বিশেষ প্ৰতিবেদনঃ সোমবাৰে নিশাৰে পৰা ভাৰত চৰকাৰে নিষিদ্ধ ঘোষণা কৰে ৫৯টাকৈ চীনা এপক। এই এপসমূহৰ ভিতৰত আছে টিকটক আৰু কেমস্কেনাৰৰ দৰে জনপ্ৰিয় আৰু দৈনন্দিন কামৰ সৈতে জড়িত কেবাটাও এপ।

২০১৯ চনৰ পৰিসংখ্যা অনুযায়ী ভাৰতত টিকটকৰ অতিকমেও ৩০ কোটি ইউজাৰ, লাইকিৰ ১৮ কোটি, হেলোৰ ১৩ কোটি আৰু শ্বেয়াৰ-ইট তথা ইউচি ব্ৰাউজাৰৰ ১২ কোটিৰ ওচৰাওচৰি ইউজাৰ্ছ আছে। এনে পৰিপ্ৰেক্ষিতত বহুতৰ মনলৈ প্ৰশ্ন আহিছে যে নিষিদ্ধ ঘোষণা কৰাৰ পিছত এই ইউজাৰসকলৰ মোবাইলত ইনষ্টল হৈ থকা এপসমূহ নিজে নিজে ডিএক্টিভেট হৈ যাব নে সক্ৰিয় হৈয়েই থাকিব?

যদিহে নিষিদ্ধ ঘোষিত এপসমূহৰ কোনো এপ ফোনত ইনষ্টল হৈ আছে তেন্তে উক্ত এপসমূহে আপোনাৰ ফোনত এতিয়াও কাম কৰি থাকিব পাৰে। নিষিদ্ধ ঘোষণা কৰাৰ পিছতো বহু লোকৰ মোবাইলত শ্বেয়াৰ-ইট, টিকটক, কেমস্কেনাৰ আদি এপে কাম কৰি আছে। 

কিন্তু যেতিয়াই আপুনি নতুনকৈ টিকটক বা আন বাকী ৫৮ টা এপ ডাউনলোড কৰিবলৈ চেষ্টা কৰিব সেয়া সম্ভৱ নহ’ব। কিয়নো চৰকাৰৰ অন্তৱৰ্তীকালীন নিৰ্দেশৰ পিছতে এপল আৰু গুগলে নিজৰ এপষ্টোৰৰ ইণ্ডিয়া লোকেশ্যনৰ পৰা উক্ত ৫৯ টা এপ আঁতৰাই দিছে। অৱশ্যে টেকনিকেল ক্ৰুটিৰ ফলত কোনো কোনো মোবাইলত বৰ্তমানো কিছুমান এপ ডাউনলোড হোৱাৰ খবৰ পোৱা গৈছে।

চৰকাৰে জাৰি কৰা নিষেধাজ্ঞাই কেনেদৰে কাম কৰিব?

তাৎপৰ্যপূৰ্ণ যে ভাৰত চৰকাৰে ৫৯ টাকৈ এপ নিষিদ্ধ ঘোষণা কৰি দিয়া নিৰ্দেশনাত ক’তোৱেই চীনৰ নাম উল্লেখ কৰা নাই। উক্ত নিৰ্দেশনা আৰু চৰকাৰী প্ৰেছ বিবৃতিত নিষিদ্ধ ঘোষণা কৰাৰ পিছত এপসমূহৰ ভাৰতস্থিত কাৰ্যালয়ৰ কি হ’ব বা ইয়াৰ বৰমূৰীয়াসকলৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিব নেকি সেই লৈ কোনো কথা স্পষ্ট কৰি দিয়া নাই। কিন্তু যিকেইটা এপৰ নাম উল্লেখ কৰিছে সেইবোৰৰ আটাইকেইটা এপ কোনো নহয় কোনো প্ৰকাৰে চীনৰ সৈতে জড়িত। 

