ধেমাজীঃ চিলাপথাৰত বাঙালী উদ্বাস্তু সংগঠনে আছুৰ কাৰ্যালয় লণ্ডভণ্ড কৰা ঘটনাত সমগ্ৰ ধেমাজি জিলাৰ বিভিন্ন স্থানত দুষ্কৃতিকাৰীৰ কূটাঘাত কাৰ্য অব্যাহত থকাৰ বাতৰি পোৱা গৈছে। বুধবাৰে নিশা প্ৰায় ১১ বজাত ধেমাজি থানাৰ অন্তৰ্গত বিষ্ণুপুৰৰ শান্তিপুৰ গাঁৱত এটি গোহালিত কোনো দুৰ্বৃত্তই অগ্নিসংযোগ কৰাত দুটা পশুধন জ্বলি ছাই হোৱাৰ উপৰিও আন ৫ টা পশুধন মৃত্যু যন্ত্ৰণাত ছটফটাই থকা পৰিলক্ষিত হৈছে।

আনফালে ৩ নং টেকজুৰি গাঁৱত এটি গৃহত অগ্নিসংযোগ কৰাত বহু সা-সম্পত্তি ভস্মীভূত হয়। উল্লেখ্য যে উক্ত গৃহটোত লগা জুই নিৰ্বাপণ কৰিবলৈ চেষ্টা কৰোতে চিলিণ্ডাৰ বিস্ফোৰণ হোৱাত ২ জন আৰক্ষী কথমপি ৰক্ষা পৰে।

ইপিনে চিলাপথাৰ কাণ্ডৰ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে। আজি গৰ্হিত কাণ্ডটোৰ সৈতে জড়িত ১৬ জনক আৰক্ষীয়ে আটক কৰি ধেমাজি আদালতত হাজিৰ কৰায়। এতিয়ালৈ সম্প্ৰতি মুঠ ২৮ জনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।