খেৰণিঃ চিকিৎসালয় নহয়, কাৰ্বি পাহাৰৰ ৰংপাংবঙৰ ভূত-বঙলা৷ বিনামূলীয়া চিকিৎসা প্ৰদান কৰি ৰাইজক সকাহ দিয়াৰ প্ৰধান লক্ষ্য আৰু উদ্দেশ্যই হৈছে অসম চৰকাৰৰ অধীনস্ত স্বাস্থ্য বিভাগৰ৷ যাৰ পৰিপ্ৰেক্ষিতত উল্লেখিত বিভাগটোয়ে বিভিন্ন সময়ত গ্ৰহণ কৰা অভিলাষী আঁচনিৰ জৰিয়তে ৰাজ্যৰ বিভিন্ন প্ৰান্তত স্থাপন কৰি আহিছে ভিন্ন শ্ৰেণীৰ চিকাৎসালয়৷

ঠিক একেদৰে দুৰ্গম পাহাৰীয়া অঞ্চল তথা পশ্চিম কাৰ্বি আংলঙৰ ৰংপাবঙতো অসম চৰকাৰে স্থাপন কৰিছিল এখন চৰকাৰী ৰাজ্যিক চিকিৎসালয়৷ উল্লেখ্য যে, ৰংপাংবঙত চিকিৎসালয় স্থাপন কৰি চৰকাৰে চৰকাৰী আঁচনি ৰূপায়ন কৰা দেখুৱালে ঠিকেই, কিন্তু অশ্বৰ্যজনক কথা যে উক্ত চিকিৎসালয়খনত নাই বিনামুলীয়া ঔষধপাতিৰ যোগান, নাই ৰোগীক শুশ্ৰষা তথা পৰামৰ্শ দিবলৈ এগৰাকীও চিকিৎসক, নাৰ্চ তথা অন্যান্য কৰ্মচাৰী৷

মুঠতে কেৱল এখন চিকিৎসালয় স্থাপন কৰিয়েই দায়িত্ব সামৰিছে অসম চৰকাৰৰ স্বাস্থ্য বিভাগে৷ ইতিমধ্যে চিকিৎসালয়ৰ দৃশ্য আৰু অৱস্থা দেখি "আছে গৰু নাবায় হাল থকাতকৈ নথকাই ভালৰ লেখিয়া হৈছেগৈ এতিয়া এই চিকিৎসালয়খন" বুলি স্থানীয় ৰাইজে পুতৌজনক মন্তব্য কৰিছে চিকিৎসালয়খনক লৈ৷

এক পৰিতাপৰ বিষয় যে চিকিৎসালয়খনত চিকিৎসকে ৰোগী চোৱাচিতা কৰা অথবা আন আন কৰ্মচাৰীয়ে চিকিৎসালয়খনক নিৰীক্ষণত ৰখাটো দূৰৰে কথা বৰং চিকিৎসালয়খনেহে এতিয়া চিকিৎসক অহাক লৈ বহু দিনৰে পৰা অপেক্ষাত বাট চাই ৰৈছে৷ এতিয়া দীৰ্ঘদিন ধৰি অব্যৱহৃত আৰু অচল হৈ থকা চিকিৎসালয়খনৰ গেট-দুৱাৰত লগাই থোৱা তলাও মামৰে ধৰাৰ উপক্ৰম হৈছে৷

সম্প্ৰতি চিকিৎসালয়খনৰ চৌহদ ক্ৰমান্নয়ে ডাঠ বন-জংঘলেৰে আৱৰি ধৰাত চিকিৎসালয়খন ক্ৰমাৎ ভূত-বঙলালৈ ৰূপান্তৰিত হব ধৰিছে৷ যাৰ ফলত বৃহত্তৰ অঞ্চলটোৰ ৰাইজে চিকিৎসা সেৱাৰ অভাৱত বেমাৰ আজাৰৰ আক্ৰমণ আদিক লৈ ভীষন সমস্যাত পৰিবলগীয়া হৈছে৷ আনহাতে প্ৰসূতি, আন্যন্য ৰোগত আক্ৰান্ত ৰোগীক চিকিৎসা প্ৰদানৰ বাবে উল্লেখিত অঞ্চলটোত কোনো বিকল্প বিচাৰি নাপায় অৱশেষত হামৰেণ, হোজাই, দিফু, নগাঁও আদি ঠাইলৈ নিব লগাত পৰে ভুক্তভোগী পৰিয়ালে৷ কেতিয়াবা অতি সংকটজনক আৰু জৰুৰীকালীন অৱস্থাৰ ৰোগীয়ে মৃত্যু ঘন্টা গণি গণিয়েই অন্য প্ৰান্তলৈ নি থকা অৱস্থাত অকাল মৃত্যুক আকোৱালি লব লগাত পৰে বুলি কৈ দুখ প্ৰকাশ কৰে স্থানীয় ৰাইজে৷

এইদৰে এশ এবুৰি সমস্যাৰ উপৰিও এনেদৰে চিকিৎসা সেৱাৰ পৰা ৰাইজে বঞ্চিত হবলগীয়া হোৱাত বিশেষকৈ ৰংপাংবং চৰকাৰী চিকিৎসালয়ৰ চিকৎসক-কৰ্মচাৰীৰ বিৰোদ্ধে বিভিন্ন প্ৰকাৰৰ অভিযোগ তুলি বিৰূপ মন্তব্য কৰিছে স্থানীয় ৰাইজে৷ আনকি খঙত পকী থকা একাংশ ৰাইজে এইবুলিও মন্তব্য কৰে যে চৰকাৰী নাকী নথকাৰ বাবেই আজি এইদৰে চিকিৎসালয়খনত চিকিৎসক-কৰ্মচাৰীয়ে নিজৰ মইমতালিৰে আৰাজকতা চলাবলৈ ধৰিছে৷

চৰকাৰৰ এইসকল পোহনীয়া কৰ্মচাৰীয়ে আচলতে অঞ্চলটোত থকা মানুহৰ জীৱনক তুচ্ছ আৰু মুল্যহীন জ্ঞান কৰি ঠগ প্ৰৱঞ্চনাৰেই চৰকাৰী ধন দৰমহা হিচাপে আদায় কৰি আহিছে বুলি কোৱাৰ লগতে এওঁলোক প্ৰকৃততে চৰকাৰৰ ধন খোৱা নাই, এওঁলোকে খাইছে সাধাৰণ মানুহৰ তেজ বুলি কৈ নিজৰ ক্ষোভ উজাৰে অঞ্চটোৰ ৰাইজে৷

কিন্তু এতিয়া প্ৰশ্ন হ’ল কোনে আৰু কেতিয়া নাকী লগাব এইসকল বিষয়া কৰ্মচাৰীক? এনেবোৰ সমস্যা সৃষ্টিৰ মুলতে কোন বাৰু জগৰীয়া? ৰোগীৰ মৃত্যুৰ কাৰনৰ বাবে কোন হব জবাৱদিহি? এনেবোৰ কোটীটকীয়া প্ৰশ্ন উঠিছে এতিয়া ৰাইজৰ মাজত৷