চৰকাৰে বিষয়সমূহ নিৰ্দেশনাত স্পষ্ট কৰি নিদিয়া বাবে কেনেদৰে এপসমূহ নিষিদ্ধ কৰা হ’ব সেই লৈ বহুতৰে মনত প্ৰশ্নৰ উদয় হৈছে। এই প্ৰশ্নৰ উত্তৰ হিচাপে কেবাটাও সংবাদ মাধ্যমৰ আগত সবিশেষ জনাইছে দেশৰ আগশাৰীৰ আই টি এক্ট আৰু চাইবাৰ আইনৰ বিশেষজ্ঞ বিৰাগ গুপ্তাই। তেওঁৰ মতে এপসমূহক সম্পূৰ্ণৰূপে নিষিদ্ধ কৰিবলৈ চৰকাৰে চাৰিটা পদক্ষেপ গ্ৰহণ কৰিব লাগিব।

প্ৰথমটো হৈছে কেন্দ্ৰ চৰকাৰৰ তৰফৰ পৰা আইঅ’এছ আৰু এণ্ড্ৰইড প্লেটফৰ্মক নিজৰ এপষ্টোৰৰ পৰা এক নিৰ্ধাৰিত সময়ৰ ভিতৰত সেয়া আঁতৰাবলৈ নিৰ্দেশ দিব লাগিব। এনে কৰাৰ ফলত ভাৰতৰ লোকেশ্যনত কোনেও উক্ত এপসমূহ ডাউনলোড কৰিব নোৱাৰিব। 

দ্বিতীয়টো হৈছে যিসকল লোকৰ ফোনত ইতিমধ্যে এপসমূহ ইনষ্টল হৈ আছে সেয়া বন্ধ বা নিষ্ক্ৰিয় কৰি দিয়াতো। ইয়াৰ বাবে চৰকাৰে ইণ্টাৰনেট ছাৰ্ভিচ প্ৰভাইডাৰসমূহক ডাউনলোড হৈ থকা এপসমূহৰ সেৱা বন্ধ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিব লাগিব। পৰিসংখ্যা মতে ভাৰতত অতি কমেও ৫০ কোটি স্মাৰ্টফোন ব্যৱহাৰকাৰী আছে আৰু ইয়াৰে ৩০ কোটি লোকে কালি নিষিদ্ধ ঘোষণা কৰা এপসমূহৰ কোনো নহয় কোনো এবিধ এপ ব্যৱহাৰ কৰি আহিছে।

তৃতীয়তে চৰকাৰে স্মাৰ্টফোন ব্যৱহাৰকাৰীসকলক উক্ত এপসমূহৰ ব্যৱহাৰ নকৰিবলৈ নিৰ্দেশ দিব পাৰে বা আহ্বান জনাব পাৰে। কিন্তু চৰকাৰী নিৰ্দেশত বৰ্তমানলৈ তেনে কোনো প্ৰসংগৰ উল্লেখ নাই। চৰকাৰী আদেশত উক্ত এপসমূহ ডাউনলোড আৰু ব্যৱহাৰ কৰাতো বে-আইনী বুলিও কোৱা হোৱা নাই। সেয়ে উক্ত নিৰ্দেশলৈ চাই বিশেষজ্ঞ বিৰাগে চৰকাৰে গুগল, এপল আৰু ইণ্টাৰনেট ছাৰ্ভিচ প্ৰভাইডাৰৰ জৰিয়তেই এপসমূহ নিষিদ্ধ কৰিব বিচাৰিছে বুলি ধাৰণা কৰিছে।

এই এপসমূহ বন্ধ কৰাৰ চতুৰ্থ উপায় হৈছে ২০১৮ চনত পৰ্ণ ৱেবছাইটসমূহৰ দৰেকৈ এপসমূহৰ মূল ৱেবছাইটসমূহ ব্লক কৰি দিয়াতো। অৱশ্যে ৱেবছাইটৰ ক্ষেত্ৰত যেনেধৰণেই নিষিদ্ধ নকৰক কিয় পিছদুৱাৰেৰে ইয়াক কোনো নহয় কোনো প্ৰকাৰে খুলিব পৰাৰ ব্যৱস্থা কৰি ল’ব পাৰি বুলিও মন্তব্য কৰে আইটি এক্ট বিশেষজ্ঞগৰাকীয়ে।

তেওঁ আৰু কয় যে নিষিদ্ধ ঘোষণা কৰাৰ পিছতো এই এপসমূহৰ ব্লেক ভাৰ্ছন উপলব্ধ হোৱাৰ সম্ভাৱনা থাকে। সেয়ে চৰকাৰক উক্ত বিষয়ত গুৰুত্ব দিবলৈকো তেওঁ পৰামৰ্শ আগবঢ়াইছে। অৱশ্যে তেওঁ এইটোও কৈছে যে ব্লেক ভাৰ্ছনৰ জৰিয়তে কোম্পানীসমূহে আৰু আগৰ দৰেকৈ মুনাফা লাভ কৰিব নোৱাৰে।

পৰ্ণ ৱেবছাইট ভাৰতত নিষিদ্ধ হ’লনে?

