিদ্যালয়ত অনুপস্থিতি থকাৰ কথা৷ 

আনহাতে বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতিগৰাকীয়েও সমগ্ৰ ঘটনা সন্দৰ্ভত সাংবাদিকৰ কেমেৰাৰ সন্মুখত প্ৰদান কৰে তুলুঙা মন্তব্য৷ সকলো জানি বুজিও নজনাৰ ভাও ধৰে পৰিচালনা সমিতিয়ে৷ যিটো সময়ত এখন মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ চৰিত্ৰৰ আচল ৰূপ ওলাই পৰিছে তেনে সময়তেই ষষ্ঠ, সপ্তম আৰু অষ্টম শ্ৰেণীৰ ছাত্ৰীসকল কিমান নিৰাপদ সেয়া চিন্তাৰ বিষয় হৈ পৰিছে৷