২০১৮ চনৰ অক্টোবৰত আদালতৰ নিৰ্দেশ অনুযায়ী ভাৰতৰ তথ্য সম্প্ৰচাৰ মন্ত্ৰণালয়ে ইণ্টাৰনেট ছাৰ্ভিচ প্ৰভাইডাৰসমূহক ৮২৭ টা পৰ্ণ ৱেবছাইট ব্লক কৰিবলৈ আদেশ প্ৰদান কৰে। উক্ত আদেশ চৰকাৰে উচ্চতম ন্যায়ালয়ৰ এক ৰায়ৰ অন্তত ২০১৫ চনতো প্ৰদান কৰিছিল। কিন্তু সেয়া সম্পূৰ্ণৰূপে কাৰ্যকৰী হোৱা নাছিল।

২০১৮ চনত ইণ্টাৰনেট ছাৰ্ভিচ প্ৰভাইডাৰসমূহে চৰকাৰৰ উক্ত নিৰ্দেশ কাৰ্যকৰী কৰে। ফলত ভাৰতত এদিনমানৰ বাবে পৰ্ণৱেবছাইটসমূহ ভিজিট কৰিব পৰা হোৱা নাছিল। কিন্তু এদিন পিছতে অধিকাংশ পৰ্ণবেৱছাইটে ডমেইন সলনি কৰি ভাৰতীয় ভিউৱাৰ্ছসকলৰ বাবে ৱেবছাইটৰ ছেকেণ্ড কপি পাব্লিছ কৰে। লগে লগে আকৌ আগৰ দৰেকৈ ভাৰতীয় লোকসকলে পৰ্ণৱেবছাইট ভিজিট কৰাতো সম্ভৱ হৈ উঠে। 

এপসমূহক কিয় নিষিদ্ধ কৰা হ’ল?

আন এগৰাকী চাইবাৰ বিশেষজ্ঞ তথা নেশ্যনেল চাইবাৰ ছিকিউৰিটিৰ প্ৰাক্তন কো-অৰ্ডিনেটৰ গুলচন ৰায়ে জনোৱা মতে বহু কথা অস্পষ্ট হ’লেও এপসমূহক কিয় নিষিদ্ধ কৰা হৈছে সেয়া নিৰ্দেশনাটোত স্পষ্টকৈ উল্লেখ কৰা আছে। 'ভাৰত চৰকাৰে আদেশটোত স্পষ্টকৈ কৈছে যে উক্ত এপ কোম্পানীকেইটাই আইটি এক্টৰ ডাটা আৰু প্ৰাইভেচীৰ নিয়মাৱলী উলংঘা কৰিছে বাবে নিষিদ্ধ ঘোষণা কৰা হৈছে।’-গুলচনে কয়। 

বিবিচিৰ লগতে আন কেবাটাও সংবাদ প্ৰতিষ্ঠানক তেওঁ আৰু কয়, 'কোম্পানীকেইটাৰ বিৰুদ্ধে চৰকাৰৰ ওচৰত এই সন্দৰ্ভত একাধিক অভিযোগ আৰু তথ্য-প্ৰমাণ থাকিব পাৰে। গতিকে এতিয়া কোম্পানীকেইটাই চৰকাৰৰ সৈতে আলোচনাত মিলিত হৈ চৰকাৰী নিয়ম পালনৰ সম্পূৰ্ণ প্ৰতিশ্ৰুতি প্ৰদান কৰিলে পুনৰ নিষেধাজ্ঞা উঠাই লোৱাৰ সম্ভাৱনাও নথকা নহয়।’

নেশ্যনেল চাইবাৰ ছিকিউৰিটিৰ প্ৰাক্তন কো-অৰ্ডিনেটৰগৰাকীৰ মতে নিষেধাজ্ঞা ঘোষণা কৰিলেও সেই নিষেধাজ্ঞাক বাইপাছ কৰি ভাৰতত কাম চলাই যোৱাৰ একাধিক উপায় ইচ্ছা কৰিলে এপসমূহে গ্ৰহণ কৰিব পাৰে। কিন্তু এনে কৰিলে এপসমূহৰ ভাৱমূৰ্তি ম্লান হোৱাতো নিশ্চিত। সেয়ে চৰকাৰৰ সৈতে আলোচনা কৰি কোম্পানীকেইটাই নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰিবলৈ আবেদন জনোৱাৰ সম্ভাৱনাই অধিক বুলিও তেওঁ মন্তব্য কৰে।

আন এগৰাকী চাইবাৰ বিশেষজ্ঞ পৱন দুগ্গলে কৈছে যে এপ নিষিদ্ধ ঘোষণা কৰাতো সহজ, কিন্তু সেয়া কাৰ্যকৰী কৰাতো যথেষ্ট কঠিন। 'যেতিয়াই এনে নিষেধাজ্ঞা ঘোষণা কৰা হয়, তেতিয়া আচলতে এপবোৰৰ ব্যৱহাৰ বৃদ্ধিহে পায়। নিষিদ্ধ ঘোষণা কৰাৰ পিছত ভিপিএনৰ জৰিয়তে ইয়াৰ ব্যৱহাৰ বৃদ্ধি পাব। লগতে যেতিয়াই নিষেধাজ্ঞা প্ৰত্যাহাৰ হ’ব তেতিয়াই উৎসুকতাৰ বাবে ইয়াক আগতকৈও অধিক লোকে ব্যৱহাৰ কৰিবলৈ ল’ব।’-দুগ্গলে কয়।

'আচলতে ইণ্টাৰনেট বস্তুটোৱেই হৈছে বিশ্বভিত্তিক। সেয়ে চীনে কঠোৰতকৈয়ো কঠোৰ ফায়াৰৱেলৰ জৰিয়তেও আমেৰিকান এপসমূহৰ ব্যৱহাৰ সম্পূৰ্ণৰূপে বন্ধ কৰিব পৰা নাই। গতিকে ফায়াৰৱেল নথকা ভাৰতত এনে কৰাতো কিমান কঠিন সেয়া নকলেও হ’ব।’-দুগ্গলৰ মন্তব্য।

নিষিদ্ধ ঘোষণাৰ নিৰ্দেশ অমান্য কৰিলে কি হ’ব পাৰে?

ভাৰতীয় আইন মতে এপ বেন কৰাৰ অধিকাৰ সম্পূৰ্ণৰূপে কেন্দ্ৰ চৰকাৰৰ হাতত থাকে। কিন্তু আইন-শৃংখলা বিষয়ত ৰাজ্য চৰকাৰসমূহৰ গুৰুত্ব অধিক। তথ্য প্ৰযুক্তি আইন অনুযায়ী যিসমূহ কোম্পানীয়ে নিষেধাজ্ঞাৰ নিৰ্দেশ আওকাণ কৰিব সেই কোম্পানীৰ বিৰুদ্ধে আইনৰ ৬৬ আৰু ৪৩ নং ধাৰাৰ অধীনত গোচৰ ৰুজু হ’ব পাৰে। 

এই ধাৰাত গোচৰ ৰুজু হ’লে কোম্পানীৰ সৈতে জড়িতসকলৰ ৩ বছৰৰ জেল আৰু ৫ লাখ টকা পৰ্যন্ত জৰিমনা বিহাৰ বিধান আছে। অৱশ্যে এই গোচৰত অভিযুক্তই জামিনো পাব পাৰে। কিন্তু যিসকল লোকৰ ফোনত ইতিমধ্যে এপবিধ ইনষ্টল হৈ আছে আৰু নিষিদ্ধ ঘোষণা কৰাৰ পিছতো ব্যৱহাৰ কৰি আছে তেনে লোকৰ বিৰুদ্ধে আইটি এক্টত কোনোধৰণৰ শাস্তিমূলক ব্যৱস্থাৰ উল্লেখ নাই। অৰ্থাৎ নিষিদ্ধ ঘোষিত হ’লেও যদিহে ইতিপূৰ্বে ইনষ্টল হৈ থকা এপ আপুনি ব্যৱহাৰ কৰি থাকে তেন্তে আপুনি অপৰাধী হিচাপে বিবেচিত নহ’ব।

চৰকাৰী নিষেধজ্ঞাক লৈ কি ক’লে টিকটক ইণ্ডিয়াই?

টিকটক ইণ্ডিয়াই চৰকাৰী নিৰ্দেশৰ পিছতে নিজৰ তৰফৰ পৰা প্ৰতিক্ৰিয়া ব্যক্ত কৰি কৈছে যে তেওঁলোকে ভাৰত চৰকাৰৰ পৰা এই সন্দৰ্ভত অন্তৱৰ্তীকালীন এক আদেশ লাভ কৰিছে। চৰকাৰী উক্ত আদেশ কাৰ্যকৰী কৰিবলৈ কাম আৰম্ভ কৰি থকা হৈছে বুলিও বিবৃতিযোগে জনাইছে টিকটক ইণ্ডিয়াৰ মূৰব্বী নিখিল গান্ধীয়ে।

'আমি চৰকাৰক আমাৰ মতামত দাঙি ধৰিবলৈ চেষ্টা অব্যাহত ৰাখিছো। টিকটকে ডাটা আৰু প্ৰাইভেচীৰ ক্ষেত্ৰত সম্পূৰ্ণৰূপে ভাৰতীয় আইনৰ নিয়মসমূহ পালন কৰি আহিছে। আমি ভাৰতীয়সকলৰ ডাটা কোনো বিদেশী ৰাষ্ট্ৰৰ চৰকাৰৰ সৈতে শ্বেয়াৰ কৰাৰ প্ৰশ্নই উঠিব নোৱাৰে। আনকি কোনো তথ্যই আমি চীন চৰকাৰকো অৱগত কৰোৱা নাই। আমি ইউজাৰৰ গোপনীয়তাক সন্মান কৰো।’-এইদৰে কয় নিখিল গান্ধীয়ে।

তেওঁ আৰু কয়, 'ভাৰত চৰকাৰে ৫৯ টা এপ নিষিদ্ধ কৰিবলৈ অন্তৱৰ্তীকালীন আদেশ জাৰি কৰিছে। ভাৰত চৰকাৰৰ নিয়ম অনুযায়ী বাইটডেন্স টীমৰ ২০০০ লোকে ভাৰতত কাম কৰি আছে। এইসকলৰ দুই-এজনক বাদ দি সকলোৱেই ভাৰতীয়। আমি গৰ্বিত যে ভাৰতত আমাৰ কেবাকোটি ইউজাৰ্ছ আছে।’ 

'টিকটকে ইণ্টাৰনেটৰ গণতান্ত্ৰিক ৰূপক ভাৰতত বিশেষ মাত্ৰা প্ৰদান কৰিছে। আমাৰ এপবিধ ১৪ টা ভাৰতীয় ভাষাত উপলব্ধ। ভাৰতত কেবাকোটি লোকে ইয়াক ব্যৱহাৰ কৰি আহিছে। টিকটক হৈছে সেইসকলৰ বাবে এক উপযুক্ত মঞ্চ যিসকলৰ প্ৰতিভা অৱহেলিত হৈ আহিছে। টিকটকৰ এনে ইউজাৰ্ছো অলেখ আছে যিয়ে টিকটক ব্যৱহাৰ কৰাৰ পিছতহে ইণ্টাৰনেটনো কি সেয়া ভালদৰে জানিব পাৰিছে।’-চৰকাৰৰ সৈতে বিষয়টো আলোচনা কৰিব বুলি উল্লেখ কৰি এইদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰে টিকটক ইণ্ডিয়াৰ ভাৰতীয় মূৰব্বীগৰাকীয়ে।

অন্তৱৰ্তীকালীন আদেশনো কি?

অন্তৱৰ্তীকালীন আদেশ সম্পূৰ্ণ আদেশ নহয়। এয়া হৈছে একপ্ৰকাৰৰ অস্থায়ী আদেশ। আইটি এক্ট বিশেষজ্ঞ বিৰাগ গুপ্তাৰ মতে এই আদেশক আইনী আদেশৰ ৰূপ দিবলৈ এখন বিশেষ কমিটিয়ে অনুমোদন জনাব লাগিব আৰু তেতিয়াহে ই সম্পূৰ্ণ আদেশত পৰিণত হ’ব।

চৰকাৰৰ এই অন্তৱৰ্তীকালীন আদেশ সন্দৰ্ভত ইণ্টাৰনেটৰ মুক্ত স্বাধীনতাৰ হকে মাত মাতি অহা আন্তৰ্জাতিক সংস্থা ইণ্টাৰনেট ফ্ৰীডম ফাউণ্ডেশ্যনৰ ভাৰতীয় প্ৰতিনিধিসকলেও কৈছে যে সোমবাৰৰ নিশাৰ আদেশ প্ৰকৃততে কোনো আইনী নিৰ্দেশ নহয়। এনে নিৰ্দেশৰ জৰিয়তে চৰকাৰে লোকসকলৰ ইণ্টাৰনেট ব্যৱহাৰৰ স্বাধীনতাৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে বুলিও মন্তব্য কৰে সংস্থাটোৰ বিষয়ববীয়াসকলে।

'এয়া ধাৰা ৬৯এৰ অধীনত জাৰি কৰা কোনো আইনী নিৰ্দেশ নহয়। নাগৰিকসকলৰ গোপনীয়তা আৰু তথ্যৰ সুৰক্ষাৰ বিষয়টো গুৰুত্বপূৰ্ণ। কিন্তু এইবোৰ বিষয় ইণ্টাৰনেট কোম্পানী এটাই উলংঘা কৰিছে নে নাই আৰু যদি কৰিছে সেয়া চৰকাৰে আইনীভাৱে নাইকিয়া কৰিব পাৰে। কিন্তু তাকে নকৰি কোটি কোটি ইউজাৰৰ ইণ্টাৰনেট ব্যৱহাৰৰ স্বাধীনতাত হস্তক্ষেপ কৰি এপ নিষিদ্ধ ঘোষণা কৰাতো ইণ্টাৰনেট ব্যৱহাৰৰ স্বাধীনতাৰ প্ৰতি একপ্ৰকাৰৰ ভাবুকি।’-এইদৰে কয় ইণ্টাৰনেট ফ্ৰীডম ফাউণ্ডেশ্যনৰ ভাৰতীয় এক্টিভিষ্টসকলে।

চাইবাৰ বিশেষজ্ঞ চলমান বাৰিছৰ মতে এই নিৰ্দেশৰ অৰ্থ টিকটক আৰু বাকী এপসমূহ সম্পূৰ্ণৰূপে বন্ধ হৈ যোৱাতো নহয়। 'নিৰ্দেশ লাভ কৰাৰ পিছত চৰকাৰৰ ওচৰত এপসমূহৰ মূল কোম্পানীয়ে ৪৮ ঘণ্টাৰ ভিতৰত নিজৰ মতামত দাঙি ধৰিব লাগিব। তেওঁলোকৰ বিৰুদ্ধে উত্থাপিত অভিযোগ যে অসত্য সেয়াও তেওঁলোকে তথ্য সহকাৰে চৰকাৰক জনাব পাৰিব। যদিহে চৰকাৰে কথা নুশুনে তেন্তে কোম্পানীসমূহে আদালতলৈ যাব পাৰিব।’-বাৰিছৰ মন্তব্য। 

এপ নিষিদ্ধ কৰাৰ ফলত চীনৰ ক্ষতি হ’বনে?

বহুতেই মন্তব্য কৰিছে যে ৫৯ টা চীনা এপ নিষিদ্ধ কৰাৰ পিছত ভাৰত লাভান্বিত হ’ব আৰু চীনৰ যথেষ্ট আৰ্থিক ক্ষতি হ’ব। কিন্তু প্ৰকৃততে এয়া কিমান সত্য? আন্তৰ্জাতিক বজাৰ বিশেষজ্ঞসকলৰ মতে ভাৰতে চীনা এপ নিষিদ্ধ কৰাৰ ফলত বা চীনা সামগ্ৰী বৰ্জন কৰাৰ ফলত চীনৰ ক্ষতি বেজীৰ ফুটাটোৰ সমানো নহয়। কিয়নো চীনৰ উৎপাদিত সামগ্ৰীৰ বজাৰখন কোনোপধ্যে একমাত্ৰ ভাৰতৰ ওপৰত নিৰ্ভৰশীল নহয়। 

২০১৯ চনৰ তথ্য অনুযায়ী ভাৰতীয় বজাৰলৈ চীনৰ উৎপাদিত সামগ্ৰীৰ মাত্ৰ ২-৩ শতাংশহে ৰপ্তানি হয়। কিন্তু ভাৰতৰ পৰা চীনলৈ ৰপ্তানি হোৱা সামগ্ৰীৰ পৰিমাণ হৈছে দেশৰ মুঠ ৰপ্তানিৰ ১৪ শতাংশতকৈয়ো অধিক। একেদৰে ভাৰতৰ পৰা কৰা আমদানিয়ো হৈছে চীনৰ মুঠ আমদানিৰ মাত্ৰ ১ শতাংশ। অৰ্থাৎ এয়া স্পষ্ট যে ভাৰতৰ সৈতে ব্যৱসায়িক সম্পৰ্ক বন্ধ হৈ পৰিলেও চীনৰ অৰ্থনীতিত কোনোধৰণৰ গুৰুতৰ প্ৰভাৱ নপৰে।

আনহাতে এপৰ প্ৰসংগলৈ চালে দেখা যায় যে টিকটক তথা আন এপসমূহৰ ওপৰত চীনৰ অৰ্থনীতি মুঠেই নিৰ্ভৰশীল নহয়। চীনা এপসমূহে কেৱল আমেৰিকাৰ তথ্য প্ৰযুক্তি কোম্পানীৰ সৈতে যাতে ফেৰ মাৰিব পাৰে তাৰ প্ৰতিহে লক্ষ্য ৰখা দেখা গৈছে। এই নীতিৰে চীনা এপসমূহে চিইঅ’ৰ পৰা আৰম্ভ কৰি শীৰ্ষ পদবীত মাৰ্কিন বা আন কোনো দেশৰ লোককহে নিযুক্তি দি আহিছে। 

চীনা অৰ্থনীতিলৈ এপসমূহৰ কোনোধৰণৰ গুৰুত্বপূৰ্ণ অৱদান নাথাকিলেও বিশ্ব পৰ্যায়ত চীনা প্ৰভাৱ বিস্তাৰ কৰাত যথেষ্ট বৰঙণি আগবঢ়াই আহিছে। সেই হিচাপত ভাৰতত চীনা এপসমূহ নিষিদ্ধ হোৱাৰ ফলত চীনৰ তেনে প্ৰভাৱ বহু পৰিমাণে হ্ৰাস পাব বুলি মন্তব্য কৰিছে বিশেষজ্ঞসকলে। বিশেষকৈ টিকটকে বিগত সময়ছোৱাত ফেচবুকৰ দৰে ছ’চিয়েল মিডিয়া এপকো অতিক্ৰম কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছিল। গতিকে ভাৰতৰ দৰে এখন জনবহুল দেশত নিষিদ্ধ হোৱাৰ পিছত এপবিধৰ তেনে আশাত চেঁচাপানী পৰাতো নিতান্তই স্বাভাৱিক।

কিন্তু তাৎপৰ্যপূৰ্ণ কথা এয়ে যে টিকটকৰ মূল কোম্পানী চীনৰ হ’লেও বৰ্তমান ইয়াৰ মুখ্য কাৰ্যালয় আমেৰিকাতহে অৱস্থিত। একেদৰে টিকটকৰ চিইঅৰ দায়িত্বতো আছে এজন মাৰ্কিন লোক। সেই হিচাপত টিকটকে সমগ্ৰ বিশ্বতে নিত্য নতুন কৌশলেৰে দপদপনি অব্যাহত ৰাখিছে। গতিকে সেই দপদপনি আৰু কৌশলৰ ওচৰত ভাৰতৰ দুৰ্বল আৰু এতিয়াও সম্পূৰ্ণ ৰূপ ল’বলৈ বাকী থকা তথ্য প্ৰযুক্তি আইনে মোকাবিলা কৰিব পাৰিব নে নাই সেই লৈয়ো সন্দেহ ব্যক্ত কৰিছে চাইবাৰ বিশেষজ্ঞসকলে।